Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

২ অক্টোবৰৰ পৰা প্ৰতিখন গাঁৱত কাৰ্যকৰী হ’ব ‘গাঁও পঞ্চায়ত নিৰ্দেশ’

অসমত পৌৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা বিধি, ২০২৬ কাৰ্যকৰী কৰাৰ বাবে এক ব্যাপক বহুমুখী সংস্থাৰ কৌশল আৰম্ভ কৰা হৈছে। আজি গুৱাহাটীত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, স্বচ্ছ ভাৰত অভিযান (নগৰীয়া) আৰু স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ), অসমৰ এক যুটীয়া সংবাদমেলত এই কথা প্ৰকাশ কৰা হয়। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬-ৰ অধীনত পৌৰ...

এছিয়ান গেমছৰ বক্সিঙত লাভলীনা বৰগোঁহাইৰ পদক নিশ্চিত; দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ছেমিফাইনেলত অসম কন্যা

এচিয়ান গেমছৰ ৰিঙত পুনৰ উজ্বলি উঠিল অসম কন্যা তথা অলিম্পিক পদক বিজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই। জাপানী চহৰ নিচিঅ’ত চলি থকা এছিয়ান গেমছৰ মহিলা বক্সিং প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াৰ ছিয়ং চুয়নক একপক্ষীয়ভাৱে পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে পদক নিশ্চিত কৰে লাভলীনাই। সোমবাৰে অনুষ্ঠিত ৭৫ কেজি ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলৰ খেলখনত ভাৰতীয় তাৰকাগৰাকীয়ে ৫-০ ব্যৱধানত সহজ বিজয়...

চাকৰিৰ আশাত সময় নষ্ট নকৰি ই-ৰিক্সা চলাবলৈ যুৱপ্ৰজন্মক আহ্বান; উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকৰ মন্তব্যক লৈ দেশজুৰি বিতৰ্ক

চাকৰিৰ আশাত সময় নষ্ট নকৰিব, তাতকৈ ই-ৰিক্সা চলাওক। – যুৱ প্ৰজন্মলৈ এই আহ্বান উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকৰ। যোৱা ২৩ ছেপ্টেম্বৰত লক্ষ্ণৌত ‘ভাৰত টেক্সি’ সেৱাৰ শুভ উদ্বোধন কৰি এই বিচিত্ৰ মন্তব্য কৰিলে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি তেওঁ পৰম্পৰাগত চাকৰিৰ পিছত দৌৰি সময় অপচয় নকৰি নিজাকৈ টেক্সি বা ই-ৰিক্সা ক্ৰয় কৰি আত্মনিৰ্ভৰশীল হ’বলৈ যুৱক-যুৱতীসকলক পৰামৰ্শ...

পিঠিত ওলমি থকা গীটাৰকে মানুহ ভাবিলে এআই কেমেৰাই! হেলমেট নিপিন্ধাৰ অপৰাধত ৫০০ টকাৰ চালান ভৰিবলগীয়া হ’ল চালকে

কৃত্ৰিম বুদ্ধিমত্তা বা এআই প্ৰযুক্তিৰ এক অদ্ভুত কাণ্ডই চকু কপালত তুলিছে বাংগালুৰুৰ এজন সাধাৰণ নাগৰিকৰ। দুচকীয়া বাহনত পিঠিত এটা গীটাৰ ওলমাই যাত্ৰা কৰা এজন যুৱকৰ বিৰুদ্ধে হঠাৎ জাৰি হ’ল ৫০০ টকাৰ যান-বাহন জৰিমনাৰ জাননী। পথৰ স্বয়ংক্ৰিয় এআই কেমেৰাই যুৱকজনৰ পিঠিত থকা গীটাৰটোক হেলমেট পৰিধান নকৰা এগৰাকী আৰোহী বুলি ধাৰণা কৰাৰ ফলতেই এই বিচিত্ৰ পৰিস্থিতিৰ উদ্ভৱ...

বিয়াৰ দিনাই ভয়ংকৰ সিদ্ধান্ত নৱবিবাহিত দৰাৰ! কাছাৰাৰ বৰখলাত তীব্ৰ চাঞ্চল্য

বিয়াৰ আনন্দ-উল্লাসৰ মাজতেই এটা পৰিয়াললৈ নামি আহিল চৰম অন্ধকাৰ। বিবাহ অনুষ্ঠান সম্পন্ন কৰাৰ ঠিক পিছতেই নৱবিবাহিত দৰাই আত্মঘাতী হোৱাৰ এক মৰ্মান্তিক ঘটনাই স্তম্ভিত কৰি তুলিছে সমগ্ৰ কাছাৰ জিলাক। জিলাখনৰ বৰখলা সমষ্টিৰ অন্তৰ্গত চান্দপুৰ বেলাকোনা গাঁৱত দেওবাৰে সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। মৃত যুৱকজনক চান্দপুৰ বেলাকোনাৰ বাসিন্দা ৰুহুল আলম চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। কন্যাৰ গৃহত...

মৰ্মান্তিক! মেঘালয়ত চেপ্তিক টেংক চাফা কৰিবলৈ নামি প্ৰাণ গ’ল অসমৰ ৪ শ্ৰমিকৰ, উদ্ধাৰৰ বাবে গৈ অচেতন দুই অগ্নিবীৰ

চেপ্তিক টেংক চাফা কৰিবলৈ নামি বিষাক্ত গেছৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল অসমৰ চাৰিজনকৈ শ্ৰমিকে। মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ অন্তৰ্গত বাঘমাৰাৰ ৰাংডকৰাম অঞ্চলত দেওবাৰে বিয়লি সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। এটা ভূগৰ্ভস্থ চেপ্তিক টেংকৰ ঢাকনি খুলিবলৈ চেষ্টা কৰাৰ সময়তেই টেংকটোৰ পৰা নিৰ্গত হোৱা মাৰাত্মক গেছৰ প্ৰভাৱত এই শ্ৰমিককেইজনৰ থিতাতে প্ৰাণনাশ ঘটে। প্ৰাপ্ত তথ্য...

কৰ্কট ৰোগৰ গৱেষণা – অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এম এছ চি পাঠ্যক্ৰম ; বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি

উত্তৰ পূবৰ আন কেবাখনো ৰাজ্যৰ লগতে  অসমৰ  কেবাখনো জিলাতো অতি উদ্বেগজনক ভাবে বৃদ্ধি পাইছে কৰ্কট ৰোগ। আনকি ৰাষ্ট্ৰীয় গড়তকৈ অসমত কৰ্কট ৰোগত আক্ৰান্ত লোকৰ লগতে মৃত্যু হোৱা লোকৰো সংখ্যা অধিক বুলি ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়েও সময়ে সময়ে প্ৰতিবেদন প্ৰকাশ কৰি আহিছে। ইফালে গুৱাহাটী বিশ্ববিদ্যালয কৰ্তৃপক্ষই অসমত বৰ্দ্ধিত কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি  বায়ো ইঞ্জিনিয়াৰিং...

অৰ্থডক্স চাহৰ ৰপ্তানিত চমক: গুৱাহাটী চাহ নিলাম কেন্দ্ৰত চাহৰ বিক্ৰী আৰু মূল্য বৃদ্ধি

বিশ্বৰ অন্যতম প্ৰভাৱশালী চাহ নিলাম কেন্দ্ৰ তথা পৰিমাণৰ ফালৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম চিটিচি (CTC) চাহ নিলাম প্লেটফৰ্ম গুৱাহাটী চাহ নিলাম কেন্দ্ৰই (GTAC) ইয়াৰ কাৰ্যকালৰ ৫৬ বছৰ সম্পূৰ্ণ কৰিছে। ই অসমৰ চাহ উদ্যোগৰ বাবে আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। অসমৰ চাহ উৎপাদকসকলক এক সমৰ্পিত বিপণন মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা জিটিএচিয়ে...

আশুতোষ ৰাংকাকে ধৰি CJP নেতাসকল এতিয়াও আটক, কাইলৈ অসমলৈ আহিব অভিজিৎ ডিপকে!

ককৰোচ জনতা পাৰ্টিৰ (CJP) সহ-আহ্বায়ক আশুটোষ ৰাংকা আৰু দলটোৰ অন্যান্য নেতাসকলক আটক কৰি ৰখা কাৰ্যক লৈ দেওবাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰে ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাই। তেওঁ অভিযোগ কৰা অনুসৰি, সমৰ্থক, অধিবক্তা আৰু পৰিয়ালৰ সদস্যসকলক তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিবলৈ অনুমতি দিয়া হোৱা নাই। আটক কৰি থোৱা স্থানৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে কথা পাতি বৰাই কয়...

পশ্চিমবংগৰ ৰাজ্যসভাৰ বিজেপি সাংসদ অনন্ত মহাৰাজৰ কামাখ্যা দখল অভিযান

শক্তিপীঠ  মা কামাখ্যা  মন্দিৰ  চৌহদত চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ ৰাজ্যসভাৰ বিজেপিৰ সাংসদ আৰু নিজকে মহাৰাজ  বিশ্বসিংহ নৰনাৰায়ণৰ বংশধৰ বুলি দাবী কৰি অহা  অনন্ত মহাৰাজে  চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোঁচবিহাৰৰ উপৰিও গোৱালপাৰা , ধুবুৰী, বঙাইগাওঁ, কোকৰাঝৰ , চিৰাং আদি জিলাৰ সাত সহস্ৰাধিক ভক্ত – সমৰ্থকক লগত লৈ ২৩ ছেপ্টেম্বৰত পুৱাৰ ভাগত পূৰ্ব পৰিকল্পিত সংঘটিত কৰা ঘটনা প্ৰবাহে সম্প্ৰতি...
1 … 7 8 9 10 11 … 48

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us