অসম ক্ৰিকেটৰ বাবে গৌৰৱৰ মুহূৰ্ত: বিচিচিআই সম্পাদক দেৱজিৎ শইকীয়াক অসম ক্ৰিকেট সন্থাৰ ধন্যবাদ
প্ৰাক্তন অসমৰ দ্ৰুত বলাৰ কৃষ্ণ দাসক বিচিচিআইৰ জুনিয়ৰ বাছনি সমিতিৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। ক্ৰিকেট উপদেষ্টা সমিতিয়ে চলোৱা বাছনি প্ৰক্ৰিয়াৰ পিছত এই নিযুক্তি দিয়া হয়। বৰপেটাৰ কৃষ্ণ দাসে ঘৰুৱা ক্ৰিকেটত উজ্জ্বল কেৰিয়াৰ গঢ়িছিল, তেওঁ ৪৯ খন প্ৰথম শ্ৰেণীৰ মেচ খেলি ১৬৬ টা উইকেট দখল কৰিছিল। তেওঁ অনূৰ্ধ্ব-১৯ আৰু ভাৰত ‘এ’ দলতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।...








