Trending:
/ Oct 03, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

পিঠিত ওলমি থকা গীটাৰকে মানুহ ভাবিলে এআই কেমেৰাই! হেলমেট নিপিন্ধাৰ অপৰাধত ৫০০ টকাৰ চালান ভৰিবলগীয়া হ’ল চালকে

Table of Content

কৃত্ৰিম বুদ্ধিমত্তা বা এআই প্ৰযুক্তিৰ এক অদ্ভুত কাণ্ডই চকু কপালত তুলিছে বাংগালুৰুৰ এজন সাধাৰণ নাগৰিকৰ। দুচকীয়া বাহনত পিঠিত এটা গীটাৰ ওলমাই যাত্ৰা কৰা এজন যুৱকৰ বিৰুদ্ধে হঠাৎ জাৰি হ’ল ৫০০ টকাৰ যান-বাহন জৰিমনাৰ জাননী। পথৰ স্বয়ংক্ৰিয় এআই কেমেৰাই যুৱকজনৰ পিঠিত থকা গীটাৰটোক হেলমেট পৰিধান নকৰা এগৰাকী আৰোহী বুলি ধাৰণা কৰাৰ ফলতেই এই বিচিত্ৰ পৰিস্থিতিৰ উদ্ভৱ হয়।

ভুক্তভোগী সৌভিক দত্ত নামৰ ব্যক্তিজনে যোৱা ১৫ ছেপ্টেম্বৰত পত্নীৰ দুচকীয়া বাহন চলাই মহানগৰীখনৰ মাজেৰে অকলেই গৈ আছিল। সেই সময়ত তেওঁ নিয়ম অনুসৰি সঠিকভাৱে হেলমেট পৰিধান কৰিছিল আৰু পিঠিত ওলোমাই লৈছিল এখন গীটাৰ। কিন্তু পথৰ নিৰীক্ষণ কেমেৰাত সেই দৃশ্য বন্দী হোৱাৰ পিছতেই তেওঁৰ পত্নীৰ নামত ৫০০ টকাৰ যান-বাহন চালান প্ৰেৰণ কৰে মহানগৰ আৰক্ষীয়ে।

চালানখনত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে বাহনখনৰ পিছফালৰ আৰোহীগৰাকীয়ে কোনো হেলমেট পৰিধান কৰা নাছিল। এনে বিসংগতি প্ৰত্যক্ষ কৰি স্তম্ভিত হৈ পৰা সৌভিকে কেমেৰাত ধৰা পৰা আলোকচিত্ৰসহ সমগ্ৰ বিষয়টো সামাজিক মাধ্যম ‘এক্স’ৰ জৰিয়তে ৰাজহুৱা কৰে।

বাংগালুৰু যান-বাহন আৰক্ষীক টেগ কৰি সৌভিকে ব্যংগাত্মকভাৱে প্ৰশ্ন তোলে এআই প্ৰযুক্তিৰ সঠিকতাক লৈ। তেওঁ উল্লেখ কৰে যে বাহনখনত তেওঁ অকলশৰে গৈ আছিল আৰু পিঠিত মাত্ৰ এখন গীটাৰহে ওলমি আছিল, গতিকে আৰক্ষীয়ে এই অযৌক্তিক চালান তৎকালে বাতিল কৰা উচিত।

পোষ্টটো সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হোৱাৰ পিছত বাংগালুৰু যান-বাহন আৰক্ষী সক্ৰিয় হৈ পৰে। আৰক্ষীয়ে এই ভুল সংশোধনৰ বাবে আবেদন জনাবলৈ নিৰ্দিষ্ট ই-মেইল ঠিকনা আৰু যোগাযোগ নম্বৰ প্ৰদান কৰি ঘটনাটো পুনৰীক্ষণ কৰাৰ আশ্বাস প্ৰদান কৰে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us