Trending:
/ Oct 03, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

চাকৰিৰ আশাত সময় নষ্ট নকৰি ই-ৰিক্সা চলাবলৈ যুৱপ্ৰজন্মক আহ্বান; উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকৰ মন্তব্যক লৈ দেশজুৰি বিতৰ্ক

Table of Content

চাকৰিৰ আশাত সময় নষ্ট নকৰিব, তাতকৈ ই-ৰিক্সা চলাওক। – যুৱ প্ৰজন্মলৈ এই আহ্বান উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকৰ। যোৱা ২৩ ছেপ্টেম্বৰত লক্ষ্ণৌত ‘ভাৰত টেক্সি’ সেৱাৰ শুভ উদ্বোধন কৰি এই বিচিত্ৰ মন্তব্য কৰিলে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি তেওঁ পৰম্পৰাগত চাকৰিৰ পিছত দৌৰি সময় অপচয় নকৰি নিজাকৈ টেক্সি বা ই-ৰিক্সা ক্ৰয় কৰি আত্মনিৰ্ভৰশীল হ’বলৈ যুৱক-যুৱতীসকলক পৰামৰ্শ আগবঢ়ায়।

উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দিনটোত মাত্ৰ চাৰি ঘণ্টা সময় টেক্সি চলাই এজন ব্যক্তিয়ে নিজৰ পৰিয়ালক পৰ্যাপ্ত সময় দিয়াৰ লগতে সন্মানজনক উপাৰ্জনো কৰিব পাৰে। চৰকাৰী বা বেচৰকাৰী চাকৰিত আৱদ্ধ হৈ থকাতকৈ এনে স্ব-নিয়োজনৰ জৰিয়তে স্বাধীনতা লাভ কৰিব পাৰি বুলি তেওঁ যুক্তি দৰ্শায়।

যুৱসমাজক উদ্দেশ্যি উপ-মুখ্যমন্ত্ৰী পাঠকে কয়, “চাকৰিৰ চক্ৰবেহুত নোসোমাব, নিজাকৈ চাৰি ঘণ্টা গাড়ী চলাওক আৰু দুপৰীয়া সন্তানৰ সৈতে সময় কটাওক। চাকৰি কৰিলে সন্তানৰ লগত দুঘণ্টা বহিব পাৰিবনে? দিনৰ দুটা বাজিলে নিজৰ ঘৰৰ ওচৰতে শেষৰজন যাত্ৰীক নমাই দিয়ক, ঘৰত আৰাম কৰক, খোৱা-বোৱা কৰক আৰু নিশা দহ বজালৈকে বিশ্ৰাম লওক। উপাৰ্জনৰ প্ৰতিটো পইচা নিজৰ ঘৰৰ হ’ব। আনৰ অধীনত থাকিলে দুপৰীয়া দুইবজাত ঘৰলৈ কেনেকৈ আহিব?”

উপ-মুখ্যমন্ত্ৰীগৰাকীৰ এনে আহ্বানৰ পিছতেই জাঙুৰ খাই উঠিছে বিৰোধী দল আৰু সচেতন নাগৰিক সমাজ। সমাজবাদী পাৰ্টীৰ সাংসদ পুষ্পেন্দ্ৰ সৰোজে উপ-মুখ্যমন্ত্ৰীক তীক্ষ্ণ বাক্যবাণেৰে কটাক্ষ কৰি কয়, “আজিৰ যুৱপ্ৰজন্মই দেশ চলাব। ৰিক্সা চলোৱাৰ যদি আপোনাৰ ইমানেই চখ আছে, তেন্তে মই আপোনাক উপহাৰ হিচাপে এখন পঠিয়াই দিওঁ।”

ইফালে সামাজিক মাধ্যমত সাধাৰণ জনতাই এই বক্তব্যক লৈ ক্ষোভ উজাৰিছে। একাংশ লোকে উপ-মুখ্যমন্ত্ৰীক ৰাজনীতি এৰি নিজৰ সন্তানক ই-ৰিক্সা কিনি দিবলৈ পৰামৰ্শ দিয়াৰ বিপৰীতে আন একাংশই নিবনুৱা সমস্যাৰ জোৰা মৰাৰ নামত এনে মন্তব্য কৰি চৰকাৰে যুৱপ্ৰজন্মৰ ভৱিষ্যতক লৈ উপহাস কৰা বুলি অভিযোগ তোলে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us