Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Sonakshi Sarkar

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

মদ্যপানৰ আসক্তি, মানসিক চাপ আৰু পুনৰুজ্জীৱনৰ যাত্ৰাক লৈ মুখ খুলিলে যুজৱেন্দ্ৰ চাহালে

ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ লেগ-স্পিনাৰ তথা ইণ্ডিয়ান প্ৰীমিয়াৰ লিগৰ সৰ্বাধিক উইকেট দখলকাৰী ক্ৰিকেটাৰ যুজৱেন্দ্ৰ চাহালে মদ্যপানৰ আসক্তি, ব্যক্তিগত জীৱনৰ সংঘাত আৰু মানসিক স্বাস্থ্যৰ সৈতে কৰা কঠিন সংগ্ৰামৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আকাশ চোপ্ৰাৰ এক পডকাষ্টত অংশগ্ৰহণ কৰি ৩৬ বছৰীয়া স্পিনাৰগৰাকীয়ে তেওঁৰ জীৱনৰ অন্যতম কঠিন অধ্যায়ৰ কথা শ্বেয়াৰ কৰে। চাহালে জনায় যে বিবাহবিচ্ছেদৰ...

দিল্লী কেপিটেলছৰ বেটিং প্ৰশিক্ষক হিচাপে যুৱৰাজ সিঙৰ নিযুক্তি

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা অলৰাউণ্ডাৰ যুৱৰাজ সিঙে আসন্ন আই পি এল ২০২৭ সংস্কৰণৰ বাবে দিল্লী কেপিটেলছ দলৰ সহকাৰী তথা বেটিং প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। বিগত কেইটামান বছৰত কেইবাজনো যুৱ ভাৰতীয় খেলুৱৈক পথ প্ৰদৰ্শন কৰাৰ পিছত এয়া হ’ব তেওঁৰ প্ৰথমটো আনুষ্ঠানিক প্ৰশিক্ষণৰ দায়িত্ব।এই নিযুক্তিৰ জৰিয়তে যুৱৰাজৰ দিল্লী ফ্ৰেঞ্চাইজীৰ সৈতে পুনৰ এক সংযোগ ঘটিছে, যিটো...

ইণ্ডিয়া মৰ্চাৰ পদযাত্ৰাক লৈ দিল্লী আৰক্ষীৰ কেইবাটাও গোচৰ পঞ্জীয়ন

বিৰোধী ‘ইণ্ডিয়া’ মৰ্চাই চলোৱা শেহতীয়া প্ৰতিবাদী পদযাত্ৰাক লৈ দিল্লী আৰক্ষীয়ে দুটা গোচৰ পঞ্জীয়ন কৰিছে। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ওলোৱা এই পদযাত্ৰাটো কোনো ধৰণৰ প্ৰশাসনিক অনুমতি অবিহনে অনুষ্ঠিত হৈছিল। পদযাত্ৰাৰ সময়ত এখন ট্ৰাকেৰে আৰক্ষীৰ বেৰিকেড ভাঙি ক্ষতিসাধন কৰাৰ লগতে পথত গ্ৰাফিটি (চিত্ৰ) অঁকাৰো অভিযোগ উত্থাপিত হৈছে। বৰাখাম্বা ৰোড আৰু...

শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত আৰু আজাৰাস্থিত  গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সহযোগত   বিশ্ববিদ্যালয় চৌহদত  দুদিনীয়া কাৰ্যসূচীৰে  ‘বীণা চৌধুৰী শ্ৰীমন্ত শংকৰদেৱ ঐতিহ্য মহোৎসৱ – ২০২৬’ উদযাপন কৰা হয় ।  উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত মহোৎসৱৰ মূল উদ্দেশ্য আছিল নৱ প্ৰজন্মক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে জানিবলৈ আৰু তাক সংৰক্ষণ কৰিবলৈ উৎসাহিত কৰা। মহোৎসৱৰ  উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি...

চিকিৎসাধীন সাহিত্যিক কমলা কান্ত মুছাহাৰীৰ স্বাস্থ্যৰ বুজ ললে মন্ত্রী বিমল বড়াই

অসম চৰকাৰৰ উদ্যোগ,বাণিজ্য,  ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই আজি গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সম্প্ৰতি চিকিৎসাধীন হৈ থকা বড়ো ভাষা সাহিত্যৰ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা সাংস্কৃতিক সংগঠক  কমলা কান্ত  মুছাহাৰীৰ স্বাস্থ্যৰ  বুজ লয়।  বিয়লি চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে চিকিৎসা সন্দৰ্ভত  বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মুছাহাৰীৰ পৰিয়ালৰ লোকসকলৰে  কথা...

সেৱা সংকল্প অভিযানত মাজিৰগাওঁ গাওঁ পঞ্চায়তত ‘অংগন মিলন সেৱা’

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱাৰ ২৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে চলি থকা ‘সেৱা সংকল্প অভিযান’ৰ লগত সংগতি ৰাখি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত  মাজিৰগাওঁ গাওঁ পঞ্চায়তত , বিজেপিৰ বিমানকোঠ মণ্ডলৰ মহিলা মৰ্চাৰ উদ্যোগত মাজিৰগাওঁ গাওঁ পঞ্চায়তৰ  ১৫ টা অংগনৱাড়ী কেন্দ্ৰত ৭ অক্টোবৰত  ‘অংগন মিলন সেৱা’ শীৰ্ষক কাৰ্যসূচী পালন কৰা হয়। কাৰ্যসূচীত ৰামছাৰাণী আঞ্চলিক পঞ্চায়তৰ সদস্যা গীতাঞ্জলি ভূঞা,...

জালুকবাৰী সমষ্টিৰ ১ আৰু ২ নম্বৰ ৱাৰ্ডত ১৪ টা ধৰ্মীয় – ৰাজহুৱা প্ৰতিষ্ঠানত একেদিনাই খোৱাপানী যোগান আঁচনি উদ্ধোধন

সমষ্টি পুনৰ গঠনৰ পাছত পূৰ্বৰ পশ্চিম গুৱাহাটীৰ পৰা নতুনকৈ জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা গুৱাহাটী পৌৰ নিগম এলেকাৰ ১ আৰু ২ নম্বৰ ৱাৰ্ডত ১৪  টা ধৰ্মীয় –  ৰাজহুৱা প্ৰতিষ্ঠানত ৰাইজৰ সহায়ক হোৱাকৈ নতুনকৈ নিৰ্মাণ কৰা হৈছে ১৪ খন পানী যোগান আঁচনি। ইয়াৰে ২ নম্বৰ ৱাৰ্ডত ৮ খন আৰু ১ নম্বৰ ৱাৰ্ডত ৬  খন পানী যোগান...

ভাৰতত মৌচুমী বৃষ্টিপাত হ্ৰাস: পাঁচখন ৰাজ্যত খৰাং ঘোষণা

চলিত বৰ্ষৰ জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ মৌচুমী ঋতু সামৰণি পৰাৰ পিছত ভাৰতত যোৱা এক দশকৰ ভিতৰত আটাইতকৈ কম বৰষুণ ৰেকৰ্ড কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ এজন জ্যেষ্ঠ বিষয়াৰ তথ্য অনুসৰি, এইবাৰ গড় বৰষুণৰ তুলনাত ১২.৬% অৰ্থাৎ প্ৰায় ১৩% বৃষ্টিপাত হ্ৰাস পাইছে। প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সৃষ্টি হোৱা ‘এল নিনো’ পৰিঘটনাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে,...

এছিয়ান গেমছৰ কম্পাউণ্ড আৰ্চাৰীত দুটাকৈ সোণৰ পদক জয় ভাৰতৰ

​এছিয়ান গেমছত ভাৰতীয় আৰ্চাৰসকলে চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখি কম্পাউণ্ড আৰ্চাৰীত দুটাকৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই ঐতিহাসিক সফলতাৰ জৰিয়তে ভাৰতে ২০২৮ চনৰ অলিম্পিক গেমছৰ বাবেও এটা গুৰুত্বপূৰ্ণ কোটা অৰ্জন কৰিছে। চিকিথা তানিপাৰ্থী আৰু সাহিল যাদৱৰ ভাৰতীয় কম্পাউণ্ড মিশ্ৰিত যুটীটোৱে ফাইনেলত দক্ষিণ কোৰিয়াৰ জংয়ুন পাৰ্ক আৰু ছৈ ইউন গিউৰ যুটীক এক অত্যন্ত কঠিন ‘শ্বুট-অফ’ত...

এছিয়ান গেমছ হকী: বাংলাদেশক পৰাস্ত কৰি ছেমিফাইনেলত ভাৰত

ডিফেন্ডিং চেম্পিয়ন ভাৰতীয় পুৰুষ হকী দলে সোমবাৰে অনুষ্ঠিত নিজৰ চূড়ান্ত গ্ৰুপ মেচত বাংলাদেশক ১০-০ ৰ ব্যৱধানত পৰাস্ত কৰি এছিয়ান গেমছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ধাৰাসাৰ বৰষুণ আৰু পানীৰে ভৰি পৰা খেলপথাৰৰ প্ৰত্যাহ্বান নেওচি ভাৰতীয় দলে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়ায়। এই জয়ৰ লগে লগে অহা ১ অক্টোবৰত হ’বলগীয়া ছেমিফাইনেলত চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে মুখামুখি হ’বলৈ সাজু হৈছে ভাৰত। অধিনায়ক...
1 2 3 … 6

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us