Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ এনডিএত মতভেদ; স্বচ্ছতাৰ দাবীত সৰৱ চিৰাগ পাছোৱান, টিডিপি আৰু আৰএলএম

নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সংঘটিত সংঘাতক লৈ দেশজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াই এতিয়া জোকাৰি গৈছে এনডিএ মিত্ৰজোঁটক। কেৱল বিৰোধীয়েই নহয়, মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালীক লৈ এইবাৰ পোনপটীয়াকৈ প্ৰশ্ন তুলিলে বিজেপিৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ সহযোগী দলে। কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি পাৰ্টী (ৰামবিলাস)ৰ মুৰব্বী চিৰাগ পাছোৱানে আয়োগৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ স্পষ্টীকৰণ দাবী কৰাৰ পিছতেই তেলুগু দেশম...

মুখ্য নিৰ্বাচনী আয়ুক্তৰ বাবে ‘কালাপানী’ৰ শাস্তিহে উপযুক্তঃ কিয় ক’লে কংগ্ৰেছ সাংসদ সুখদেৱ ভগতে?

ভোটাৰ তালিকাৰ বিশেষ গভীৰ নিৰীক্ষণ চমুকৈ এছআইআৰ প্ৰক্ৰিয়াক লৈ দেশৰ ৰাজনৈতিক মহলত তীব্ৰ উত্তেজনাময় পৰিস্থিতি চলি থকাৰ মাজতেই মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে নজিৰবিহীনভাৱে সৰৱ হৈ উঠিল কংগ্ৰেছ। শনিবাৰে সংবাদ সংস্থা এএনআইৰ সৈতে বাৰ্তালাপ কৰি কংগ্ৰেছ সাংসদ সুখদেৱ ভগতে মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে সংবিধান উলংঘা কৰি এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ হৈ কাম কৰাৰ গুৰুতৰ অভিযোগ...

১২ ঘণ্টাৰ পেৰ’ল লৈ জেলৰ পৰা ওলাই কম্বোডিয়াৰ প্ৰেয়সীৰে বিবাহপাশত আৱদ্ধ কুখ্যাত গেংষ্টাৰ মেনপাল বাদলী

অপৰাধৰ অন্ধকাৰ জগতৰ পৰা ওলাই আহি হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হ’ল হাৰিয়ানাৰ এজন কুখ্যাত গেংষ্টাৰ। পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ পৰা মাত্ৰ ১২ ঘণ্টাৰ পেৰ’ল লাভ কৰি কম্বোডিয়াৰ পৰা অহা প্ৰেমিকা মেটাচানক পত্নীৰূপে গ্ৰহণ কৰিলে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অপৰাধী মেনপাল ধিল্লা ওৰফে মেনপাল বাদলীয়ে। বৃহস্পতিবাৰে ঝজ্জৰ-গুৰুগ্ৰাম সংযোগী পথৰ দুলীনাৰ এখন ফাৰ্ম হাউচত কটকটীয়া আৰক্ষীৰ বেষ্টনীৰ...

পুনৰ আকাশত মৃত্যুৰ কিৰিলি! সেনাৰ বিমানগ্ৰস্ত হৈ শীৰ্ষ সামৰিক বিষয়াসহ ১৪ গৰাকী আৰোহীৰ কৰুণ মৃত্যু

আকৌ আকাশত উঠিল মৃত্যুৰ কিৰিলি! এইবাৰ আকাশমাৰ্গত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কমেও ১৪ জন লোকে। ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগো চমুকৈ ডি আৰ চিৰ দক্ষিণ-পশ্চিম প্ৰান্তত শুকুৰবাৰে সেনাৰ এখন বিশেষ বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলতেই এই ভয়ংকৰ ট্ৰেজেডী সংঘটিত হয়। নিহতসকলৰ ভিতৰত দেশখনৰ কেইবাগৰাকীও শীৰ্ষ সামৰিক বিষয়া থকা বুলি নিশ্চিত কৰিছে কংগোৰ প্ৰশাসনে। জানিব...

মুখ্য নিৰ্বাচনী আয়ুক্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন; এককভাৱে সিদ্ধান্ত লোৱাৰ অভিযোগ, ১৩ কোটি ভোটাৰ কৰ্তনৰ এছআইটি তদন্তৰ দাবী

সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ ভাৰতীয় নিৰ্বাচন আয়োগৰ ভিতৰচৰাত সৃষ্টি হোৱা তীব্ৰ মতবিৰোধৰ মাজতে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল এজন অধিবক্তা। আয়োগৰ আন দুজন নিৰ্বাচনী আয়ুক্তৰ সন্মতি নোলোৱাকৈ একপক্ষীয়ভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্বাচনী সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ তুলি অধিবক্তা শৈলেন্দ্ৰ মণি ত্ৰিপাঠীয়ে দেশৰ শীৰ্ষ আদালতত এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰে। আবেদনখনত...

ভাৰত-ম্যানমাৰ সীমান্তত দুৰ্বৃত্তৰ অতৰ্কিত গুলীচালনা; গাঁৱত সোমাই ৪ নিৰীহ নগাক নৃশংসভাৱে হত্যা, উত্তপ্ত মণিপুৰ

উত্তৰ-পূবৰ সীমান্তৱৰ্তী ৰাজ্য মণিপুৰত পুনৰ সংঘটিত হ’ল এক ভয়ংকৰ ৰক্তাক্ত কাণ্ড। বৃহস্পতিবাৰে বিয়লি ভাৰত-ম্যানমাৰ সীমান্তৰ নিচেই কাষৰীয়া কামজং জিলাৰ পিলং গাঁৱত অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তৰ এটা দলে অতৰ্কিতে প্ৰৱেশ কৰি চলোৱা নিৰ্বিচাৰ গুলীচালনাত থিতাতে নিহত হয় চাৰিজানকৈ নিৰীহ গাঁওবাসী। চুবুৰীয়া ম্যানমাৰৰ এক বিদ্ৰোহী সংগঠনৰ সদস্য বুলি সন্দেহ কৰা দুৰ্বৃত্তৰ দলটোৱে আধুনিক স্বয়ংক্ৰিয় মাৰণাস্ত্ৰৰে সজ্জিত হৈ এই...

অনুপ্ৰেৰণামূলক! মেধা আৰু অধ্যাৱসায়ৰে উজ্বলিল অটোৰিক্সা চালকৰ পুত্ৰ প্ৰভাত যাদৱ, ভৰি দিলে চিকিৎসক হোৱাৰ বাটত

পঢ়িবলৈ ঘৰত এখন টেবুল নাছিল। নাছিল আন সা-সুবিধাও। কিন্তু অটোৰিক্সা চালক পিতৃৰ চকুত এটা সপোন আছিল। আৰু সেই সপোনৰ পম খেদিয়েই অৱশেষত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ’ল প্ৰভাত কুমাৰ যাদৱ। প্ৰথমবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ব্যৰ্থ হোৱাৰ পিছত পুনৰ দ্বিতীয়বাৰ চেষ্টা চলাই অৱশেষত চিকিত্সক হোৱাৰ বাটত ভৰি দিলে উত্তৰ প্ৰদেশৰ এই দৰিদ্ৰ মেধাৱী ছাত্ৰজনে। ৰাষ্ট্ৰীয় প্ৰৱেশ...

২০১৯ চনৰ ইষ্টাৰ দেওবাৰৰ ভয়ংকৰ বিস্ফোৰণ কাণ্ড! ১৫ জনকৈ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি উচ্চ ন্যায়ালয়ৰ

২০০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হ’ল ২০১৯ চনৰ বিশ্বকঁপোৱা আক্ৰমণৰ ঘটনাত দোষী সাব্যস্ত হোৱা ১৫ জন অপৰাধী। শেহতীয়াকৈ শ্ৰীলংকাৰ উচ্চ ন্যায়ালয়ে অপৰাধীকেইজনক প্ৰতিজনকে ২০০ বছৰৰো অধিক কাৰাদণ্ডৰ শাস্তি বিহে। পাঁচ বছৰজোৰা দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত তিনিজনীয়া বিশেষ বিচাৰপীঠে মঙলবাৰে এই নজিৰবিহীন ঐতিহাসিক ৰায়দান ঘোষণা কৰে। গোচৰটোৰ মুঠ ২৪ জন অভিযুক্তৰ ভিতৰত ১৪ জনক হত্যা, সন্ত্ৰাসবাদী ষড়যন্ত্ৰ...

ডেৰ মাহত ৮ বাৰ সৰ্পদংশনৰ বলি ছাত্ৰী! হাথৰছৰ এটা পৰিয়ালত আতংকৰ সৃষ্টি এডাল সাপৰ

এবাৰ নহয়, দুবাৰ নহয়, ডেৰ মাহৰ ভিতৰত ৮ বাৰকৈ সৰ্প দংশনৰ বলি হ’ল এগৰাকী কিশোৰী। উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ জংচন কোতৱালী এলেকাৰ সৰু লাড়পুৰ গাঁৱত সংঘটিত হৈছে এই আচৰিত তথা ৰহস্যজনক ঘটনা। ঘৰৰ ভিতৰতে আশ্ৰয় লৈ থকা এটা বিষধৰ সাপে মাত্ৰ চাৰিটা দিনৰ ব্যৱধানতে চাৰিবাৰকৈ দংশন কৰে এগৰাকী কলেজীয়া ছাত্ৰীক। ঘটনাৰ বলি হোৱা কিশোৰীগৰাকী হৈছে...

পশ্চিমবংগ বিধানসভা নিৰ্বাচনত বিজেপিৰ ব্যয় ২৮৭ কোটি টকা; নিৰ্বাচন আয়োগৰ তথ্যত ফাদিল ৰাজনৈতিক দলসমূহৰ চমকপ্ৰদ খৰচ

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত ক্ষমতালৈ অহাৰ লক্ষ্যৰে বিজেপিয়ে অকলেই ব্যয় কৰিছিল প্ৰায় ২৮৭ কোটি টকা।ভাৰতীয় নিৰ্বাচন আয়োগত ৰাজনৈতিক দলসমূহে দাখিল কৰা আনুষ্ঠানিক হিচাপ অনুসৰি, বিজেপিয়ে পশ্চিমবংগত খৰচ কৰা এই বিপুল পৰিমাণৰ ধন কংগ্ৰেছে পাঁচখন ৰাজ্যৰ নিৰ্বাচনত মিলি কৰা মুঠ ব্যয়তকৈও অধিক। একেটা বৰ্ষতে অনুষ্ঠিত অসম, কেৰালা, তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে...
1 … 8 9 10 11 12 … 48

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us