Trending:
/ Oct 03, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বিয়াৰ দিনাই ভয়ংকৰ সিদ্ধান্ত নৱবিবাহিত দৰাৰ! কাছাৰাৰ বৰখলাত তীব্ৰ চাঞ্চল্য

Table of Content

বিয়াৰ আনন্দ-উল্লাসৰ মাজতেই এটা পৰিয়াললৈ নামি আহিল চৰম অন্ধকাৰ। বিবাহ অনুষ্ঠান সম্পন্ন কৰাৰ ঠিক পিছতেই নৱবিবাহিত দৰাই আত্মঘাতী হোৱাৰ এক মৰ্মান্তিক ঘটনাই স্তম্ভিত কৰি তুলিছে সমগ্ৰ কাছাৰ জিলাক। জিলাখনৰ বৰখলা সমষ্টিৰ অন্তৰ্গত চান্দপুৰ বেলাকোনা গাঁৱত দেওবাৰে সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

মৃত যুৱকজনক চান্দপুৰ বেলাকোনাৰ বাসিন্দা ৰুহুল আলম চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। কন্যাৰ গৃহত বৈবাহিক ৰীতি-নীতি সুকলমে সমাপ্ত হোৱাৰ পিছত ঘৰলৈ উভতি আহি তেওঁ নিজৰ শোৱনিকোঠাত সোমাই ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি লয়। বহু সময় কোনো সঁহাৰি নোপোৱাত পৰিয়ালৰ লোকে সন্দেহবশতঃ দুৱাৰ ভাঙি যুৱকজনক অচেতন অৱস্থাত উদ্ধাৰ কৰে। ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ঘটনাৰ খবৰ পাই ভাঙাৰপাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰাৰ মুহূৰ্ততে যুৱকজনে কিয় এনে চৰম পদক্ষেপ বাছি ল’লে, সেই সন্দৰ্ভত এতিয়াও নিশ্চিত কোনো কাৰণ পোহৰলৈ অহা নাই। সমগ্ৰ ৰহস্য ফাদিল কৰাৰ স্বাৰ্থত ভাঙাৰপাৰ আৰক্ষীয়ে এক অপমৃত্যুৰ গোচৰ ৰুজু কৰি ইতিমধ্যে ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us