নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত ৯ জন সন্দেহযুক্ত বাংলাদেশী আটক
কাঁটাতাঁৰ পাৰ হৈ বাংলাদেশৰ পৰা ভাৰতলৈ অব্যাহত আছে অবৈধ অনুপ্ৰৱেশ। এই সময়তে বঙাইগাঁৱত সন্দেহযুক্ত বিদেশীৰ এটা দল আটক হোৱাৰ ঘটনাই পুনৰ সৃষ্টি কৰিলে তীব্ৰ চাঞ্চল্যৰ। জিলাখনৰ নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত অভিযান চলাই মঙলবাৰে বিয়লি ৰে’ল আৰক্ষীৰ (জিআৰপি) সহযোগত বঙাইগাঁও সীমান্ত আৰক্ষীয়ে ৯ জনকৈ সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰে। প্ৰাথমিক তথ্য অনুসৰি, যোৱা ২৯ ছেপ্টেম্বৰৰ বিয়লি...








