Trending:
/ Oct 03, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

মৰ্মান্তিক! মেঘালয়ত চেপ্তিক টেংক চাফা কৰিবলৈ নামি প্ৰাণ গ’ল অসমৰ ৪ শ্ৰমিকৰ, উদ্ধাৰৰ বাবে গৈ অচেতন দুই অগ্নিবীৰ

Table of Content

চেপ্তিক টেংক চাফা কৰিবলৈ নামি বিষাক্ত গেছৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল অসমৰ চাৰিজনকৈ শ্ৰমিকে। মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ অন্তৰ্গত বাঘমাৰাৰ ৰাংডকৰাম অঞ্চলত দেওবাৰে বিয়লি সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। এটা ভূগৰ্ভস্থ চেপ্তিক টেংকৰ ঢাকনি খুলিবলৈ চেষ্টা কৰাৰ সময়তেই টেংকটোৰ পৰা নিৰ্গত হোৱা মাৰাত্মক গেছৰ প্ৰভাৱত এই শ্ৰমিককেইজনৰ থিতাতে প্ৰাণনাশ ঘটে।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰথমতে দুজন শ্ৰমিকে টেংকৰ ঢাকনিখন খুলিবলৈ চেষ্টা কৰোঁতেই গেছৰ বিষক্ৰিয়াত হঠাৎ টেংকৰ ভিতৰতে ঢলি পৰে। তেওঁলোকক ততাতৈয়াকৈ উদ্ধাৰ কৰাৰ স্বাৰ্থত আন দুজন শ্ৰমিকো আগবাঢ়ি যায় যদিও বিষাক্ত বাষ্পৰ ফলত তেওঁলোকো অচেতন হৈ সেই স্থানতে আৱদ্ধ হৈ পৰে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ এটা উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। শ্ৰমিককেইজনক উলিয়াই আনিবলৈ গৈ দুগৰাকী উদ্ধাৰকাৰী জোৱানো বিষাক্ত গেছৰ বাবে অচেতন হৈ পৰে যদিও তেওঁলোকক তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদান কৰি বিপদমুক্ত কৰা হয়। টেংকটো মাটিৰ তলত গভীৰভাৱে থকাৰ বাবে উদ্ধাৰকাৰী দলে কাষৰ মাটি খান্দিহে ভুক্তভোগীসকলৰ ওচৰলৈ যোৱাৰ বাট উলিয়াবলগীয়া হয়।

নিহত চাৰিওগৰাকী শ্ৰমিককে অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক ক্ৰমে দিয়ৰা গাঁৱৰ মফিদুল ৰহমান (৩৪), চেংগুৰচৰৰ আজিয়াৰ ৰহমান (৪১), চমাৰশালী গাঁৱৰ ইছমাইল হুছেইন (২০) আৰু বোৱালিয়া গাঁৱৰ ৰাকিব হুছেইন (২২)।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ভূগৰ্ভস্থ চেপ্তিক টেংকটোত কোনো গেছ নিৰ্গমনৰ পাইপ বা উপযুক্ত বায়ু চলাচলৰ ব্যৱস্থা নাছিল। যাৰ ফলত দীৰ্ঘদিন ধৰি তাত মিথেন বা হাইড্ৰ’জেন চালফাইডৰ দৰে মাৰাত্মক বিষাক্ত গেছ জমা হৈ আছিল। পেটৰ তাড়নাত বহিঃৰাজ্যলৈ কাম কৰিবলৈ গৈ এনেদৰে অকাল মৃত্যুক সাৱটি লোৱা এই ঘটনাই সমগ্ৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাতে গভীৰ শোকৰ ছাঁ পেলাইছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us