Trending:
/ Oct 04, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

পশ্চিমবংগৰ ৰাজ্যসভাৰ বিজেপি সাংসদ অনন্ত মহাৰাজৰ কামাখ্যা দখল অভিযান

Table of Content

শক্তিপীঠ  মা কামাখ্যা  মন্দিৰ  চৌহদত চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ ৰাজ্যসভাৰ বিজেপিৰ সাংসদ আৰু নিজকে মহাৰাজ  বিশ্বসিংহ নৰনাৰায়ণৰ বংশধৰ বুলি দাবী কৰি অহা  অনন্ত মহাৰাজে  চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোঁচবিহাৰৰ উপৰিও গোৱালপাৰা , ধুবুৰী, বঙাইগাওঁ, কোকৰাঝৰ , চিৰাং আদি জিলাৰ সাত সহস্ৰাধিক ভক্ত – সমৰ্থকক লগত লৈ ২৩ ছেপ্টেম্বৰত পুৱাৰ ভাগত পূৰ্ব পৰিকল্পিত সংঘটিত কৰা ঘটনা প্ৰবাহে সম্প্ৰতি অসমৰ লগতে পশ্চিমবংগতো তীব্ৰ প্ৰতিক্ৰিয়া আৰু কৌতুহলৰ সৃষ্টি কৰিছে। বিশেষকৈ নিজকে মহাৰাজ নৰনাৰায়ণৰ বংশধৰ বুলি দাবী কৰি অহা সাংসদ অনন্ত মহাৰাজে বুধবাৰে পুৱাৰ ভাগত উপস্থিত হৈ হুংকাৰ দিয়ে যে কামাখ্যা মন্দিৰত মূল অধিকাৰ তেওঁলোকৰ হে আছে। যিহেতু হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰা কালাপাহাৰ নামৰ অত্যাচাৰী ৰজাজনে ভাঙি পেলোৱা কামাখ্যা মন্দিৰটো মহাৰাজ নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰি তাক নতুন ৰূপ দিছিল। পূজা পাতল কৰা পৰ্বটোক সেয়েহে কামাখ্যা মন্দিৰত তেওঁলোকক প্ৰাপ্য মৰ্যাদা আৰু অধিকাৰ দিব লাগিব। তেওঁলোকক ইমান দিনে কৌশলৰে সেই অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। এতিয়া আৰু সেই বঞ্চনা মানি লোৱা নহব। দৰকাৰ হলে জোৰ কৰি হলেও সেই অধিকাৰ লোৱা হব বুলিও সাংসদ অনন্ত মহাৰাজে হুংকাৰ দিয়ে। উল্লেখ্য যে ২৩ ছেপ্টেম্বৰত  পুৱাই সাংসদ অনন্ত মহাৰাজৰ নেতৃত্বত অসম আৰু পশ্চিমবংগৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ সাত সহস্রাধিক ভক্ত – সমর্থকসহ কামাখ্যা মন্দিৰ চৌহদত উপস্থিত হৈ সৃষ্টি কৰা পৰিস্থিতিত কামাখ্যা মন্দিৰৰ পৰিচালনাৰ দায়িত্বত থকা দলৈ সমাজেও যথেষ্ঠ  অস্বস্তিত পৰা পৰিলক্ষিত হৈছে । তেওঁলোকে একেলগে মন্দিৰ পৰিসৰত অৱস্থান কৰাত মন্দিৰ চৌহদত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আনকি কামাখ্যা মন্দিৰত দৈনন্দিন পূজা-পাতল কৰা পাণ্ডাকো তেওঁলোকে মন্দিৰত প্ৰৱেশ কৰাত বাধা দিয়াত পৰিস্থিতি উত্তপ্ত হৈ পৰে।

আনকি এই লৈ অনন্ত মহাৰাজৰ সমৰ্থক আৰু পাণ্ডাৰ মাজত হোৱা হেচা মেলাত দুজন পাণ্ডা কম-বেছি পৰিমাণে আহত হবলগীয়া হয়। এই সন্দৰ্ভত কামাখ্যা দলৈ সমাজৰ সৰু দলৈ হিমাদ্রী শৰ্মাই সাংসদ অনন্ত মহাৰাজৰ এই দাবীক নস্যাৎ কৰি কয় যে প্ৰায় ১৪৮৩ চনত কালাপাহাৰে ভাঙি পেলোৱা কামাখ্যা মন্দিৰটো পৰৱৰ্তী প্ৰায় ১৫৮৩ চনত কোচ ৰজা মহাৰাজ নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰাটো সঁচা। কিন্তু  কামাখ্যা মন্দিৰত প্ৰায় ১২০০ চনৰ পৰাই দলৈ সমাজৰ পৰম্পৰা চলি অহাৰ ইতিহাস আছে। আনকি কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা মহাৰাজ নৰনাৰায়ণেও কোনোদিনে কামাখ্যা মন্দিৰটো দখল কৰি তাৰ পৰিচালনাৰ দায়িত্ব  নিজৰ অধীনলৈ নিয়াৰ কথা সপোনতো ভবা নাছিল। তেনে স্থলত নিজকে মহাৰাজ নৰনাৰায়ণৰ বংশধৰ বুলি দাবী কৰা অনন্ত মহাৰাজে প্ৰায় ৫০০ বছৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি কৰিব বিচৰাটো অতি নিন্দনীয় ঘটনা আৰু ইয়াক কোনো কাৰণতে মানি লোৱা নহব।  ইফালে  শক্তিপীঠ কামাখ্যা মন্দিৰত হঠাতে সাংসদ অনন্ত মহাৰাজে সৃষ্টি কৰা এই অনাকাংক্ষিত ঘটনা প্ৰবাহৰ মাজতে কোচবিহাৰত থকা মহাৰাজ নৰনাৰায়ণৰ প্ৰকৃত বংশধৰৰ উত্তৰাধিকাৰী  ৰাজ পৰিয়ালৰ ন্যাসৰ সভাপতি কুমাৰ জিতেন্দ্ৰ নাৰায়ণ, সচিব কুমাৰ ব্ৰজেন্দ্র নাৰায়ণ আৰু মুখপাত্ৰ কুমাৰ মৃদুল নাৰায়ণে সন্ধিয়া  জানিবলৈ দিয়া মতে অনন্ত মহাৰাজে যদিও মহাৰাজ নৰনাৰায়ণৰ বংশধৰ বুলি দাবী কৰিলেও তেওঁৰ লগত ৰাজ পৰিয়ালৰ কোনো সম্পৰ্ক নাই। আমাৰ পূৰ্বপুৰুষ মহাৰাজ নৰনাৰায়ণে ভক্তিৰে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। কিন্তু জনশ্ৰুতি অনুসৰি দেৱী কামাখ্যাই স্নান কৰা দৃশ্য এটা মহাৰাজ নৰনাৰায়ণে দেখা পোৱাত দেৱীয়ে অভিশাপ দিছিল যে তেওঁলোকৰ বংশৰ কোনোবাই যদি কামাখ্যা মন্দিৰত আহে তেনেহলে বংশ নাশ হব । যাৰ বাবে সেই জনশ্ৰুতি অনুসৰি আজি পৰ্যন্ত কোচবিহাৰৰ ৰাজ পৰিয়ালৰ কোনো লোকে কামাখ্যা মন্দিৰলৈ অহা নাই।

আমি ইয়াৰ সত্যতা কিমান আছে নাজানো, বা এয়া কোনো পক্ষৰ আমাক কামাখ্যা মন্দিৰৰ পৰা আঁতৰ কৰি ৰখাৰ কিবা ষড়যন্ত্ৰ আছিল নেকি তাকো আমি নাজানো। কিন্তু সেই জনশ্ৰুতিকে সঁচা বুলি ভাবি আমাৰ বংশৰ কোনোৱে কামাখ্যা মন্দিৰলৈ অহা নাই। আমি সদায় কোচবিহাৰৰ পৰাই মা কামাখ্যাক প্ৰণাম কৰি আহিছো। আমি আহিবলৈ ইচ্ছা কৰিলেও আমাৰ জ্যেষ্ঠসকলে জনশ্ৰুতি অনুসৰি আজিও প্ৰবাহিত হৈ অহা দেৱীৰ অভিশাপ সোঁৱৰাই দিয়ে। যাৰ বাবে আমি এই বিজ্ঞানৰ যুগতো কিবা এক অজান ভয় বা দেৱীৰ অভিশাপ অনুসৰি বংশ নাশ হোৱাৰ আশংকাত আমি দশক দশক ধৰি ধৰি ইচ্ছা থকা স্বত্বেও কামাখ্যা মন্দিৰলৈ নহাকৈ আছো।

Sonakshi Sarkar

https://khabarprabah.in/

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us