Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

ডেৰ মাহত ৮ বাৰ সৰ্পদংশনৰ বলি ছাত্ৰী! হাথৰছৰ এটা পৰিয়ালত আতংকৰ সৃষ্টি এডাল সাপৰ

এবাৰ নহয়, দুবাৰ নহয়, ডেৰ মাহৰ ভিতৰত ৮ বাৰকৈ সৰ্প দংশনৰ বলি হ’ল এগৰাকী কিশোৰী। উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ জংচন কোতৱালী এলেকাৰ সৰু লাড়পুৰ গাঁৱত সংঘটিত হৈছে এই আচৰিত তথা ৰহস্যজনক ঘটনা। ঘৰৰ ভিতৰতে আশ্ৰয় লৈ থকা এটা বিষধৰ সাপে মাত্ৰ চাৰিটা দিনৰ ব্যৱধানতে চাৰিবাৰকৈ দংশন কৰে এগৰাকী কলেজীয়া ছাত্ৰীক। ঘটনাৰ বলি হোৱা কিশোৰীগৰাকী হৈছে...

পশ্চিমবংগ বিধানসভা নিৰ্বাচনত বিজেপিৰ ব্যয় ২৮৭ কোটি টকা; নিৰ্বাচন আয়োগৰ তথ্যত ফাদিল ৰাজনৈতিক দলসমূহৰ চমকপ্ৰদ খৰচ

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত ক্ষমতালৈ অহাৰ লক্ষ্যৰে বিজেপিয়ে অকলেই ব্যয় কৰিছিল প্ৰায় ২৮৭ কোটি টকা।ভাৰতীয় নিৰ্বাচন আয়োগত ৰাজনৈতিক দলসমূহে দাখিল কৰা আনুষ্ঠানিক হিচাপ অনুসৰি, বিজেপিয়ে পশ্চিমবংগত খৰচ কৰা এই বিপুল পৰিমাণৰ ধন কংগ্ৰেছে পাঁচখন ৰাজ্যৰ নিৰ্বাচনত মিলি কৰা মুঠ ব্যয়তকৈও অধিক। একেটা বৰ্ষতে অনুষ্ঠিত অসম, কেৰালা, তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে...

যমুনা এক্সপ্ৰেছৱে’ত চলন্ত বাছত বিধ্বংসী অগ্নিকাণ্ড; নিদ্ৰাৰত অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ হৈ মহিলাসহ ৯ যাত্ৰীৰ কৰুণ মৃত্যু

চলন্ত বাহনৰ ভিতৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যুক সাৱটিলে ৯ জনকৈ যাত্ৰীয়ে। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাস্থিত যমুনা এক্সপ্ৰেছৱে’ত বুধবাৰে নিশা সংঘটিত এই ভয়ংকৰ ঘটনাত গুৰুতৰভাৱে আহত হয় আন কেইবাজনো যাত্ৰী। নয়ডাৰ পৰা মাহোবা অভিমুখে গৈ থকা অৱস্থাত ৩৫ গৰাকী আৰোহীসহ যাত্ৰীবাহী ডাবল ডেকাৰ শ্লিপাৰ বাছখনত হঠাৎ এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। সেই সময়ত বাছখনৰ প্ৰায়সংখ্যক যাত্ৰীয়েই গভীৰ...

মধুপুৰ সত্ৰৰ বেদখল উচ্ছেদ আৰু গোহাঁই কমল আলি পুনৰ নিৰ্মাণৰ দাবী; মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কোচবিহাৰৰ ৰাজপৰিয়ালৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰয়াণ ক্ষেত্ৰ ঐতিহাসিক মধুপুৰ সত্ৰৰ বেদখল উচ্ছেদ আৰু সংৰক্ষণৰ বাবে এইবাৰ সৰৱ হৈ পৰিল মহাৰাজ নৰনাৰায়ণৰ বংশধৰসকল। পশ্চিমবংগ ভ্ৰমণৰ সময়ত সত্ৰখন পৰিদৰ্শন কৰা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ‘দ্য কোচবিহাৰ ৰয়েল ফেমিলী চাকচেছৰ্ছ ৱেলফেয়াৰ ট্ৰাষ্ট’-ৰ এটা সঁজাতি দলে কেইবাটাও ঐতিহাসিক আৰু সাংস্কৃতিক দাবী সম্বলিত এক আনুষ্ঠানিক স্মাৰকপত্ৰ অৰ্পণ কৰে।...

জন্মৰ পূৰ্বেই দশম শ্ৰেণী উত্তীৰ্ণ বিজেপি প্ৰাৰ্থী! শপতনামাত ভুৱা তথ্যৰ অভিযোগ তুলি কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ

নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি প্ৰাৰ্থী এগৰাকীয়ে জন্মলাভ কৰাৰ পূৰ্বেই উত্তীৰ্ণ হ’ল দশম শ্ৰেণীৰ পৰীক্ষা! উপ-নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰৰ শপতনামাত প্ৰকাশ পোৱা এনে এক অদ্ভুত আৰু বিসংগতিপূৰ্ণ তথ্যক লৈ এতিয়া তীব্ৰ ৰাজনৈতিক চাঞ্চল্যৰ সৃষ্টি হৈছে। পশ্চিমবংগৰ নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী হাছিৰাণী ৰথৰ শিক্ষাগত অৰ্হতা আৰু বয়সৰ ভুৱা তথ্যক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ নেতা...

বিদ্যালয়ৰ কাষেৰে পাৰ হৈ যোৱা শোভাযাত্ৰাৰ উচ্চস্বৰৰ ডিজেৰ প্ৰকোপ; শ্ৰেণীকোঠাতে হৃদক্ৰিয়া বন্ধ হৈ ছাত্ৰীৰ কৰুণ মৃত্যু

পথেৰে পাৰ হৈ যোৱা কোনো শোভাযাত্ৰাত বজোৱা উচ্চস্বৰৰ ডিজেই কাল হ’ল এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীৰ। ডিজেৰ প্ৰচণ্ড শব্দ আৰু কম্পনত বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতে হঠাৎ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় কণমানিজনীয়ে। উত্তৰ প্ৰদেশৰ বলৰামপুৰ জিলাস্থিত ডিভাইন পাব্লিক স্কুলত সংঘটিত হয় এই শোকাবহ ঘটনা। জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ১১ বজাত বিদ্যালয়খনৰ প্ৰথম মহলাত নিয়মীয়া...

চেম্প্যুৰ খালী পেকেটক লৈ দুই পক্ষৰ মাজত ৰক্তক্ষয়ী সংঘাত; চিকিৎসাধীন অৱস্থাত এজনৰ কৰুণ মৃত্যু, আহত বহুতো

চেম্প্যুৰ খালী পেকেটক লৈ সৃষ্টি হোৱা এক সামান্য সংঘাতেই অৱশেষত ধাৰণ কৰিলে চৰম ৰূপ। শিশুৰ খেলক কেন্দ্ৰ কৰি আৰম্ভ হোৱা এই সংঘাতৰ পৰিণতিত এজন লোকৰ কৰুণ মৃত্যু ঘটাৰ লগতে গুৰুতৰভাৱে আহত হয় আন কমেও ১৫ জন লোক। চুবুৰীয়া বাংলাদেশৰ নীলফামাৰী জিলাৰ জলঢাকা উপজিলাৰ বালাগ্রাম ইউনিয়নত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। স্থানীয় সূত্ৰ আৰু প্ৰত্যক্ষদৰ্শীৰ পৰা...

মুখ্য নিৰ্বাচনী আয়ুক্তৰ একপক্ষীয় সিদ্ধান্তক লৈ কমিছনৰ ভিতৰচৰাত নজিৰবিহীন সংঘাত; কেবিনেট সচিবৰ কাষ চাপিল দুই নিৰ্বাচনী আয়ুক্ত

দেশৰ সৰ্বোচ্চ গণতান্ত্ৰিক অনুষ্ঠান নিৰ্বাচন আয়োগৰ ভিতৰচৰাতেই এইবাৰ মুকলিকৈ পোহৰলৈ আহিল এক অভূতপূৰ্ব অন্তৰ্দ্বন্দ্ব আৰু মতানৈক্যৰ ছবি। মুখ্য নিৰ্বাচনী আয়ুক্তৰ একপক্ষীয় কাৰ্যকলাপ আৰু গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ স্বয়ং আন দুজন নিৰ্বাচনী আয়ুক্ত পোনপটীয়াকৈ কেবিনেট সচিবৰ দ্বাৰস্থ হোৱাৰ ঘটনাই সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ আলোড়নৰ। প্ৰাপ্ত তথ্য অনুসৰি, মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু আন দুজন...

আৰক্ষীৰ নিষ্ক্ৰিয়তাক সমালোচনা: চামগুৰিৰ হিংসাত্মক ঘটনাক লৈ জাঙুৰ খাই উঠিল অসম কংগ্ৰেছ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে (APCC) সোমবাৰে দাবী কৰে যে আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে বৰমা-কাৱৈমাৰী অঞ্চলত অনুষ্ঠিত এক ৰোডশ্ব’ৰ সময়ত দলৰ জ্যেষ্ঠ নেতাসকলক কঢ়িয়াই নিয়া এটা কংগ্ৰেছৰ কনভয়ত আক্ৰমণ চলোৱা হয়। গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি দলৰ মুখপাত্ৰসকলে সাংসদ ৰকিবুল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী, মহিলা...

ব্যস্ত ৰাজপথৰ পৰা একে-৪৭ দেখুৱাই মন্ত্ৰীক অপহৰণ! দুৰ্বৃত্তৰ গুলীচালনাত আহত আন এজন মন্ত্ৰী

ব্যস্ত ৰাজপথৰ পৰা দিন দুপৰতে অপহৰণ কৰা হ’ল এগৰাকী মন্ত্ৰীক! ক’লা বস্ত্ৰ আৰু মুখত মাস্ক পৰিধান কৰি অহা একাংশ দুষ্কৃতিকাৰীয়ে মন্ত্ৰীৰ কনভয়ৰ নিৰাপত্তাৰ বেহু ফালি অপহৰণ কৰি লৈ যায় খাইবাৰ-পাখতুনখোৱাৰ প্ৰাদেশিক মন্ত্ৰী ফজল শুকুৰ খানক। ইয়াৰ ঠিক সমান্তৰালকৈ মালাকাণ্ড অঞ্চলত দলটোৰে আন এজন প্ৰাদেশিক মন্ত্ৰী শাকিল আহমেদৰ বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই চলায় উপৰ্যুপৰি গুলীচালনা। পাকিস্তানৰ...
1 … 9 10 11 12 13 … 48

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us