পুলৱামাত আৰক্ষী-সেনাৰ যৌথ অভিযানত অস্ত্ৰ-শস্ত্ৰসহ দুই সন্ত্ৰাসবাদী সহযোগী গ্ৰেপ্তাৰ
সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে চলোৱা এক যৌথ অভিযানত মঙলবাৰে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত ধৰা পৰিল দুজন সন্ত্ৰাসবাদী সহযোগী। জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোট, সেনাৰ ৪৪ ৰাষ্ট্ৰীয় ৰাইফলছ আৰু চিআৰপিএফৰ ১৮৩ বেটেলিয়নে ৰাজপোৰাৰ চিবি নাথৰ য়াৰৱান বনাঞ্চলত এই অভিযান চলায়। চোৰাংচোৱাৰ নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত ২৪ আৰু ২৫ আগষ্টৰ নিশা অঞ্চলটো ঘেৰি তালাচী চলায় নিৰাপত্তাৰক্ষীৰ যৌথ দলটোৱে। বনাঞ্চলৰ ফালৰ...








