Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

কংগ্ৰেছৰ ভিতৰচৰাৰ সংঘাত ফাদিল কৰি প্ৰদ্যুৎ বৰদলৈ আৰু দেৱাশীষ শৰ্মাক তীক্ষ্ণ আক্ৰমণ ৰকিবুল হুছেইনৰ

চামগুৰি সমষ্টিৰ দুগৰাকী দলীয় নেতাই কংগ্ৰেছ ত্যাগ কৰাৰ পাছতেই সৃষ্টি হোৱা অসন্তোষে উদঙাই দিছে দলটোৰ অভ্যন্তৰীণ কন্দল। বৃহস্পতিবাৰে ৰূপহীহাটত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন প্ৰশাসনিক বিষয়া দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। নিজৰ পদ হেৰুওৱাৰ ভয়তেই বৰদলৈয়ে একাংশ ব্যক্তিক দলত অন্তৰ্ভুক্ত কৰাৰ লগতে বহু কংগ্ৰেছ কৰ্মীৰ...

বুকু আৰু পেটত উপৰ্যুপৰি প্ৰহাৰৰ ফলত অত্যাধিক ৰক্তক্ষৰণ! মণিপুৰী সংগীতশিল্পী চংথাম বিক্ৰম সিঙৰ মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ ভয়ংকৰ তথ্য

ৰাজধানী দিল্লীত প্ৰাণ হেৰুওৱা মণিপুৰৰ সংগীতশিল্পী চংথাম বিক্ৰম সিঙৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে আক্ৰমণৰ বৰ্বৰ তথ্য। এইমছত সম্পন্ন হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, বুকু আৰু পেটত হোৱা গুৰুতৰ আঘাতৰ ফলত শৰীৰৰ ভিতৰত হোৱা প্ৰচণ্ড ৰক্তক্ষৰণৰ বাবেই মৃত্যুক সাৱটিছিল ৫৪ বছৰীয়া সংগীতশিল্পীগৰাকীয়ে। এইমছৰ ফৰেনছিক মেডিচিন বিভাগৰ মুৰব্বী ডাঃ সুধীৰ গুপ্তাই প্ৰকাশ কৰি কয় যে বুকু...

ব্ৰিকছ সন্মিলনত অংশ নলয় বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে; নতুন দিল্লীৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান ঢাকাৰ

কূটনৈতিক জটিলতাৰ মাজতে ভাৰতত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনৰ আউটৰিচ অধিৱেশনৰ নিমন্ত্ৰণ নাকচ কৰে বাংলাদেশে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানক ব্যক্তিগতভাৱে এই বৈঠকত অংশ ল’বলৈ নিমন্ত্ৰণ কৰা হোৱা নাই বুলি স্পষ্ট কৰে ঢাকা চৰকাৰে। বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হুমায়ুন কবীৰে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে বিমষ্টেকৰ বৰ্তমানৰ অধ্যক্ষ হিচাপহে এই নিমন্ত্ৰণ প্ৰেৰণ কৰা...

কেৰালাত নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ অসমৰ এজন ব্যক্তি; উদ্ধাৰ ১,৩৭৫টা পেকেট

নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত আৰক্ষীৰ জালত পৰিল অসমৰ এজন ব্যৱসায়ী। কেৰালাৰ কাজাকুট্টম অঞ্চলত আৰক্ষীয়ে অভিযান চলাই ১,৩৭৫টা পেকেট নিষিদ্ধ ধঁপাত সামগ্ৰী জব্দ কৰাৰ লগতে অসমৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজন অসমৰ নগাঁও জিলাৰ ৪২ বছৰীয়া জিয়াৰুল হক বুলি চিনাক্ত কৰা হৈছে। এক গোপন তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে নিশা প্ৰায়...

ট্ৰাক আৰু বলেৰ’ বাহনৰ মাজত মুখামুখী সংঘৰ্ষ; তিনিটা শিশুকে ধৰি আঠজনৰ কৰুণ মৃত্যু

পুৱতি নিশাৰ এক ভয়াবহ পথ দুৰ্ঘটনাই কাঢ়ি নিলে এটা পৰিয়ালৰ আঠটাকৈ জীৱন। মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাত শুক্ৰবাৰে পুৱতি নিশা এখন আইচাৰ ট্ৰাক আৰু বলেৰ’ বাহনৰ মাজত সংঘটিত হয় এই শোকাবহ ঘটনা। এখন তীব্ৰবেগী ট্ৰাকৰ সৈতে হোৱা প্ৰচণ্ড খুন্দাত তিনিটা শিশুকে ধৰি বলেৰ’খনৰ আঠগৰাকী আৰোহী থিতাতে নিহত হয়। আৰক্ষীয়ে সদৰী কৰা অনুসৰি, ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা...

মেঘালয় আৰু অসমত ডি আৰ আইৰ অভিযান; উদ্ধাৰ বৃহৎ পৰিমাণৰ বনৰীয়া জীৱ-জন্তুৰ অৱশিষ্ট

দেশজুৰি চলোৱা এক ব্যাপক অভিযানত এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে চমুকৈ ডি আৰ আয়ে। উত্তৰ-পূৰ্বাঞ্চলত চলি থকা বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে চলোৱা অভিযানত মেঘালয়ৰ ৰি-ভয় জিলাৰ পৰা ১৪.৬৮ কিলোগ্ৰাম শুকান বনৰৌৰ বাকলি জব্দ কৰে তদন্তকাৰী সংস্থাটোৱে। বন্যপ্ৰাণী সৰবৰাহৰ বিৰুদ্ধে সমগ্ৰ দেশত চলোৱা ছটা চোৰাংচোৱা-ভিত্তিক অভিযানৰ অংশ হিচাপে এই সফলতা লাভ...

অৱশেষত অনুশোচনা পত্নীহন্তা ৰামানুজৰ; কাণ্ডজ্ঞানহীন আচৰণ পাহৰি অপৰাধ স্বীকাৰ

বৰ্বৰতাৰ সকলো সীমা অতিক্ৰম কৰি পত্নীক ডিঙি কাটি হত্যা কৰাৰ পিছত অৱশেষত নিজৰ ভুল বুজি পালে ৰামানুজ গোস্বামীয়ে। গুৱাহাটীৰ বশিষ্ঠপুৰত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্তজনে পূৰ্বৰ দাম্ভিকতা ত্যাগ কৰি সংবাদ মাধ্যমৰ আগত নিজৰ অপৰাধৰ বাবে অনুশোচনা প্ৰকাশ কৰে। হাতীগাঁও থানাৰ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়ত ৰামানুজে কয়, “মই কোনো ডাঙৰ কাম কৰা...

ডাইনী সন্দেহত আশীবছৰীয়া বৃদ্ধাক হত্যা! তিনি দশকৰ পাছত ৬ জনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

তিনি দশকজোৰা দীঘলীয়া আইনী যুঁজৰ অন্তত অৱশেষত ন্যায় পালে এগৰাকী দুৰ্ভগীয়া বৃদ্ধাই। ডাইনী সন্দেহত এগৰাকী আশীবছৰীয়া মহিলাক নৃশংসভাৱে হত্যা কৰাৰ গোচৰত ছজন ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে আদালতে। ১৯৯৫ চনতে সংঘটিত হোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্ত পেলাই বুধবাৰে ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এই ঐতিহাসিক ৰায় ঘোষণা কৰে। আদালতৰ দ্বাৰা দোষী...

আপোনাৰ আই কিউ ৰাহুল গান্ধীৰ দৰেঃ বিগ বছত প্ৰৱেশক লৈ তীব্ৰ বাকযুদ্ধ ৰিয়া আহিৰ আৰু শ্বেহজাদ পুনাৱালাৰ

সামাজিক মাধ্যমত এক অভাৱনীয় বাকযুদ্ধত লিপ্ত হৈছে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ শ্বেহজাদ পুনাৱালা আৰু মুম্বাইৰ মডেল ৰিয়া আহিৰ। জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘বিগ বছ ২০’ত ৰিয়া আহিৰে ৰাইজৰ ভোটৰ জৰিয়তে প্ৰৱেশ লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছতে পুনাৱালাই মডেলগৰাকীৰ সাধাৰণ জ্ঞান আৰু বৌদ্ধিক স্তৰক লৈ কটাক্ষ কৰে। এই তৰ্কৰ মাজতে ৰিয়াই পুনাৱালাক ‘আংকল’ বুলি সম্বোধন কৰাত বিজেপিৰ প্ৰাক্তন...

‘সন্মানৰ’ নামত জীয়াৰীক হত্যা! তাৰ পিছতে দুৰ্ঘটনাৰ নাটক ৰচি আৰক্ষীৰ জালত পিতা-পুত্ৰ

কেৱল ‘সন্মানৰ’ খাতিৰত হাতুৰীৰে কোবাই নৃশংসভাৱে হত্যা কৰা হ’ল এগৰাকী যুৱতীক। এজন যুৱকৰ সৈতে ভাইৰেল হোৱা এটা ভিডিঅ’ৰ পিছতে এই বৰ্বৰ কাণ্ড সংঘটিত কৰে নিজ পিতৃ আৰু ভাতৃয়ে। যুৱতীগৰাকীক হত্যাৰ পিছত মৃতদেহ ৰাজপথত পেলাই এক পথ দুৰ্ঘটনাৰ ভুৱা নাটক ৰচিছিল দুয়োজনে। কিন্তু আৰক্ষীৰ পুংখানুপুংখ তদন্তত পোহৰলৈ আহে এই পৰিকল্পিত হত্যাকাণ্ড। আহমেদাবাদৰ সৰখেজ অঞ্চলৰ জুহাপুৰাৰ এখন...
1 2 3 33

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us