প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ৰে সন্মানিত কৰিবলৈ দাবী উত্থাপন কৰিলে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ বিক্ৰমজিৎ সিং চাহানীয়ে। নতুন প্ৰজন্মই এই সন্মান বিচৰা বুলি দাবী তুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখতে এই আহ্বান জনায় সাংসদগৰাকীয়ে। ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ হৈ এই সৰ্বোচ্চ সন্মানৰ ওকালতি কৰে।
সংবাদ সংস্থা পিটিআইৰ আগত বিজেপি সাংসদজনে দাবী কৰা অনুসৰি, ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চিত্ৰ প্ৰদৰ্শনীত অংশ লোৱা আঢ়ৈ হাজাৰৰো অধিক নৱপ্ৰজন্মৰ প্ৰতিনিধিয়ে গৃহমন্ত্ৰীৰ ওচৰত মোদীক ভাৰত ৰত্ন দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁলোকৰ এই অনুৰোধৰ আঁত ধৰি সাংসদগৰাকীয়ে কয় যে দেশৰ প্ৰতি নিঃস্বাৰ্থ সেৱা আৰু বিশ্বমঞ্চত ভাৰতৰ ভাবমূৰ্তি সম্পূৰ্ণৰূপে সলনি কৰাৰ বাবে প্ৰধানমন্ত্ৰী এই সন্মানৰ প্ৰকৃত অধিকাৰী।
সাংসদ বিক্ৰমজিৎ সিঙে কয়, “অতীতত বহু কেইগৰাকী প্ৰধানমন্ত্ৰীক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীয়ে যদি এই সন্মান লাভ কৰিব পাৰে, তেন্তে যোৱা ২৫ বছৰ ধৰি দেশসেৱাত ব্ৰতী থকা নৰেন্দ্ৰ মোদীয়েও নিশ্চিতভাৱে ভাৰত ৰত্ন পোৱা উচিত।”
প্ৰধানমন্ত্ৰীৰ ২৫ বছৰীয়া ৰাজহুৱা জীৱনৰ ওপৰত ভিত্তি কৰি ৱৰ্ল্ড পঞ্জাবী অৰ্গেনাইজেশ্যনে আয়োজন কৰা এই প্ৰদৰ্শনীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰিও দিল্লীৰ উপ-ৰাজ্যপাল তৰনজিৎ সিং সান্ধু উপস্থিত থাকে। ইফালে শেহতীয়াকৈ আম আদমী পাৰ্টী ত্যাগ কৰি বিজেপিলৈ যোৱা এইগৰাকী সাংসদে প্ৰধানমন্ত্ৰীৰ হৈ এনে দাবী উত্থাপন কৰাৰ পিছতেই দেশৰ ৰাজনৈতিক মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।








