Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

কম খৰচতে পণ্য পৰিবহণৰ সেউজ বিপ্লৱ: ডিব্ৰুগড়-ঢাকা জলপথৰ ঐতিহাসিক শুভাৰম্ভণি

স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি ডিব্ৰুগড়ৰ পৰা প্ৰথম আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰা আজিৰে পৰা ঐতিহাসিক শুভাৰম্ভ হৈছে। কেন্দ্রীয় চৰকাৰৰ বন্দৰ-জাহাজ পৰিবহন আৰু জলপথ মন্ত্রী সর্বানন্দ সোনোৱালে ডিব্ৰুগড়ৰ বগীবিল টার্মিনেলত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ইয়াৰ শুভাৰম্ভণি কৰে। নামৰূপত থকা অসম পেট্র’কেমিকেলছে উৎপাদন কৰা ৫৪০ টন মিথানল কঢ়োৱা ডিএলবি পাটকাই জাহাজখনক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ...

মঙলবাৰে নগাঁৱত ভোটগ্ৰহণ: ২,১১২ টা কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজত চলিব নিৰ্বাচন

মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। প্ৰায় ১৯ লাখ ভোটাৰে এই নিৰ্বাচনত ১৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। চৰকাৰী সূত্ৰই জনোৱা মতে, দুয়োখন নিৰ্বাচনী জিলাতে আইন-শৃংখলা আৰু নিৰ্বাচনী আচৰণ বিধিৰ কাৰ্যকৰী বলবৎকৰণৰ সকলো দিশ পৰ্যালোচনা কৰা হৈছে। পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ...

উত্তৰ-পূবৰ একমাত্ৰ প্ৰতিনিধি হিচাপে কেম্ব্ৰিজত সোণৰ পদক আজুৰি আনিলে কৃতিয়ে

ব্ৰিটেইনৰ কেম্ব্ৰিজত অসমৰ জীয়ৰী কৃতি ধানুকাই অসাধাৰণ সাফল্য অৰ্জন কৰি ভাৰত তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। গুৱাহাটীৰ কৃতি ধানুকাই সন্মানীয় CEFC International Olympiad Competition-ত স্বৰ্ণ পদক অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ মেধা আৰু প্ৰতিভাৰ উজ্জ্বল পৰিচয় দাঙি ধৰিছে। ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ ব্ৰিটেইনৰ কেম্ব্ৰিজস্থিত Selwyn College-ত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। কৃতি ধানুকা ডেৰাডুনৰ...

জালুকবাৰী সমষ্টিৰ ১ আৰু ২ নম্বৰ ৱাৰ্ডত ১৪ টা ধৰ্মীয় – ৰাজহুৱা প্ৰতিষ্ঠানত একেদিনাই খোৱাপানী যোগান আঁচনি উদ্ধোধন

সমষ্টি পুনৰ গঠনৰ পাছত পূৰ্বৰ পশ্চিম গুৱাহাটীৰ পৰা নতুনকৈ জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা গুৱাহাটী পৌৰ নিগম এলেকাৰ ১ আৰু ২ নম্বৰ ৱাৰ্ডত ১৪  টা ধৰ্মীয় –  ৰাজহুৱা প্ৰতিষ্ঠানত ৰাইজৰ সহায়ক হোৱাকৈ নতুনকৈ নিৰ্মাণ কৰা হৈছে ১৪ খন পানী যোগান আঁচনি। ইয়াৰে ২ নম্বৰ ৱাৰ্ডত ৮ খন আৰু ১ নম্বৰ ৱাৰ্ডত ৬  খন পানী যোগান...

অন্য দুই আয়ুক্তক উপেক্ষাৰ অভিযোগ; মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকলাপ সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

দেশৰ স্বতন্ত্ৰ সাংবিধানিক প্ৰতিষ্ঠান নিৰ্বাচন আয়োগক লৈ উত্থাপিত অভিযোগে সমগ্ৰ দেশজুৰি অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞাণেশ কুমাৰে আন দুই আয়ুক্তক অন্ধকাৰত ৰাখি একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণৰ অভিযোগক লৈ আজি উচ্চতম ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। জ্ঞাণেশ কুমাৰৰ স্বৈৰাচাৰিত্বৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আজি কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী...

অন্য দুই আয়ুক্তক উপেক্ষাৰ অভিযোগ; মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকলাপ সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

দেশৰ স্বতন্ত্ৰ সাংবিধানিক প্ৰতিষ্ঠান নিৰ্বাচন আয়োগক লৈ উত্থাপিত অভিযোগে সমগ্ৰ দেশজুৰি অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞাণেশ কুমাৰে আন দুই আয়ুক্তক অন্ধকাৰত ৰাখি একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণৰ অভিযোগক লৈ আজি উচ্চতম ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। জ্ঞাণেশ কুমাৰৰ স্বৈৰাচাৰিত্বৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আজি কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী...

আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণৰক্ষা; বিশ্বজুৰি বন্দিত ভাৰতীয় পাইলট স্মিত মাচ্চাৰলৈ ম্যানকাইণ্ড ফাৰ্মাৰ এক কোটি টকাৰ পুৰস্কাৰ

মধ্য আকাশত যাত্ৰীবাহী বিমানত সংঘটিত ভয়ংকৰ আক্ৰমণৰ মাজতো অসীম সাহসিকতাৰে ১৭৪ গৰাকী লোকৰ জীৱন ৰক্ষা কৰা ভাৰতীয় কেপ্টেইন স্মিত মাচ্চাৰক লৈ এতিয়া বিশ্বজুৰি চলিছে ব্যাপক চৰ্চা। ডুবাইৰ পৰা ইজৰাইলৰ তেল আভিভ অভিমুখে যাত্ৰা কৰা ফ্লাইডুবাইৰ এফজেড১০৭৩ নম্বৰৰ বিমানখনত ৩০ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই শিহৰণকাৰী ঘটনা। সহ-পাইলটৰ আকস্মিক আক্ৰমণ আৰু প্ৰাণঘাতী পৰিস্থিতিৰ সন্মুখীন হৈয়ো অলপো বিচলিত...

চীনক ধূলিসাৎ কৰি এছিয়ান গেমছৰ হকীত ভাৰতীয় মহিলা দলৰ স্বৰ্ণ জয়; মিজোৰামৰ দুই কন্যালৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা লালদুহোমা চৰকাৰৰ

জাপানৰ মাটিত ভাৰতীয় ক্ৰীড়া ইতিহাসত সংযোজিত হ’ল আন এক সোণালী অধ্যায়। আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা হকীৰ ফাইনেলত পৰাক্ৰমী চীনক একমাত্ৰ গ’লৰ ব্যৱধানত ধৰাশায়ী কৰি সোণৰ পদক আঁজুৰি আনিলে ভাৰতীয় কন্যাই। দেশক এই ঐতিহাসিক গৌৰৱ উপহাৰ দিয়া দলটোৰ মূল স্তম্ভ হিচাপে জিলিকি উঠিল মিজোৰামৰ দুই প্ৰতিভাশালী খেলুৱৈ লালমেছিয়ামী আৰু লালথান্টলুৱাংগি। ৰাজ্যখনৰ এই দুই ক্ৰীড়া তাৰকাৰ...

দিল্লীত কৰ্তব্যৰত তিনি মহিলা সাংবাদিকক যৌন নিগ্ৰহৰ গুৰুতৰ অভিযোগ; এচিপিৰ বিৰুদ্ধে থানা ঘেৰাও কৰি প্ৰতিবাদ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে ৰাজধানী দিল্লী। বিগত তিনি দিন ধৰি ৰাজধানীত অব্যাহত আছে বিভিন্ন দল-সংগঠন, ব্যক্তিৰ প্ৰতিবাদ। আৰু এই প্ৰতিবাদৰ সময়তে পুনৰ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে দিল্লী আৰক্ষী। প্ৰতিবাদত অংশ লোৱা মহিলা প্ৰতিবাদী আৰু প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকৰ সৈতে অশালীন আচৰণৰ অভিযোগত দিল্লী আৰক্ষীৰ বিৰুদ্ধে সোচ্ছাৰ...

এয়াৰ মাৰ্শ্বাল আই এছ ৱালিয়াৰ উপস্থিতিত গুৱাহাটীত বায়ু সেনাৰ দৌৰ প্ৰতিযোগিতা সম্পন্ন

দেওবাৰে গুৱাহাটীত দ্বিতীয় সংস্কৰণৰ ‘চেখোঁ ইণ্ডিয়ান এয়াৰ ফৰ্চ মাৰাথন ২০২৬’ (SIM-26) অনুষ্ঠিত হৈ যায়। শাৰীৰিক সক্ষমতা, বীৰত্ব আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ এই বিশেষ অনুষ্ঠানটোত উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তৰ দৌৰ অনুৰাগী, বায়ু সেনাৰ জোৱান, প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সাধাৰণ নাগৰিকে অংশগ্ৰহণ কৰে। এই মাৰাথনখন ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ কিংবদন্তি পৰম বীৰ চক্ৰ বিজয়ী ফ্লাইং অফিচাৰ নিৰ্মল জিৎ...
1 … 4 5 6 7 8 … 48

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us