Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

ঠিকাদাৰৰ বিল মুকলিৰ নামত উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ জালত লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা

চৰকাৰী প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ পিছতো চুক্তিভিত্তিক ধন মুকলি কৰাৰ নামত ঠিকাদাৰৰ পৰা ঘোচ লৈ হাতে-লোটে ধৰা পৰিল লোকনিৰ্মাণ বিভাগৰ এগৰাকী সহকাৰী কাৰ্যবাহী অভিযন্তা। মঙলবাৰে ডিব্ৰুগড়স্থিত লোকনিৰ্মাণ বিভাগৰ (গৃহ শাখা) অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এক অতৰ্কিত অভিযান চলাই উৎকোচ গ্ৰহণৰ মুহূৰ্ততে গ্ৰেপ্তাৰ কৰে অভিযন্তা মৃদুল বাগলাৰীক। জানিব পৰা মতে, লাহোৱালৰ মাদৰখাট চাহ বাগিচাত...

বিৰোধীৰ উত্তাল প্ৰতিবাদ আৰু ইমপিচমেণ্টৰ চৰ্চাৰ মাজতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ছত্তীশগড় ভ্ৰমণ বাতিল

তীব্ৰ বিতৰ্ক আৰু ৰাজধানীত সাব্যস্ত হোৱা উত্তাল প্ৰতিবাদৰ পিছতে নিজৰ দুদিনীয়া ছত্তীশগড় ভ্ৰমণ স্থগিত ৰাখিবলগীয়া হ’ল মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ৭ আৰু ৮ অক্টোবৰত নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰাৰ কথা আছিল যদিও ‘অপৰিহাৰ্য কাৰণ’ দেখুৱাই এই ভ্ৰমণ বাতিল কৰা বুলি ছত্তীশগড়ৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে নিশ্চিত কৰিছে।...

আকাশবাণী ভৱনত বলপূৰ্বক প্ৰৱেশৰ অভিযোগ; ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে দিল্লী আৰক্ষীক এজাহাৰ দাখিল কৰ্মচাৰীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ লগতে বিৰোধী সাংসদসকলৰ বিৰুদ্ধে আকাশবাণী ভৱনত বলপূৰ্বক প্ৰৱেশ কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ তুলি দিল্লী আৰক্ষীক এখন আনুষ্ঠানিক এজাহাৰ দাখিল কৰিছে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে। নিৰ্বাচন আয়োগৰ কাৰ্যালয় অভিমুখে যাত্ৰা কৰাৰ সময়ত আৰক্ষীৰ সৈতে হোৱা সংঘাতৰ পিছতে সংসদ মাৰ্গত অৱস্থিত আকাশবাণীৰ চৌহদত এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ সূত্ৰপাত হৈছিল মঙলবাৰে দিনৰ...

নিৰ্বাচন আয়োগক সমালোচনা কৰি প্ৰাক্তন ন্যায়াধীশসকলৰ ৰোষত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

নিৰ্বাচন আয়োগক মুকলিকৈ সমালোচনা কৰি উচ্চতম ন্যায়ালয়ৰে প্ৰাক্তন ন্যায়াধীশৰ ৰোষত পৰিল ন্যায়াধীশ উজ্জ্বল ভূঞা। দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে সোমবাৰে ন্যায়াধীশ ভূঞাই কৰা মন্তব্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা বিষয় এটাক লৈ এজন কাৰ্যৰত ন্যায়াধীশে ৰাজহুৱা মন্তব্য আগবঢ়োৱাটো ন্যায়িক শিষ্টাচাৰৰ পৰিপন্থী। ভোটদাতা তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াক লৈ...

ব্ৰিটেইনৰ কেম্ব্ৰিজত উজ্বলিল অসমৰ জীয়াৰী; আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত একমাত্ৰ ভাৰতীয় হিচাপে স্বৰ্ণপদক অৰ্জন কৃতি ধানুকাৰ

ব্ৰিটেইনৰ কেম্ব্ৰিজত অনুষ্ঠিত সন্মানীয় আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত অসাধাৰণ সফলতা অৰ্জন কৰি সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ কৃতি ধানুকাই। ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ ব্ৰিটেইনৰ কেম্ব্ৰিজস্থিত চেলৱিন কলেজত অনুষ্ঠিত হৈছিল কেম্ব্ৰিজ ইক’নমিক্স এণ্ড ফাইনেন্স কম্পিটিশ্বনৰ অধীনস্থ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড প্ৰতিযোগিতাখন। তাত সোণৰ পদক অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই বিৰল কৃতিত্ব অৰ্জন কৰা একমাত্ৰ...

কটকটীয়া নিৰাপত্তাৰ মাজত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত

মঙলবাৰে অনুষ্ঠিত হোৱা নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত সন্ধিয়া পৰ্যন্ত ৭০ শতাংশৰো অধিক ভোটদানৰ হাৰ ৰেকৰ্ড কৰা হৈছে। দিনটোৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমগ্ৰ সমষ্টিটোতে প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৫ বজাত অন্ত পৰে। সমষ্টিটোৰ ২,১১২ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ইয়াৰ ভিতৰত ৫ টা আৰ্হি ভোটকেন্দ্ৰ আৰু ৩৩৫ টা...

শুৱালকুছিৰ হস্ততাঁত খণ্ডত বিপ্লৱ: নিৰ্মাণ হ’ব ডিজাইন ষ্টুডিঅ’ আৰু শ্বপিং প্লাজা

অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্প আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি ঐতিহ্যমণ্ডিত বস্ত্ৰনগৰী শুৱালকুছিৰ বাথান ভাটিচুবা ৰাজহুৱা খেলপথাৰত আয়োজিত এক বিশেষ সমাৰোহত শিপিনীসকলৰ মাজত উন্নতমানৰ উৰামাকোঁ তাঁতশাল আৰু আধুনিক হস্ততাঁত সঁজুলি আনুষ্ঠানিকভাৱে বিতৰণ কৰে। ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগত আৰু ‘ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন কাৰ্যসূচী’ৰ (NHDP) অধীনত ৰূপায়িত ‘মেগা হেণ্ডলুম ক্লাষ্টাৰ’ প্ৰকল্পৰ অংশ হিচাপে...

ৰিং এৰি ৰাজপথত অলিম্পিয়ান লাভলীনা বৰগোঁহাই; মহিলাৰ নিৰাপত্তাৰ স্বাৰ্থত দিল্লী আৰক্ষীৰ সৈতে দিলে সান্ধ্য টহল

বক্সিঙৰ ৰিঙত দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ পিছত এইবাৰ মহিলাৰ সুৰক্ষা আৰু সজাগতাৰ হকে ৰাজপথলৈ ওলাই আহিল অসম কন্যা লাভলীনা বৰগোঁহাই। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাজৌৰী গাৰ্ডেন অঞ্চলত মহিলা আৰক্ষী কৰ্মীসকলৰ সৈতে এক বিশেষ সান্ধ্যকালীন পদযাত্ৰা তথা টহলত অংশ লয় অলিম্পিক পদক বিজয়ী তাৰকা বক্সাৰগৰাকীয়ে। মহিলাসকলৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰা আৰু জনসাধাৰণক মহিলা নিৰাপত্তাৰ প্ৰতি সজাগ...

ভূটানত আদানী গোষ্ঠীৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প; ৭৭০ মেগাৱাট শক্তি উৎপাদনৰ বাবে ড্ৰুক গ্ৰীণ পাৱাৰৰ সৈতে ঐতিহাসিক চুক্তি

দক্ষিণ এছিয়াৰ শক্তি খণ্ডক অধিক স্বাৱলম্বী কৰাৰ দিশত অগ্ৰসৰ হৈ ভূটানৰ মাটিত আন এক মেগা প্ৰকল্পত হাত দিলে ভাৰতৰ আদানী পাৱাৰে। ভূটান চৰকাৰৰ অধীনস্থ ড্ৰুক গ্ৰীণ পাৱাৰ কৰ্পোৰেচন চমুকৈ ডিজিপিচিৰ সৈতে এক ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰি দেশখনত ৭৭০ মেগাৱাট সম্পন্ন চামখাৰছু-১ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পথ প্ৰশস্ত কৰিছে প্ৰতিষ্ঠানটোৱে। ২০২৭ চনৰ প্ৰথম ভাগৰ পৰাই আৰম্ভ হ’বলগীয়া...

ৰয়েল গ্ল’বেলৰ সমাৱৰ্তনত পাঁচ বিশিষ্ট ব্যক্তিলৈ ‘অনাৰিছ কজা’ ডিগ্ৰী: ২৯ অক্টোবৰত প্ৰাক্তন ছাত্ৰ সন্মিলন

গুৱাহাটীৰ আছাম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ (RGU) ষষ্ঠ সমাৱৰ্তন অনুষ্ঠান অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত সভাপতিত্ব কৰিব অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ ভিজিটৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যই। এই সমাৱৰ্তনত নিজ নিজ ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে পাঁচগৰাকী ব্যক্তিক সন্মানীয় ‘অনাৰিছ কজা’ (Honoris Causa) ডিগ্ৰী প্ৰদান কৰা হ’ব। নতুন দিল্লীৰ ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটৰ অধ্যক্ষ তথা পদ্মভূষণ...
1 … 3 4 5 6 7 … 48

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us