Trending:
/ Oct 06, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

অন্য দুই আয়ুক্তক উপেক্ষাৰ অভিযোগ; মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকলাপ সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

Table of Content

দেশৰ স্বতন্ত্ৰ সাংবিধানিক প্ৰতিষ্ঠান নিৰ্বাচন আয়োগক লৈ উত্থাপিত অভিযোগে সমগ্ৰ দেশজুৰি অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞাণেশ কুমাৰে আন দুই আয়ুক্তক অন্ধকাৰত ৰাখি একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণৰ অভিযোগক লৈ আজি উচ্চতম ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। জ্ঞাণেশ কুমাৰৰ স্বৈৰাচাৰিত্বৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আজি কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰে উচ্চতম ন্যায়ালয়ে।

ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত তিনিজনীয়া বিশেষ বিচাৰপীঠে উত্থাপিত অভিযোগসমূহৰ সন্দৰ্ভত এসপ্তাহৰ ভিতৰত উত্তৰ দাখিলৰ নিৰ্দেশ দিয়ে। শুনানিকালত বিচাৰপীঠে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰি কয় যে নিৰ্বাচন আয়োগৰ উত্তৰ পৰীক্ষাৰ অন্তত যদিহে প্ৰমাণ ওলায় যে কোনো সিদ্ধান্ত সহমত অবিহনে গ্ৰহণ কৰা হৈছিল, তেন্তে তেনে সকলো একপক্ষীয় পদক্ষেপ তৎমুহূৰ্ততে বাতিল কৰা হ’ব।

পাটনাৰ বাসিন্দা ৰাকেশ কুমাৰ সিং আৰু অধিবক্তা শৈলেন্দ্ৰ মণি ত্ৰিপাঠীয়ে দাখিল কৰা এই আবেদনখনত অভিযোগ কৰা হৈছে যে সমগ্ৰ নিৰ্বাচন আয়োগৰ উমৈহতীয়া সাংবিধানিক কৰ্তৃত্ব অকলেই প্ৰয়োগ কৰি আহিছে জ্ঞানেশ কুমাৰে। সহকৰ্মীসকলক সম্পূৰ্ণৰূপে এৰাই চলি ছফ্টৱেৰৰ সালসলনি ঘটোৱাৰ লগতে গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনাও তেওঁ একক সিদ্ধান্তৰে জাৰি কৰা বুলি আবেদনত উল্লেখ কৰা হয়। গোচৰটোৰ চূড়ান্ত ৰায়দান নোহোৱালৈকে মুখ্য নিৰ্বাচন আয়ুক্তক সকলো দায়িত্বৰ পৰা বিৰত ৰাখি বাকী দুজন আয়ুক্ত- সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীৰ যৌথ নেতৃত্বত আয়োগ চলোৱাৰ বাবে আবেদনকাৰীয়ে ন্যায়ালয়ক অনুৰোধ জনায়।

উল্লেখ্য যে, ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনী সম্পৰ্কীয় কেতবোৰ নিৰ্দেশনা তেওঁলোকৰ অগোচৰে প্ৰস্তুত কৰাৰ অভিযোগ তুলি বিগত দহ মাহৰ ভিতৰত অন্য দুই আয়ুক্তই অন্ততঃ ১৪ বাৰকৈ লিখিত আপত্তি দাঙি ধৰিছিল। এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই চাঞ্চল্যকৰ তথ্য ফাদিল হোৱাৰ পাছতেই উচ্চতম ন্যায়ালয়ৰ মজিয়াত এই আইনী যুঁজ আৰম্ভ হয়, যাৰ ফলত স্বতন্ত্ৰ নিৰ্বাচন আয়োগৰ বিশ্বাসযোগ্যতা আৰু স্বচ্ছতাক লৈ দেশৰ ৰাজনৈতিক মহলত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us