Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

কম খৰচতে পণ্য পৰিবহণৰ সেউজ বিপ্লৱ: ডিব্ৰুগড়-ঢাকা জলপথৰ ঐতিহাসিক শুভাৰম্ভণি

Table of Content

স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি ডিব্ৰুগড়ৰ পৰা প্ৰথম আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰা আজিৰে পৰা ঐতিহাসিক শুভাৰম্ভ হৈছে। কেন্দ্রীয় চৰকাৰৰ বন্দৰ-জাহাজ পৰিবহন আৰু জলপথ মন্ত্রী সর্বানন্দ সোনোৱালে ডিব্ৰুগড়ৰ বগীবিল টার্মিনেলত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ইয়াৰ শুভাৰম্ভণি কৰে। নামৰূপত থকা অসম পেট্র’কেমিকেলছে উৎপাদন কৰা ৫৪০ টন মিথানল কঢ়োৱা ডিএলবি পাটকাই জাহাজখনক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ ঢাকাত থকা পানগাঁও বন্দৰলৈ বুলি চুইছ অ’ন কৰি যাত্ৰা কৰোৱাই। ব্ৰহ্মপুত্র নদীত থকা ৰাষ্ট্ৰীয় জলপথ ২ ৰে ডিব্ৰুগড়ৰ পৰা বিদেশী বন্দৰলৈ পণ্য পৰিবহনৰ এই যাত্ৰাই অসমৰ বাবে পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দুৱাৰমুখ প্ৰতিষ্ঠা কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছে। এই ব্যৱস্থাই উদ্যোগসমূহৰ বাবে কম ব্যয় সাপেক্ষ সেউজ আৰু দ্রুত পণ্য পৰিবহণৰ সুবিধা, নতুন কর্মসংস্থান আৰু অর্থনৈতিক সুযোগ সৃষ্টি, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সম্পৰ্কৰ সুদৃঢ়কৰণকে ধৰি ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰত ইতিবাচক প্রভাৱ পেলাব।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us