Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণৰক্ষা; বিশ্বজুৰি বন্দিত ভাৰতীয় পাইলট স্মিত মাচ্চাৰলৈ ম্যানকাইণ্ড ফাৰ্মাৰ এক কোটি টকাৰ পুৰস্কাৰ

Table of Content

মধ্য আকাশত যাত্ৰীবাহী বিমানত সংঘটিত ভয়ংকৰ আক্ৰমণৰ মাজতো অসীম সাহসিকতাৰে ১৭৪ গৰাকী লোকৰ জীৱন ৰক্ষা কৰা ভাৰতীয় কেপ্টেইন স্মিত মাচ্চাৰক লৈ এতিয়া বিশ্বজুৰি চলিছে ব্যাপক চৰ্চা। ডুবাইৰ পৰা ইজৰাইলৰ তেল আভিভ অভিমুখে যাত্ৰা কৰা ফ্লাইডুবাইৰ এফজেড১০৭৩ নম্বৰৰ বিমানখনত ৩০ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই শিহৰণকাৰী ঘটনা। সহ-পাইলটৰ আকস্মিক আক্ৰমণ আৰু প্ৰাণঘাতী পৰিস্থিতিৰ সন্মুখীন হৈয়ো অলপো বিচলিত নহৈ বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰাই বিশ্ববাসীৰ দৃষ্টিত প্ৰকৃত নায়ক হিচাপে পৰিগণিত হয় এইগৰাকী ভাৰতীয় বৈমানিক।

কেপ্টেইন মাচ্চাৰৰ এই অসাধাৰণ বীৰত্ব আৰু সংকটকালীন নেতৃত্বক ভূয়সী প্ৰশংসা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ নাম উজ্বলোৱা এই সাহসী কাৰ্যক সন্মান জনাই দেশৰ অন্যতম শীৰ্ষ ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান ম্যানকাইণ্ড ফাৰ্মাই কেপ্টেইন মাচ্চাৰলৈ ঘোষণা কৰিছে এক কোটি টকাৰ বিশেষ আৰ্থিক পুৰস্কাৰ।

প্ৰতিষ্ঠানটোৰ উপাধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰাজীৱ জুনেজাই বীৰ পাইলটগৰাকীলৈ এখন শ্ৰদ্ধাঞ্জলিপূৰ্ণ পত্ৰ প্ৰেৰণ কৰি এই সন্মানৰ কথা সদৰী কৰে। পত্ৰখনত তেওঁ উল্লেখ কৰে যে বিশ্বৰ বুকুত এজন ভাৰতীয়ই প্ৰদৰ্শন কৰা এনে দুৰ্দান্ত সাহস, মানৱতা আৰু কৰ্তব্যনিষ্ঠাই সমগ্ৰ দেশকে গৌৰৱান্বিত কৰি তুলিছে। সংকটৰ মুহূৰ্তত তেওঁ যিদৰে বহু মানুহৰ প্ৰাণ ৰক্ষা কৰিলে আৰু কোটি কোটি লোকক অনুপ্ৰাণিত কৰিলে, তাৰ মূল্য কোনো ধন-সম্পত্তিৰে নিৰ্ণয় কৰিব নোৱাৰি বুলি উল্লেখ কৰি প্ৰতিষ্ঠানটোৱে কয় যে এই অৰিহণা কেৱল তেওঁৰ ত্যাগ আৰু সাহসৰ প্ৰতি জনোৱা এক বিনম্ৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধাঞ্জলি।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us