Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Paromita

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

মানুহৰ দৰে আচৰণ শিককঃ হিন্দু-মুছলমান ৰাজনীতি বন্ধৰ আহ্বান বদৰুদ্দিন আজমলৰ

হিন্দু-মুছলমান ৰাজনীতি এৰি প্ৰথমে মানুহ হ’ব লাগে। বুধবাৰে বৰপেটা জিলাত এই মন্তব্য কৰে বিধায়ক তথা এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে। ধৰ্মীয় বিভাজনৰ ৰাজনীতি কৰা নেতাসকলক তীব্ৰ সমালোচনা কৰি আজমলে কয়- এনে কথা কোৱা লোক মানুহেই নহয়, জন্তুতকৈও অধম। বন্যাৰ্ত লোকসকলৰ সৈতে মত বিনিময় কৰাৰ পিছত বদৰুদ্দিন আজমলে কয়, “আপুনি হিন্দুও নহ’ব, মুছলমানো নহ’ব। আপুনি মানুহৰ সন্তান।...

নিজৰ লাইফ জেকেট খুলি ৰক্ষা কৰিলে কৃষকৰ জীৱন! পিছে বানৰ কোবাল সোঁতত নিজেই হেৰাল স্বেচ্ছাসেৱক ৰাজেশ

ভয়ংকৰ বান পৰিস্থিতিত ডুবিবলৈ ধৰা এজন কৃষকৰ জীৱন ৰক্ষা কৰি নিজেই প্ৰাণ উৎসৰ্গা কৰিলে এগৰাকী স্বেচ্ছাসেৱকে। বানৰ কোবাল সোঁতত উটি যোৱা ৬১ বছৰীয়া কৃষকজনক উদ্ধাৰ কৰাৰ পিছত নিজৰ গাত পিন্ধি থকা লাইফ জেকেটটো খুলি দিয়াত কৃষকজনৰ প্ৰাণ ৰক্ষা পৰে। কিন্তু কৃষকজনক সুৰক্ষিত স্থানলৈ লৈ অহাৰ প্ৰচেষ্টাৰ মাজতে প্ৰবল সোঁতে উটুৱাই নিয়ে স্বেচ্ছাসেৱক আৰ ৰাজেশক। মঙলবাৰে...

বিদায় মহাভাৰতৰ অশ্বত্থামা! ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ অভিনেতা প্ৰদীপ ৰাৱটৰ

মাত্ৰ ৭৪ বছৰ বয়সতে চিৰবিদায় ল’লে ‘মহাভাৰত’ ধাৰাবাহিকত অশ্বত্থামাৰ চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে পৰিচিতি লাভ কৰা অভিনেতা প্ৰদীপ ৰাৱটে। তিনি দশকৰো অধিক সময় ধৰি ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন জগতত সক্ৰিয় হৈ থকা এইগৰাকী অভিনেতাৰ মঙলবাৰে মৃত্যু ঘটে। বি আৰ চোপ্ৰা নিৰ্মিত জনপ্ৰিয় ধাৰাবাহিক ‘মহাভাৰত’ত অশ্বত্থামাৰ চৰিত্ৰ ৰূপায়ণ কৰিয়েই প্ৰদীপ ৰাৱটে অভিনয় জীৱনৰ অন্যতম পৰিচিতি...

জেন জিৰ সৈতে সংলাপৰ আহ্বান; আৰএছএছ প্ৰধানক লক্ষ্য কৰি অভিজিত দীপকেৰ কটাক্ষ

যুৱ প্ৰজন্মৰ সৈতে সংলাপ হোৱাটো ইতিবাচক পদক্ষেপ, কিন্তু সেই সংলাপৰ নেতৃত্বও যুৱ প্ৰজন্মৰ হাততেই থাকিব লাগে। আৰএছএছ প্ৰধান মোহন ভাগৱতে জেন জি আৰু জেন আলফা শিক্ষাৰ্থীৰ সৈতে মতবিনিময়ত বহিবলৈ ওলোৱাৰ পূৰ্বে এই মন্তব্য কৰে ককৰোচ জনতা পাৰ্টি (চিজেপি)ৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেই। ৬ আগষ্টত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানক লৈয়ে শাসকীয় শিবিৰক কটাক্ষ কৰে তেওঁ। আৰএছএছে...

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ সন্মান সাহিত্য সভাৰ; ‘জুবিন সংগীত’ হিচাপে স্বীকৃতি সকলো গীতক

অসমীয়া সংগীতৰ ইতিহাসত এক নতুন অধ্যায় সংযোজন কৰিলে অসম সাহিত্য সভাই। প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ অসাধাৰণ সংগীত সাধনাৰ স্বীকৃতি স্বৰূপে তেওঁলৈ মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি আগবঢ়োৱাৰ লগতে তেওঁৰ ৰচনা কৰা সকলো গীতক ‘জুবিন সংগীত’ হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত নাহৰ শাখা সাহিত্য সভাৰ সহযোগত আয়োজিত অনুষ্ঠানত এই ঘোষণা...

বান পৰিস্থিতিত সহায়ৰ হাত আগবঢ়োৱা স্বেচ্ছাসেৱকক কৃতজ্ঞতা গৌৰৱ গগৈৰ; কৰিলে ৰাইজৰ ঐক্যৰ প্ৰশংসা

উজনি অসমৰ বান বিভীষিকাই হাজাৰ হাজাৰ পৰিয়ালৰ জীৱন বিপৰ্যস্ত কৰি তোলা সময়ত অসহায় মানুহৰ কাষত থিয় দিয়া স্বেচ্ছাসেৱক, তৃণমূল পৰ্যায়ৰ সংগঠন আৰু সাধাৰণ ৰাইজৰ ভূমিকাক প্ৰশংসাৰে স্মৰণ কৰিলে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। ভয়ংকৰ দুৰ্যোগৰ মাজতো সহায়-সাহায্য, ঔষধ আৰু আশাৰ বতৰা বানাক্ৰান্ত লোকৰ ওচৰলৈ লৈ যোৱাত এইসকল লোকৰ অৱদান অনন্য আছিল বুলিও তেওঁ উল্লেখ কৰে। সামাজিক...

বেতকুচিত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা; ৰৈ থকা ট্ৰাকত খুন্দা মাৰি নিহত দুজন

এটা মুহূৰ্তৰ অসাৱধানতাই নিমিষতে কাঢ়ি লৈ গ’ল দুটাকৈ জীৱন। গুৱাহাটীৰ বেতকুচিত ৰাষ্ট্ৰীয় ঘাইপথ-২৭ত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক। দ্ৰুতবেগী এখন ট্ৰাকে পথৰ কাষত থিয় হৈ থকা আন এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চলন্ত ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই থিয়...

মানৱতাৰ অনন্য নিদৰ্শন! বানপীড়িতৰ সহায়ৰ বাবে সাঁচতীয়া ধন আগবঢ়ালে এগৰাকী ছাত্ৰীয়ে

বানে ধুই নিয়া শিৱসাগৰত এতিয়া বন্যাৰ্তৰ বিননিয়ে হিয়া কঁপাইছে প্ৰতিজন লোকৰ। সপোনৰ ঘৰখন বানে উটুৱাই নিয়াৰ পিছত দিকবিদিক হেৰুৱাই পেলাইছে হাজাৰ হাজাৰ লোকে। হঠাৎ অহা বানে কাঢ়ি নিছে গোহালিৰ গৰু, গড়ালৰ হাঁহ-কুকুৰা আৰু পথাৰৰ ঠন ধৰি উঠিবলৈ লোৱা খেতিডৰা। এনে পৰিস্থিতিত এতিয়া বন্যাৰ্তৰ একমাত্ৰ ভৰসা হৈ পৰিছে তেওঁলোকৰ চকুলৈ চাই অকণমান সাহায্য বিলাই যোৱা চৰকাৰ-প্ৰশাসন,...

বান সাহায্যৰ বাবে এমাহৰ দৰমহা আগবঢ়াব বিধায়কে; সৰ্বদলীয় সমৰ্থনত সিদ্ধান্ত বিধানসভাৰ

বান আঁতৰিলেও এতিয়াও আঁতৰা নাই বানে নমাই অনা বিভীষিকা! উজনি অসমত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বানাক্ৰান্ত জনতাক সহায় কৰিবলৈ এইবাৰ একেলগে আগবাঢ়ি আহিল অসম বিধানসভাৰ বিধায়কসকল। মঙলবাৰে সকলো দলৰ সমৰ্থনত বিধায়কসকলে বান সাহায্যৰ বাবে নিজৰ এমাহৰ দৰমহা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিধানসভাৰ এই পদক্ষেপক শাসকীয় আৰু বিৰোধী- উভয় পক্ষই সমৰ্থন জনায়। তৃণমূল কংগ্ৰেছৰ...

বানপীড়িতৰ কাষত থিয় হ’বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ; ১২ কোটি টকাৰ সাহায্য সংগ্ৰহ কৰিব বিজেপিয়ে

উজনিৰ বানত ককবকাইছে হাজাৰ হাজাৰ জনতা! বানৰ তাণ্ডৱ শাম কাটিলেও এতিয়াও শাম কটা নাই প্ৰলয়ংকাৰী বানে নমাই অনা বিভীষিকা। বানৰ পিছত এতিয়া এসাজ ভাত, এটোপাল পানী আৰু এখন কাপোৰৰ বাবে হাহাকাৰ কৰিছে বানাক্ৰান্ত জনতাই। এনে সময়তে এই বন্যাৰ্ত জনতাৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠন, দল-সংগঠন, শিল্পী, কলা-কুশলী আৰু সুহৃদয়বান ব্যক্তি। বান...
1 13 14 15 16 17 22

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us