Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বান পৰিস্থিতিত সহায়ৰ হাত আগবঢ়োৱা স্বেচ্ছাসেৱকক কৃতজ্ঞতা গৌৰৱ গগৈৰ; কৰিলে ৰাইজৰ ঐক্যৰ প্ৰশংসা

Table of Content

উজনি অসমৰ বান বিভীষিকাই হাজাৰ হাজাৰ পৰিয়ালৰ জীৱন বিপৰ্যস্ত কৰি তোলা সময়ত অসহায় মানুহৰ কাষত থিয় দিয়া স্বেচ্ছাসেৱক, তৃণমূল পৰ্যায়ৰ সংগঠন আৰু সাধাৰণ ৰাইজৰ ভূমিকাক প্ৰশংসাৰে স্মৰণ কৰিলে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। ভয়ংকৰ দুৰ্যোগৰ মাজতো সহায়-সাহায্য, ঔষধ আৰু আশাৰ বতৰা বানাক্ৰান্ত লোকৰ ওচৰলৈ লৈ যোৱাত এইসকল লোকৰ অৱদান অনন্য আছিল বুলিও তেওঁ উল্লেখ কৰে।

সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা এক পোষ্টত গগৈয়ে উল্লেখ কৰে যে, বানৰ ফলত বহু লোকৰ ঘৰ-বাৰী উটি যোৱাৰ লগতে পথ-ঘাট বিচ্ছিন্ন হৈ সমগ্ৰ গাঁও পানীৰ মাজত আবদ্ধ হৈ পৰিছিল। এনে পৰিস্থিতিত পূৰ্ব অভিজ্ঞতা নথকা বহু যুৱকে স্বতঃস্ফূৰ্তভাৱে সাহায্য সমন্বয়ৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু তৃণমূল পৰ্যায়ৰ সংগঠনসমূহেই উদ্ধাৰ আৰু সাহায্য কাৰ্যৰ মূল শক্তি হিচাপে কাম কৰিছিল।

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সময়, ধন আৰু শ্ৰমেৰে সহায় আগবঢ়োৱা সকলো নাগৰিকলৈও কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয় যে, এই ঐক্যবদ্ধ প্ৰচেষ্টাই দুৰ্যোগৰ সময়ত অসংখ্য মানুহক সাহস যোগাইছে।

ইফালে, বানাক্ৰান্ত লোকসকলৰ বাবে একাধিক বিশেষ ৰেহাই ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ্ছ সমিতিৰ বিশেষ বৈঠকৰ পাছত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত ঋণগ্ৰহীতাসকলৰ বাবে সকলো ধৰণৰ ঋণ পৰিশোধত ছমাহৰ স্থগিতাদেশ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, বেংকসমূহে বানৰ ফলত ক্ষতিগ্ৰস্ত ঋণগ্ৰহীতাসকলৰ তথ্য পৰীক্ষা কৰাৰ পাছতহে এই সুবিধা প্ৰদান কৰিব। যিসকল ঋণগ্ৰহীতা বানৰ দ্বাৰা প্ৰভাৱিত হোৱা নাই, তেওঁলোকক নিয়মীয়াকৈ কিস্তি পৰিশোধ অব্যাহত ৰাখিবলৈও আহ্বান জনোৱা হৈছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us