Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Paromita

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

দুৰ্নীতিৰ অভিযোগত নাম সাঙোৰ খোৱা আইএএছ বিষয়াক শিক্ষা সচিব! কেন্দ্ৰৰ সিদ্ধান্তক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

যেন উদক ভেটা ৰখীয়া পাতিলে চৰকাৰে! দুৰ্নীতিৰ অভিযোগত নাম সাঙোৰ খাই পৰা আইএএছ বিষয়া নৰেশ পাল গাংৱাৰক দেশৰ নতুন উচ্চ শিক্ষা সচিব হিচাপে নিযুক্তি দিয়াৰ পিছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিষয়াগৰাকীৰ বিৰুদ্ধে পূৰ্বে নিজৰ পৰিয়ালৰ সদস্যক চৰকাৰী ৰাজসাহায্য আদায় দিয়াত স্বাৰ্থৰ সংঘাতৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগসমূহ এতিয়াও প্ৰমাণিত হোৱা নাই যদিও এনে অভিযোগত নাম...

মণিপুৰ হিংসাৰ গোচৰত বিশেষ আদালতৰ প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ; দৈনিক শুনানিৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পৰামৰ্শ

হিংসাজৰ্জৰ মণিপুৰক লৈ এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াইছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ৰাজ্যখনৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ সংঘাতক কেন্দ্ৰ কৰি ২০২৩ চনত সূত্ৰপাত ঘটা হিংসাত্মক ঘটনাসমূহৰ সৈতে জড়িত ফৌজদাৰী গোচৰৰ দৈনিক শুনানিৰ বাবে বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায় উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে গোচৰটোৰ শুনানি গ্ৰহণ কৰি আদালতে বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰগতিত সম্পন্ন কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। মুখ্য...

দেশৰ ভৱিষ্যৎ নহয়, শিক্ষাৰ্থীক শত্ৰুৰ দৰে ব্যৱহাৰ কৰিছে মোদী চৰকাৰেঃ শিক্ষাৰ্থীৰ প্ৰতিবাদলৈ সমৰ্থন ছোনিয়া গান্ধীৰ

নিট প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা ব্যৱস্থাত সংঘটিত হৈ অহা বিসংগতিৰ পৰিপ্ৰেক্ষিতত দেশজুৰি উঠিছে প্ৰতিবাদৰ জোৱাৰ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে বিগত এমাহৰো অধিক সময় ধৰি ৰাজধানী দিল্লীত দেশৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এতিয়া এই প্ৰতিবাদৰ জোকাৰণি উঠিছে ৰাজনীতিৰ ক্ষেত্ৰখনতো। এনে সময়তে শিক্ষাৰ্থীৰ আন্দোলনলৈ প্ৰকাশ্যে সমৰ্থন জনাই মোদী চৰকাৰৰ বিৰুদ্ধে শাণিত বান নিক্ষেপ...

মণিপুৰত আৰক্ষীৰ জালত তিনি উগ্ৰপন্থী কেডাৰ; হেৰ’ইনসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

হিংসাজৰ্জৰ মণিপুৰত চেগা-চোৰোকাকৈ সংঘটিত হৈ অহা কূটাঘাত আৰু ধন দাবীৰ ঘটনাৰ মাজতে এইবাৰ আৰক্ষীৰ জালত পৰিল তিনি সক্ৰিয় উগ্ৰপন্থী কেডাৰ। বুধবাৰে ৰাজ্যখনৰ বিভিন্ন স্থানত অভিযান চলাই নিষিদ্ধ সংগঠনৰ সৈতে জড়িত এই কেডাৰকেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে পৃথক এক মাদকবিৰোধী অভিযানত হেৰ’ইনসহ এজন সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰে মণিপুৰ আৰক্ষীয়ে। বিষ্ণুপুৰ আৰক্ষী থানাৰ অন্তৰ্গত তেৰা উৰাক পৰীক্ষা...

৫০লৈ বৃদ্ধি ৰাজ্যৰ বানৰ মৃতকৰ সংখ্যা! সাহায্যৰ পৰা বঞ্চিত এতিয়াও ২০ শতাংশ লোক

উজনি অসমত অব্যাহত থকা বান পৰিস্থিতিৰ মাজতে মৃতকৰ সংখ্যা ৫০লৈ বৃদ্ধি পোৱাৰ তথ্য সদৰী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে বান পৰিস্থিতিৰ শেহতীয়া পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে জনায় যে সামগ্ৰিক পৰিস্থিতিৰ কিছু উন্নতি হৈছে যদিও এতিয়াও প্ৰায় ২০ শতাংশ বানাক্ৰান্তৰ ওচৰলৈ সাহায্য সামগ্ৰী যোগান ধৰাটো সম্ভৱ হোৱা নাই। মুখ্যমন্ত্ৰীয়ে লগতে কয়, “বান পৰিস্থিতি পূৰ্বতকৈ অলপ উন্নত...

তিস্তা জলবিদ্যুৎ প্ৰকল্পত মৃত্যুৰ বিভীষিকা! উদ্ধাৰ অভিযানত ২২ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

ছিকিমৰ তিস্তা ষষ্ঠ পৰ্যায় জলবিদ্যুৎ প্ৰকল্পত মৃত্যুৰ বিভীষিকা! শনিবাৰে নিশা প্ৰকল্পটোৰ সুৰংগত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত কুৰিৰো অধিক শ্ৰমিকৰ মৃত্যুৰ আশংকা কৰা হৈছে। ইতিমধ্যে চলি থকা উদ্ধাৰ অভিযানত ২২ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলসমূহে। সুৰংগৰ ভিতৰত আৱদ্ধ আন লোকসকলক উদ্ধাৰৰ লক্ষ্যৰে বৰ্তমানেও অভিযান অব্যাহত আছে। দুৰ্ঘটনাৰ পিছৰে পৰা বিভিন্ন বিশেষজ্ঞ সংস্থাৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত...

ৰাজা ৰঘুবংশী হত্যা গোচৰ! সোণম ৰঘুবংশীক আত্মসমৰ্পণৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

ৰাজা ৰঘুবংশী হত্যা গোচৰত জামিন লাভ কৰাৰ পিছতো আইনী সংকট আঁতৰা নাই সোণম ৰঘুবংশীৰ। মেঘালয় চৰকাৰে জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ পিছতে এইবাৰ সোণমক সাময়িকভাৱে আত্মসমৰ্পণ কৰাৰ পৰামৰ্শ দিয়ে শীৰ্ষ আদালতে। একে সময়তে আদালতে স্পষ্ট কৰি দিয়ে যে আত্মসমৰ্পণ নকৰিলে জামিনৰ বৈধতা যোগ্যতাৰ ভিত্তিত বিবেচনা কৰি আদেশ দিয়া হ’ব। মঙলবাৰে মুখ্য ন্যায়াধীশ সূৰ্য...

নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত পিষ্টলসহ আটক বিহাৰৰ এজন লোক

ৰে’ল ষ্টেচনসমূহত অব্যাহত থকা নিৰাপত্তা ব্যৱস্থাৰ মাজতে নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত জব্দ হ’ল এটা পিষ্টল আৰু পাঁচজাঁই সজীৱ গুলী। অস্ত্ৰসহ বিহাৰৰ এজন লোকক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে ৰে’ল আৰক্ষীয়ে। সোমবাৰে নিশা নিয়মীয়া তালাচী অভিযান চলোৱাৰ সময়তে এই সফলতা লাভ কৰে ৰে’ল আৰক্ষীয়ে। উপ-পৰিদৰ্শক সঞ্জীৱ চৌধুৰীৰ নেতৃত্বত থকা আৰক্ষীৰ দলটোৱে ষ্টেচন চৌহদত সন্দেহজনকভাৱে ঘূৰি ফুৰা...

এনআৰচিৰ পৰা বাদ পৰা লোকৰ আপীল প্ৰক্ৰিয়া কেতিয়া? কেন্দ্ৰ-অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

অসমৰ চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা লোকসকলৰ আপীল প্ৰক্ৰিয়া এতিয়াও আৰম্ভ নোহোৱাক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ত পুনৰ উত্থাপিত হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইবাৰ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু ৰাজ্যিক এনআৰচি সমন্বয়কৰ কাৰ্যালয়লৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। একে সময়তে পূৰ্বৰে পৰা বিচাৰাধীন একে বিষয়ৰ আন এখন আবেদনৰ সৈতে নতুন আবেদনখন সংযুক্ত কৰাৰ নিৰ্দেশ দিয়ে আদালতে। মুখ্য...

একে পৰিয়ালৰ চাৰি সদস্য সন্ধানহীন; বানৰ সোঁতে উটুৱাই নিলে মাতৃ-কন্যাক, উদ্ধাৰত নামি নিৰুদ্দেশ দুই পুত্ৰ

উজনি অসমৰ বিস্তীৰ্ণ অঞ্চলত অব্যাহত বান পৰিস্থিতিয়ে কঢ়িয়াই আনিলে আন এক শোকাৱহ ঘটনা। চৰাইদেউ জিলাত বানপানীৰ প্ৰবল সোঁতত উটি গৈ সন্ধানহীন হৈ পৰিছে একেটা পৰিয়ালৰ চাৰিজন সদস্য। ঘটনাৰ পিছত সময়মতে উদ্ধাৰ অভিযান আৰম্ভ নোহোৱাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰে স্থানীয় বাসিন্দাই। দেওবাৰে সন্ধিয়া টেঙাপুখুৰী আৰক্ষী থানাৰ অন্তৰ্গত অভয়পুৰীয়া গাঁৱত এই ঘটনা সংঘটিত হয়। ধাৰাসাৰ...
1 14 15 16 17 18 22

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us