বানে ধুই নিয়া শিৱসাগৰত এতিয়া বন্যাৰ্তৰ বিননিয়ে হিয়া কঁপাইছে প্ৰতিজন লোকৰ। সপোনৰ ঘৰখন বানে উটুৱাই নিয়াৰ পিছত দিকবিদিক হেৰুৱাই পেলাইছে হাজাৰ হাজাৰ লোকে। হঠাৎ অহা বানে কাঢ়ি নিছে গোহালিৰ গৰু, গড়ালৰ হাঁহ-কুকুৰা আৰু পথাৰৰ ঠন ধৰি উঠিবলৈ লোৱা খেতিডৰা। এনে পৰিস্থিতিত এতিয়া বন্যাৰ্তৰ একমাত্ৰ ভৰসা হৈ পৰিছে তেওঁলোকৰ চকুলৈ চাই অকণমান সাহায্য বিলাই যোৱা চৰকাৰ-প্ৰশাসন, দল-সংগঠন আৰু ব্যক্তিবিশেষ।
বানে মুচৰি পেলোৱা শিৱসাগৰ জিলাতো এতিয়া দুৰুহ ছবি। ৰাইজৰ এই ভয়াবহ দিনত ছাঁটোৰ দৰে সংগ দিয়া দেখা গৈছে বিধায়ক অখিল গগৈয়ে। সৰ্বস্ৰান্ত বানপীড়িতক সামান্য সকাহ দিয়াৰ উদ্দেশ্যে নগদ ধন বিতৰণ কৰিবলৈ টকাৰ বাবে হাবাথুৰি খোৱাৰ কথা নিজেই সামাজিক মাধ্যমত সদৰি কৰিছে অখিল গগৈয়ে। বিধায়কগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে বিভিন্নজনে আগবঢ়াইছে সামৰ্থ অনুযায়ী দান-বৰঙণি।
এনে সময়তে বিধায়কৰ হাতত নিজৰ সাঁচতীয়া ধনৰ টেকেলিটো তুলি দি বিশেষভাৱে চৰ্চিত হৈছে এগৰাকী কিশোৰী ছাত্ৰী। শিৱসাগৰৰ অৰ্জুনগুৰিৰ নিৱাসী হিমাশ্ৰী হিয়া কলিতা নামৰ ছাত্ৰীগৰাকীয়ে অখিল গগৈৰ হাতত তুলি দিয়ে তেওঁৰ সাঁচতীয়া ধনৰ টেকেলিটো।
বিধায়কগৰাকীয়ে হাতত এই টেকেলিটো লৈ আবেগিক হৈ পৰা দেখা যায়। কিশোৰী হিমাশ্ৰীক সাৱটি লৈ তেওঁৰ এই মহানুভৱতাৰ ভূয়সী প্ৰশংসা কৰে বিধায়ক অখিল গগৈয়ে।
উল্লেখ্য যে, উজনি অসমত সৃষ্টি হোৱা এই বান দুৰ্যোগত ইতিমধ্যে নিহতৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰাধিকৰণে সদৰি কৰা তথ্য অনুসৰি শিৱসাগৰৰ ভিন্ন প্ৰান্তত শেহতীয়াকৈ পুনৰ সাত জনৰ মৃতদেহ উদ্ধাৰ হৈছে।








