যুৱ প্ৰজন্মৰ সৈতে সংলাপ হোৱাটো ইতিবাচক পদক্ষেপ, কিন্তু সেই সংলাপৰ নেতৃত্বও যুৱ প্ৰজন্মৰ হাততেই থাকিব লাগে। আৰএছএছ প্ৰধান মোহন ভাগৱতে জেন জি আৰু জেন আলফা শিক্ষাৰ্থীৰ সৈতে মতবিনিময়ত বহিবলৈ ওলোৱাৰ পূৰ্বে এই মন্তব্য কৰে ককৰোচ জনতা পাৰ্টি (চিজেপি)ৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেই। ৬ আগষ্টত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানক লৈয়ে শাসকীয় শিবিৰক কটাক্ষ কৰে তেওঁ।
আৰএছএছে সদৰি কৰা মতে, মুম্বাইত আয়োজিত অনুষ্ঠানটোত দেশৰ ১০০খনতকৈ অধিক চহৰৰ ১৫ৰ পৰা ১৯ বছৰৰ ভিতৰৰ দুই হাজাৰতকৈ অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। জেন জি আৰু জেন আলফা প্ৰজন্মৰ শিক্ষাৰ্থীৰ সৈতে মতবিনিময় কৰিব আৰএছএছৰ সৰসংঘচালক মোহন ভাগৱতে।
সংবাদমাধ্যমৰ সৈতে হোৱা আলাপত অনুষ্ঠানটোক আদৰণি জনায় অভিজিত দীপকেই। কিন্তু যুৱ সমাজৰ সৈতে কথা পাতিবলৈ হ’লে যুৱ মুখকেই অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে দীপকেই। তেওঁ কয়, “সংলাপ হোৱাটো ভাল কথা। কিন্তু এই সংলাপ যদি যুৱ মুখে আগুৱাই নিয়ে, তেন্তে সেয়া আৰু অধিক ফলপ্ৰসূ হ’ব।”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মোহন ভাগৱতক লক্ষ্য কৰি তেওঁ লগতে কটাক্ষ কৰি কয়, “যুৱ সমাজেই তেওঁলোকক এই পৰ্যায়লৈ আনিবলৈ বাধ্য কৰিছে। প্ৰধানমন্ত্ৰীয়ে ইনষ্টাগ্ৰামত ৰীল পোষ্ট কৰিবলগীয়া হৈছে আৰু মোহন ভাগৱতেও জেন জিৰ সৈতে কথা পাতিব বিচাৰিছে।”
দীপকেৰ মতে, বহু পলমকৈ হ’লেও জেন জি প্ৰজন্মক উপেক্ষা কৰি আগবাঢ়িব নোৱাৰি বুলি শাসকীয় নেতৃত্বই উপলব্ধি কৰিছে। দেশৰ ভৱিষ্যৎ এই যুৱ সমাজৰ হাতত থকাৰ বাবে তেওঁলোকৰ সৈতে ধাৰাবাহিক সংলাপ চলি থাকিব লাগিব বুলিও উল্লেখ কৰে চিজেপিৰ প্ৰতিষ্ঠাপকগৰাকীয়ে।
ইফালে, ঝাৰখণ্ডত চৰকাৰী নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগক কেন্দ্ৰ কৰি অব্যাহত থকা শিক্ষাৰ্থীৰ আন্দোলনক লৈও সৰৱ হয় দীপকে। ৰাঁচীৰ জয়পাল সিং মুণ্ডা ষ্টেডিয়ামত অনিৰ্দিষ্টকালীন আন্দোলনত বহি থকা শিক্ষাৰ্থীসকলৰ সৈতে ফোনযোগে কথা পাতিছে বুলি জানিবলৈ দিয়ে দীপকেই।
ঝাৰখণ্ড চৰকাৰে আন্দোলনকাৰী শিক্ষাৰ্থীসকলক উপেক্ষা কৰি আছে বুলি অভিযোগ উত্থাপন কৰি দীপকে কয়, “তেওঁলোকক তম্বু টানিবলৈ দিয়া হোৱা নাই, আনকি শৌচাগাৰৰ সুবিধাও নাই। যন্তৰ মন্তৰত আমাৰ সৈতে যি ব্যৱহাৰ কৰা হৈছিল, ঝাৰখণ্ডতো শিক্ষাৰ্থীসকলে একেই পৰিস্থিতিৰ সন্মুখীন হৈছে।”
চিজেপি আন্দোলনকাৰী শিক্ষাৰ্থীসকলৰ কাষত আছে বুলি স্পষ্ট কৰি দিয়ে অভিজিত দীপকেই। আনহাতে, আন্দোলনকাৰীসকলে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ বাহিৰৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত স্বাধীন তদন্ত কমিটী গঠনৰ দাবী পুনৰ উত্থাপন কৰিছে। ৰাজ্য চৰকাৰে অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)ক দায়িত্ব দি সমগ্ৰ বিষয়টো ঢাকচাল দিবলৈ চেষ্টা কৰিছে বুলিও অভিযোগ কৰে আন্দোলনকাৰীসকলে।








