Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বুকু আৰু পেটত উপৰ্যুপৰি প্ৰহাৰৰ ফলত অত্যাধিক ৰক্তক্ষৰণ! মণিপুৰী সংগীতশিল্পী চংথাম বিক্ৰম সিঙৰ মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ ভয়ংকৰ তথ্য

Table of Content

ৰাজধানী দিল্লীত প্ৰাণ হেৰুওৱা মণিপুৰৰ সংগীতশিল্পী চংথাম বিক্ৰম সিঙৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে আক্ৰমণৰ বৰ্বৰ তথ্য। এইমছত সম্পন্ন হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, বুকু আৰু পেটত হোৱা গুৰুতৰ আঘাতৰ ফলত শৰীৰৰ ভিতৰত হোৱা প্ৰচণ্ড ৰক্তক্ষৰণৰ বাবেই মৃত্যুক সাৱটিছিল ৫৪ বছৰীয়া সংগীতশিল্পীগৰাকীয়ে।

এইমছৰ ফৰেনছিক মেডিচিন বিভাগৰ মুৰব্বী ডাঃ সুধীৰ গুপ্তাই প্ৰকাশ কৰি কয় যে বুকু আৰু পেটত চলোৱা মাৰাত্মক আক্ৰমণৰ পৰিণতিত শৰীৰৰ ভিতৰভাগত ব্যাপক ৰক্তক্ষৰণ হৈছিল। প্ৰতিবেদনত উল্লেখ থকা অনুসৰি, আক্ৰমণৰ ফলত সিঙৰ বাওঁফালৰ ১ নম্বৰৰ পৰা ১১ নম্বৰলৈকে আৰু সোঁফালৰ ৬ নম্বৰৰ পৰা ৯ নম্বৰলৈকে কামিহাড় ভাঙি চূৰমাৰ হৈছিল। এই ভঙা হাড়বোৰৰ চাৰিওফালে তেজ গোট মৰাৰ লগতে প্লীহাটোও ফালি যোৱাৰ তথ্য ধৰা পৰে।

উল্লেখ্য যে, দক্ষিণ-পূব দিল্লীৰ কিলোকাৰী গাঁৱৰ নিজা বাসগৃহৰ সন্মুখত নিশা হুলস্থূল কৰাত বাধা দিয়াৰ বাবেই এটা দুৰ্বৃত্তৰ দলে সিঙক বৰ্বৰভাৱে প্ৰহাৰ কৰিছিল। মাটিত বগৰাই লৈ বুকু আৰু পেটত উপৰ্যুপৰি গোৰ আৰু ভুকু মাৰিছিল আক্ৰমণকাৰীসকলে। চিকিৎসালয়লৈ নিয়াৰ পিছত প্ৰাথমিক চিকিৎসাত সঁহাৰি জনাইছিল যদিও শৰীৰৰ ভিতৰৰ ব্যাপক ৰক্তক্ষৰণ ৰোধ কৰিব নোৱাৰাত পিছদিনা পুৱা মৃত্যুক আঁকোৱালি লয় সংগীতশিল্পীগৰাকীয়ে।

ঘটনা সন্দৰ্ভত ছানলাইট কলনী থানাৰ আৰক্ষীয়ে ইতিমধ্যে সাতজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে এজন কিশোৰকো আটক কৰিছে। ধৃত অভিযুক্তসকলে সিঙক “শিক্ষা দিবলৈহে” এই আক্ৰমণ চলোৱা বুলি জেৰাত স্বীকাৰ কৰে। ভাৰতীয় ন্যায় সংহিতাৰ ১০৩(২) ধাৰাৰ অধীনত পঞ্জীয়ন হোৱা হত্যাৰ গোচৰটোত আৰক্ষীয়ে বৰ্তমানেও পুংখানুপুংখ তদন্ত অব্যাহত ৰাখিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us