নগাঁও লোকসভা উপ-নিৰ্বাচনঃ কংগ্ৰেছৰ সৈতে মিত্ৰতা নুই কৰি এআইইউডিএফৰ প্ৰাৰ্থী ঘোষণা
আসন্ন উপ-নিৰ্বাচনৰ ৰণডংকা বাজি উঠাৰ সময়তে নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে এআইইউডিএফে। বৃহস্পতিবাৰে দলটোৱে ৰেজাউল কৰিম সৰকাৰক আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ লগে লগে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ সকলো সম্ভাৱনা নুই কৰি এআইইউডিএফে সমষ্টিটোত এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত স্পষ্ট কৰে। সংবাদ মাধ্যমৰ আগত এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে কংগ্ৰেছৰ সৈতে কোনো...








