অৰুণাচলত পুনৰ বান-ভূমিস্খলনৰ সংহাৰ; ক্ষতিগ্ৰস্ত ছয়খন জিলা, প্ৰভাৱিত ৯৪ হাজাৰৰো অধিক লোক
অৰুণাচল প্ৰদেশত অব্যাহত আছে বান আৰু ভূমিস্খলনৰ সংহাৰ। ৰাজ্যখনত শেহতীয়াকৈ পুনৰ সৃষ্টি হোৱা বান আৰু ভূমিস্খলনৰ ফলত নতুনকৈ ক্ষতিগ্ৰস্ত হৈছে ছয়খন জিলা। ইয়াৰ লগে লগে সমগ্ৰ ৰাজ্যত এই দুৰ্যোগৰ কৱলত পৰা লোকৰ সংখ্যা বৃদ্ধি পাই ৯৪ হাজাৰৰো অধিক হৈছে। ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই জনোৱা মতে, যোৱা ২৪ ঘণ্টাত কেয়ি পানিঅৰ, আপাৰ ছিয়াং, তিৰাপ, চাংলাং, পাপুম...








