Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

কংগ্ৰেছৰ ভিতৰচৰাৰ সংঘাত ফাদিল কৰি প্ৰদ্যুৎ বৰদলৈ আৰু দেৱাশীষ শৰ্মাক তীক্ষ্ণ আক্ৰমণ ৰকিবুল হুছেইনৰ

Table of Content

চামগুৰি সমষ্টিৰ দুগৰাকী দলীয় নেতাই কংগ্ৰেছ ত্যাগ কৰাৰ পাছতেই সৃষ্টি হোৱা অসন্তোষে উদঙাই দিছে দলটোৰ অভ্যন্তৰীণ কন্দল। বৃহস্পতিবাৰে ৰূপহীহাটত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন প্ৰশাসনিক বিষয়া দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। নিজৰ পদ হেৰুওৱাৰ ভয়তেই বৰদলৈয়ে একাংশ ব্যক্তিক দলত অন্তৰ্ভুক্ত কৰাৰ লগতে বহু কংগ্ৰেছ কৰ্মীৰ সৈতে যোগাযোগ অব্যাহত ৰখা বুলি অভিযোগ তোলে সাংসদগৰাকীয়ে।

আনহাতে, মধ্যভোগীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলোৱা অভিযানৰ ধৰণক লৈয়ো সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে হুছেইনে। দুজন বিধায়কৰ ফোন কলৰ ৰেকৰ্ডিং পৰীক্ষা কৰিলেহে প্ৰকৃত মধ্যভোগীৰ সন্ধান পোৱা যাব বুলি মন্তব্য কৰি সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰা হৈছে বুলি দাবী কৰে তেওঁ।

ইয়াৰ উপৰি প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰি সাংসদগৰাকীয়ে কয় যে শৰ্মাই সম্প্ৰতি চামগুৰিৰ মধ্যভোগীৰ ঘৰত ঘনাই বৈঠক অনুষ্ঠিত কৰিছে। এই কাৰ্যৰ বিৰুদ্ধে শৰ্মাৰ ওপৰত আইনী গোচৰ ৰুজু কৰাৰ সকীয়নি প্ৰদান কৰে হুছেইনে।

নগাঁও জিলাৰ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত দেৱাশীষ শৰ্মাই এগৰাকী মুছলমান মহিলাক বাংলাদেশী সজাই বাংলাদেশলৈ প্ৰেৰণ কৰা বুলিও গুৰুতৰ অভিযোগ তোলে ৰকিবুল হুছেইনে। উচ্চতম ন্যায়ালয়ে উক্ত মহিলাগৰাকীক পুনৰ ভাৰতলৈ ওভতাই অনাৰ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি প্ৰাক্তন বিষয়াজনৰ ভূমিকাৰ কঠোৰ সমালোচনা কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us