ভাৰত-আমেৰিকা বাণিজ্য চুক্তিৰ বিৰুদ্ধে দিল্লীত কৃষক মহাপঞ্চায়ত; শম্ভু সীমান্তত কটকটীয়া নিৰাপত্তা
পুনৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ কৃষক। এইবাৰ ভাৰত-আমেৰিকা প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰুদ্ধে দিল্লীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে কৃষকসকলে। পঞ্জাব, হিমাচল প্ৰদেশ, ৰাজস্থান আৰু হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকে ‘কৃষক মহাপঞ্চায়ত’ত অংশগ্ৰহণৰ উদ্দেশ্যে দিল্লী অভিমুখে ৰাওনা হোৱাৰ পিছতে শম্ভু সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰে হাৰিয়ানা আৰক্ষীয়ে। কৃষক সংগঠনসমূহৰ দাবী অনুসৰি, এতিয়াও স্বাক্ষৰ...








