মাত্ৰ ৭৪ বছৰ বয়সতে চিৰবিদায় ল’লে ‘মহাভাৰত’ ধাৰাবাহিকত অশ্বত্থামাৰ চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে পৰিচিতি লাভ কৰা অভিনেতা প্ৰদীপ ৰাৱটে। তিনি দশকৰো অধিক সময় ধৰি ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন জগতত সক্ৰিয় হৈ থকা এইগৰাকী অভিনেতাৰ মঙলবাৰে মৃত্যু ঘটে।
বি আৰ চোপ্ৰা নিৰ্মিত জনপ্ৰিয় ধাৰাবাহিক ‘মহাভাৰত’ত অশ্বত্থামাৰ চৰিত্ৰ ৰূপায়ণ কৰিয়েই প্ৰদীপ ৰাৱটে অভিনয় জীৱনৰ অন্যতম পৰিচিতি লাভ কৰে। পিছলৈ ‘ছৰফৰোশ’, ‘লগান’ আৰু ‘গজিনী’কে ধৰি একাধিক সফল হিন্দী চলচ্চিত্ৰত খলনায়কৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বলীউডত নিজস্ব পৰিচয় গঢ়ি তোলে। বিশেষকৈ ‘গজিনী’ত তেওঁৰ অভিনয়ে দৰ্শক আৰু সমালোচক উভয়ৰে প্ৰশংসা বুটলিবলৈ সক্ষম হয়।
হিন্দীৰ উপৰি তেলুগু, তামিল, কন্নড়, মালয়ালম আৰু বঙালী ভাষাৰ ছবিতো প্ৰদীপ ৰাৱটে অভিনয় কৰিছে। চলচ্চিত্ৰৰ লগতে টেলিভিছন জগততো তেওঁ সমানে সক্ৰিয় আছিল। শক্তিশালী সংলাপ, দৃঢ় পৰ্দা উপস্থিতি আৰু খলনায়কৰ চৰিত্ৰ ৰূপায়ণৰ স্বকীয় শৈলীয়ে তেওঁক ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী সুপৰিচিত অভিনেতা হিচাপে প্ৰতিষ্ঠা প্ৰদান কৰে।
প্ৰদীপ ৰাৱটৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে চলচ্চিত্ৰ জগতৰ বহু শিল্পী, সহকৰ্মী আৰু অনুৰাগীয়ে শোক প্ৰকাশ কৰে। তেওঁৰ দীৰ্ঘ অভিনয় জীৱনত ৰূপায়ণ কৰা বহু চৰিত্ৰ এতিয়াও দৰ্শকৰ স্মৃতিত বিশেষ স্থান দখল কৰি আছে।








