Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Paromita

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

৭.৪ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল কলম্বিয়া; নিহত ১৩২, আহত ৫৭০ৰো অধিক

নিমিষতে মৃত্যুৰ বিভীষিকাই জোকাৰি গ’ল এখন চহৰ! ৰিখটাৰ স্কেলত ৭.৪ প্ৰাবল্যৰ এটা ভূমিকম্পই ধ্বংসলীলা চলোৱাত প্ৰাণ হেৰুৱায় অতি কমেও ১৩২ জন লোকে। সোমবাৰে কলম্বিয়াৰ পশ্চিম প্ৰান্তত সংঘটিত এই ভয়ংকৰ ভূমিকম্পই শ শ অট্টালিকা ক্ষতিগ্ৰস্ত কৰাৰ লগতে বহু লোকক ধ্বংসস্তূপৰ তলত আবদ্ধ কৰি পেলায়। শেহতীয়া তথ্য অনুসৰি, ভূমিকম্পটোত নিহতৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি পাইছে। আহত হৈছে...

অসমৰ বানত নিহতৰ সংখ্যা ১০১ জনলৈ বৃদ্ধি; ১০ জিলাত বানৰ কবলত ১.২৬ লাখৰো অধিক লোক

১০১ জনলৈ বৃদ্ধি পালে অসমৰ বানত নিহতৰ সংখ্যা। পানী শুকুৱাৰ পিছত জিলাই জিলাই উদ্ধাৰ হৈছে ইটোৰ পিছত সিটো মৃতদেহ। শেহতীয়াকৈ পুনৰ এটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এই বলিয়া বানত নিহতৰ সংখ্যা ১০১ জনলৈ বৃদ্ধি পায়। ১০ আগষ্টৰ শেহতীয়া বান প্ৰতিবেদন অনুসৰি, ৰাজ্যৰ ১০খন জিলাত এতিয়াও ১,২৬,৪৩১ জন লোক বানৰ কবলত আছে। নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই,...

মণিপুৰ হিংসাৰ গোচৰ; চিবিআই-এনআইএৰ তদন্তাধীন গোচৰৰ বাবে বিশেষ আদালত গঠনৰ নিৰ্দেশ

২০২৩ চনৰ মণিপুৰৰ জাতিগত হিংসাক কেন্দ্ৰ কৰি চলি থকা গোচৰসমূহৰ দ্ৰুত বিচাৰৰ প্ৰয়োজনীয়তা বিবেচনা কৰি সোমবাৰে গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। চিবিআই আৰু এনআইএৰ তদন্তাধীন গোচৰসমূহৰ বিচাৰৰ বাবে দুখন বিশেষ আদালত গঠনৰ বিষয়টো বিবেচনা কৰিবলৈ মণিপুৰ আৰু অসম চৰকাৰসহ সংশ্লিষ্ট পক্ষসমূহক নিৰ্দেশ দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনৰ...

অবৈধ গো-সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান; ৰূপহী নিউ মাৰ্কেটত সাতটা গো-ধন জব্দ

ৰাজ্যত অব্যাহত থকা অবৈধ গো-সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই থকা অভিযানৰ সময়তে এইবাৰ এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল ৰূপহীহাট আৰক্ষী। ৰূপহী নিউ মাৰ্কেটত অভিযান চলাই আৰক্ষীয়ে সাতটা গো-ধন জব্দ কৰাৰ লগতে সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত এজন লোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। অভিযানকালত গো-ধনকেইটা কচাই হুছেইন আলিৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয়। আৰক্ষীৰ অভিযানৰ...

বৰাক উপত্যকাৰ বিকল্প ব্ৰডগজ ৰে’লপথক কেন্দ্ৰৰ সেউজ সংকেত; ১৫ হাজাৰ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনা

বৰাক উপত্যকাৰ বিকল্প ব্ৰডগজ ৰে’লপথৰ প্ৰস্তাৱক গুৰুত্বসহকাৰে বিবেচনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিজেপি সাংসদ সুষ্মিতা দেৱে দাখিল কৰা স্মাৰক-পত্ৰৰ উত্তৰত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰস্তাৱিত বিকল্প ৰে’লপথৰ প্ৰকল্পটো প্ৰক্ৰিয়াধীন হৈ থকাৰ কথা জনোৱাৰ লগতে ইয়াৰ বাবে প্ৰায় ১৫ হাজাৰ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনাৰ কথাও অৱগত কৰে। বৰাক উপত্যকাৰ জনসাধাৰণৰ বাবে বিকল্প ব্ৰডগজ ৰে’লপথৰ দাবী এতিয়া...

উজনি অসমৰ বানত নিহতৰ সংখ্যা ৯৮জনলৈ বৃদ্ধি; ১৩খন জিলাত এতিয়াও প্ৰভাৱিত ১.৫৫ লাখতকৈ অধিক লোক

বান শাম কাটিলেও এতিয়াও অন্ত পৰা নাই বানে সৃষ্টি কৰা বিভীষিকা! উজনি অসমত সৃষ্টি হোৱা ভয়াবহ বান পৰিস্থিতিৰ মাজতে আৰু এজন লোকৰ মৃত্যু হোৱাত চলিত বৰ্ষৰ বানত নিহতৰ সংখ্যা ৯৮জনলৈ বৃদ্ধি পাইছে। চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰত সংঘটিত হৈছে শেহতীয়া মৃত্যুৰ ঘটনা। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি, শুকুৰবাৰে বানপীড়িত জিলাৰ সংখ্যা ১৫খনৰ...

উজনি অসমৰ বান পৰিস্থিতি; বিশেষ সাহায্য আৰু পুনৰসংস্থাপন পেকেজৰ দাবীত প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ

উজনি অসমৰ বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে বিশেষ সাহায্য আৰু পুনৰসংস্থাপন পেকেজৰ দাবী জনাইছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত বানৰ ফলত সৃষ্টি হোৱা ব্যাপক ক্ষয়-ক্ষতিৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী দৃষ্টি আকৰ্ষণ কৰি যোৱা ৩০ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰে লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে।...

দৰমহাক লৈ কোনো সমস্যা নাই, দুদিনৰ ভিতৰতে পাবঃ নিয়মীয়া শিক্ষকৰ দৰমহা বিলম্বক লৈ আশ্বাস শিক্ষামন্ত্ৰীৰ

নিয়মীয়া নিযুক্তি লাভ কৰাৰ পিছতো চলিত মাহৰ দৰমহা লাভ নকৰাত উদ্বিগ্ন হৈ পৰা শিক্ষকৰ আশংকা দূৰ কৰিবলৈ আগবাঢ়ি আহিল শিক্ষা বিভাগ। সৰ্বশিক্ষা অভিযানৰ অধীনত ঠিকাভিত্তিকভাৱে কাম কৰি বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে নিয়মীয়া নিযুক্তি লাভ কৰা শিক্ষকসকলৰ দৰমহা বিলম্ব সাময়িকহে বুলি বৃহস্পতিবাৰে স্পষ্ট কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। শিক্ষকসকলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত বহি বিষয়টো আলোচনা কৰাৰ পিছত...

খেলপথাৰত বজ্ৰপাতৰ বিভীষিকা! মেচ চলি থকাৰ মাজতে প্ৰাণ গ’ল যুৱ ফুটবলাৰৰ

খেলৰ উত্তেজনাৰ মাজতে নিমিষতে নামি আহিল মৃত্যুৰ বিভীষিকা! ৰোমাঞ্চকৰ ফুটবল মেচ চলি থকাৰ সময়তে হঠাতে খেলপথাৰত বজ্ৰপাত হোৱাত গাত বজ্ৰাঘাত লাগে এগৰাকী যুৱ ফুটবলাৰৰ। গুৰুতৰভাৱে আহত অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় যদিও শেষত মৃত্যু ঘটে ২৪ বছৰীয়া ফুটবলাৰ ছাফৱান আৱাইৰ। এই ঘটনাত আন ১২ গৰাকী খেলুৱৈ আৰু ব্যক্তি আহত হয়। থাইলেণ্ডৰ নাৰাথিৱাট প্ৰদেশৰ চান্তিফাপ ষ্টেডিয়ামত আয়োজিত...

নগাঁওৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ; ৰাজনীতিত যোগদানৰ জল্পনা

জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ সাজু হৈছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই। আয়ুক্তগৰাকীয়ে চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণৰ সিদ্ধান্ত সদৰি কৰাৰ পিছতে তেওঁৰ সম্ভাৱ্য ৰাজনৈতিক পদাৰ্পণক লৈ ৰাজ্যজুৰি নতুন চর্চাৰ সূচনা হৈছে। বুধবাৰে দায়িত্বৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্তৰে প্ৰশাসনিক জীৱনৰ এক উল্লেখযোগ্য অধ্যায় সামৰে দেৱাশিষ শৰ্মাই। দেৱাশিষ শৰ্মাই নগাঁও জিলাৰ আয়ুক্ত পদৰ লগতে...
1 12 13 14 15 16 22

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us