Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

কেৰালাত নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ অসমৰ এজন ব্যক্তি; উদ্ধাৰ ১,৩৭৫টা পেকেট

Table of Content

নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত আৰক্ষীৰ জালত পৰিল অসমৰ এজন ব্যৱসায়ী। কেৰালাৰ কাজাকুট্টম অঞ্চলত আৰক্ষীয়ে অভিযান চলাই ১,৩৭৫টা পেকেট নিষিদ্ধ ধঁপাত সামগ্ৰী জব্দ কৰাৰ লগতে অসমৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজন অসমৰ নগাঁও জিলাৰ ৪২ বছৰীয়া জিয়াৰুল হক বুলি চিনাক্ত কৰা হৈছে।

এক গোপন তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত কাজাকুট্টমত থকা হকৰ এটা ভাড়াঘৰত অতৰ্কিতে তালাচী চলায় আৰক্ষীৰ এটা দলে। ঘৰটোৰ বিভিন্ন কোঠাত লুকুৱাই ৰখা কেইবাটাও বেগৰ পৰা পান মচলাসহ বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ ভাষ্য অনুসৰি, যিবোৰ ৰাজ্যত এইসমূহ সামগ্ৰী বিক্ৰীৰ অনুমতি আছে, তাৰ পৰাই হকে সামগ্ৰীবোৰ সংগ্ৰহ কৰিছিল। পৰৱৰ্তী সময়ত তিৰুৱনন্তপুৰমত নিষিদ্ধ এই সামগ্ৰীসমূহ অধিক মূল্যত বিক্ৰী কৰি আহিছিল ব্যক্তিজনে।

চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী আইন চমুকৈ ‘কোটপা’ৰ অধীনত কাজাকুট্টম আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। সম্প্ৰতি এই অবৈধ চক্ৰটোৰ সৈতে আৰু কোনো লোক জড়িত হৈ আছে নেকি, সেই সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us