Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Paromita

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

ড্ৰাগছ মাফিয়াই পৰিকল্পতিভাৱে হত্যা কৰিছে আৰক্ষী বিষয়া নৱজিৎ দাসকঃ মুখ্যমন্ত্রীৰ বিস্ফোৰক তথ্য

ৰাজ্যজুৰি ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ থকাৰ সময়তে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। ডিমা হাছাও জিলাৰ লাইচং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসক ড্ৰাগছ মাফিয়াই গাড়ীৰে মহতিয়াই পৰিকল্পিতভাৱে হত্যা কৰাৰ তথ্য আনুষ্ঠানিকভাৱে সদৰী কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্রীয়ে স্পষ্ট কৰে যে এয়া কোনো সাধাৰণ পথ দুৰ্ঘটনা...

নালছাৰ সমাৱৰ্তনৰ বিতৰ্কৰ পাছত এইবাৰ টিআইএছএছৰ সমাৰোহৰ পৰাও বাদ পৰিল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত

নালছাৰ সমাৱৰ্তন অনুষ্ঠানলৈ আমন্ত্ৰণক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এইবাৰ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ (TISS) দীক্ষান্ত সমাৰোহৰ পৰাও বাদ পৰিল ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত। প্ৰতিষ্ঠানটোৰ ৮৬ সংখ্যক দীক্ষান্ত সমাৰোহত পূৰ্বে মুখ্য ন্যায়াধীশগৰাকীক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছিল যদিও শেহতীয়াকৈ তেওঁৰ স্থানত টাটা মেমৰিয়েল হস্পিটেলৰ সঞ্চালক ডাঃ চি এছ পৰমেশক মুখ্য অতিথি হিচাপে...

অযোধ্যাৰ ৰাম মন্দিৰৰ চান্দা চুৰি কাণ্ডঃ চম্পত ৰায় আৰু অনিল মিশ্ৰক ক্লীন চিট এছআইটিৰ

অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰৰ দানৰ ধন আত্মসাতৰ অভিযোগত গঠিত বিশেষ তদন্তকাৰী দলে নিৰ্দোষ ঘোষণা কৰিলে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ প্ৰাক্তন সাধাৰণ সম্পাদক চম্পত ৰায় আৰু প্ৰাক্তন সদস্য অনিল মিশ্ৰক। সোমবাৰে উত্তৰ প্ৰদেশৰ গৃহ বিভাগে এছআইটিৰ এই চূড়ান্ত প্ৰতিবেদন পৰৱৰ্তী পদক্ষেপৰ বাবে ন্যাসৰ হাতত আনুষ্ঠানিকভাৱে তুলি দিয়ে। মন্দিৰৰ চান্দা চুৰিৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই যোৱা ২৭...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি! অভিযুক্ত আব্দুল মুতালেবক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

স্বাধীনতা দিৱসৰ পোনপটীয়া সম্প্ৰচাৰৰ সময়ত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এজন ব্যক্তিক দেওবাৰে আদালতে পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত আব্দুল মুতালেবক দেওবাৰে আদালতত হাজিৰ কৰোৱাৰ পাছতে ন্যায়ালয়ে এই জিম্মা মঞ্জুৰ কৰে। মুখ্যমন্ত্ৰীক হত্যা কৰাৰ বাবে ১ কোটি টকা...

পি চিদাম্বৰম কেৱল ‘বৌদ্ধিক নক্সাল’ নহয়, তেওঁ এগৰাকী ‘বিশুদ্ধ নক্সাল’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বৌদ্ধিক নক্সাল’ বিষয়ক মন্তব্যক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধৰ। লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে বিৰোধীক ‘বৌদ্ধিক নক্সাল’ বুলি অভিহিত কৰাৰ পিছতে নিজকে এগৰাকী গৌৰৱাম্বিত ‘বৌদ্ধিক নক্সাল’ বুলি মন্তব্য কৰিছিল প্ৰাক্তন গৃহমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে। ইয়াৰ পিছতে এই প্ৰসংগ টানি দেওবাৰে অনুষ্ঠিত এক সংবাদমেলত চিদাম্বৰক আক্ৰমণৰ লক্ষ্য কৰি...

নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগঃ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক শিক্ষাৰ্থীৰ সৈতে পোনপটীয়াকৈ আলোচনাৰ আহ্বান ৰাহুল গান্ধীৰ

ঝাৰখণ্ডত নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিষয়টোত হস্তক্ষেপৰ আহ্বান জনাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক পত্ৰযোগে প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ সৈতে পোনপটীয়াকৈ সাক্ষাৎ কৰি তেওঁলোকৰ দাবী শুনিবলৈ আহ্বান জনায় ৰাহুলে। ১৪ আগষ্টত লিখা পত্ৰখন সোমবাৰে ৰাজহুৱা কৰে ৰাহুল গান্ধীয়ে। পত্ৰখনত তেওঁ প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ আন্দোলন শান্তিপূৰ্ণ আৰু তেওঁলোকৰ দাবী ন্যায়সংগত বুলি...

হলিউডৰ জনপ্ৰিয় অভিনেত্ৰী হেডেন পেনেটিয়েৰৰ অকাল বিয়োগ

হলিউড জগতত শোকৰ ছাঁ পেলাই মাত্ৰ ৩৬ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ প্ৰখ্যাত আমেৰিকান অভিনেত্ৰী হেডেন পেনেটিয়েৰৰ। অহা শুকুৰবাৰে ৩৭ বছৰত ভৰি দিয়াৰ কথা আছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু তাৰ পূৰ্বেই তেওঁৰ এই আকস্মিক অৱসানে সমগ্ৰ বিনোদন জগতকে স্তব্ধ কৰি তুলিছে। তেওঁৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা হোৱা নাই। কন্যাৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰে...

বিহাৰৰ লক্ষীচৰাইৰ অশোকধাম মন্দিৰত পদপিষ্ট হৈ ৭ ভক্তৰ কৰুণ মৃত্যু! আহত বহুতো

পবিত্ৰ শাওণ মাহৰ সোমবাৰে ভগৱান শিৱৰ আৰাধনা কৰিবলৈ ওলাই অহা ভক্তৰ সমাগম পৰিণত হ’ল এক হৃদয়বিদাৰক দুৰ্ঘটনাত। বিহাৰৰ লক্ষীচৰাই জিলাৰ প্ৰসিদ্ধ অশোকধাম মন্দিৰ চৌহদত পুৱাই সংঘটিত হ’ল এই অপ্ৰত্যাশিত পদপিষ্টৰ ঘটনা। শাওণৰ সোমবাৰ উপলক্ষে মন্দিৰ প্ৰাংগণত পুৱাৰ ভাগতেই সমবেত হোৱা অগণন ভক্তৰ ভিৰৰ মাজত পদপিষ্ট হৈ মৃত্যুক সাৱটে কমেও ৭ জন লোকে। জিলা প্ৰশাসনৰ তথ্য...

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি পদক ঘোষণা: অসম আৰক্ষীৰ ১৫ গৰাকী বিষয়া-জোৱানলৈ সন্মান

দেশজুৰি ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলি থকাৰ মাজতে ঘোষণা কৰা হয় বিভিন্ন সেৱাৰ বাবে আগবঢ়োৱা ৰাষ্ট্ৰপতি পদকপ্ৰাপ্তসকলৰ নাম। সমগ্ৰ দেশৰ মুঠ ১০৫৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ সাহসিকতা আৰু সেৱা পদকেৰে সন্মানিত কৰা হয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সন্মানীয় তালিকাত অসম আৰক্ষীৰো কেইবাগৰাকী বিষয়া আৰু জোৱানে স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে। ৰাজ্যখনৰ আৰক্ষী,...

অসম-অৰুণাচল সীমান্তৰ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দিল্লীত দুই ৰাজ্যৰ সাংসদৰ জৰুৰী বৈঠক

আন্তঃৰাজ্যিক সীমান্ত অঞ্চলত শেহতীয়াকৈ সৃষ্টি হোৱা অনাকাংক্ষিত সংঘাতৰ ফলত বৃদ্ধি পাইছে অসম-অৰুণাচলৰ মাজৰ উত্তেজনা। দুয়োখন ৰাজ্যৰ সীমান্তত অসমীয়া লোকক লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তই গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে কেইবাটাও দল-সংগঠনে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। এই পৰিস্থিতি প্ৰশমনৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে নতুন দিল্লীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসম আৰু অৰুণাচল প্ৰদেশৰ সাংসদসকল। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা...
1 10 11 12 13 14 22

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us