Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ গভীৰ সমবেদনা ভূটানৰ ৰজাৰ

Table of Content

অসমত অব্যাহত থকা ভয়াৱহ বানপানীৰ ফলত সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰিছে ভূটানৰ ৰজা জিগমে খেচাৰ নামগিয়েল ৱাংচুকে। চলিত বানৰ ফলত ৰাজ্যখনত এতিয়ালৈকে ১০৩ গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাত দুখ প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰে ভূটানৰ ৰজাই।

মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত ভূটানৰ ৰজাই উল্লেখ কৰে যে বানত পৰিয়ালৰ লোক আৰু ঘৰ-বাৰী হেৰুওৱা লোকসকলৰ প্ৰতি ভূটানৰ জনসাধাৰণ তথা তেওঁ ব্যক্তিগতভাৱে মৰ্মাহত। পত্ৰখনত তেওঁ কয়, “শেহতীয়া বানত যিসকল লোকে পৰিয়াল আৰু বাসস্থান হেৰুৱালে, তেওঁলোকৰ প্ৰতি ভূটানবাসীৰ হৈ মই আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ আৰু মৃতকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনালোঁ।”

জলবায়ু পৰিৱৰ্তনৰ ফলত সঘনাই সংঘটিত হোৱা এনে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি সমগ্ৰ অঞ্চলটোৰ সংবেদনশীলতাৰ কথা সোঁৱৰাই দি ৱাংচুকে কয় যে এই জটিল পৰিস্থিতিয়ে গোলকীয় পৰিৱেশ পৰিৱৰ্তনৰ প্ৰত্যাহ্বানবোৰ একেলগে মোকাবিলা কৰাৰ প্ৰয়োজনীয়তাক পুনৰ স্পষ্ট কৰিছে।

দুৰ্যোগৰ সময়ত সাহায্য আৰু উদ্ধাৰ অভিযানত অসম চৰকাৰৰ পদক্ষেপকো পত্ৰখনত উল্লেখ কৰে ভূটানৰ ৰজাই। পুনৰ নিৰ্মাণ আৰু উদ্ধাৰ অভিযানৰ এই কঠিন সময়ছোৱাত ভূটানে অসমবাসীৰ কাষত সম্পূৰ্ণ বন্ধুত্ব আৰু ঐক্যবদ্ধতাৰে থিয় দিছে বুলি স্পষ্ট কৰে ৰজা জিগমে খেচাৰ নামগিয়েল ৱাংচুকে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us