Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ঝাৰখণ্ডৰ ছাত্ৰ আন্দোলনক লৈ ৰাজনৈতিক আক্ৰমণ আৰম্ভ বিজেপিৰ; আৰক্ষীৰ বলপ্ৰয়োগৰ প্ৰতিবাদত ৰাজ্যজোৰা বন্ধৰ আহ্বান

Table of Content

অবিজেপি শাসিত ঝাৰখণ্ডৰ ছাত্ৰ আন্দোলনক ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰিবলৈ তৎপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। ৰাজ্যখনত নিযুক্তি পৰীক্ষাত সংঘটিত অনিয়মৰ বিৰুদ্ধে শিক্ষাৰ্থীসকলে অব্যাহত ৰখা প্ৰতিবাদৰ মাজতে সোমবাৰে আৰক্ষী আৰু প্ৰশাসনে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে জলকামান, কন্দুৱা গেছ আৰু লাঠীচালনা কৰাৰ পিছতে মঙলবাৰে ৰাজ্যজোৰা বন্ধৰ আহ্বান জনায় বিজেপিয়ে।

বন্ধৰ প্ৰভাৱত ৰাঁচীসহ ঝাৰখণ্ডৰ কেইবাটাও অঞ্চলত স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। অধিকাংশ বিদ্যালয় আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে ৰাজধানী ৰাঁচী আৰু আন কেইবাখনো চহৰত যান-বাহনৰ চলাচল যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হয়। ৰাঁচীৰ কিশোৰগঞ্জ, আৰগোৰা আৰু কানকে অঞ্চলত বিজেপি কৰ্মীয়ে পথ অৱৰোধ কৰে। হৰমু চক আৰু কিশোৰগঞ্জ চকতো টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা হয়।

ইফালে, সোমবাৰৰ সমদলত সৃষ্টি হোৱা উত্তেজনাক কেন্দ্ৰ কৰি আৰক্ষী আৰু আন্দোলনকাৰী দুয়োপক্ষৰ মাজত অভিযোগ-প্ৰত্যাৰোপ অব্যাহত আছে। বিধানসভাৰ দিশে আগবাঢ়ি যোৱা হাজাৰ হাজাৰ চাকৰিপ্ৰাৰ্থীয়ে কেইবাটাও বেৰিকেড অতিক্ৰম কৰাৰ পিছত আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হয়। আৰক্ষীয়ে পানীৰ কামান আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ লগতে লাঠীচালনা কৰাৰ অভিযোগ উত্থাপন কৰে আন্দোলনকাৰীসকলে। আনহাতে, ৰাঁচী আৰক্ষীৰ মতে, সংঘাতত ১৪জন আৰক্ষী আহত হৈছে।

জুলাইৰ ২৫ তাৰিখৰ পৰা নিযুক্তি পৰীক্ষাত স্বচ্ছতা, ঝাৰখণ্ড লোকসেৱা আয়োগ আৰু ঝাৰখণ্ড কৰ্মচাৰী বাছনি আয়োগৰ পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ, কেইবাটাও পৰীক্ষা বাতিল আৰু স্বাধীন তদন্তৰ দাবীত আন্দোলন চলাই আহিছে চাকৰিপ্ৰাৰ্থীসকলে। আন্দোলনকাৰীসকলে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা অথবা ঝাৰখণ্ডৰ বাহিৰৰ অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক লৈ গঠিত সমিতিৰ জৰিয়তে তদন্তৰ দাবী জনাইছে।

এই আন্দোলনক লৈ বিজেপিয়ে ঝাৰখণ্ডৰ ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন চৰকাৰক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ চলাইছে। বিজেপিৰ ৰাজ্যিক সভাপতি আদিত্য সাহুৱে আৰক্ষীৰ পদক্ষেপক ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অত্যাচাৰ আখ্যা দি চৰকাৰক নিযুক্তি পৰীক্ষাৰ অনিয়মৰ সমাধানৰ সলনি বলপ্ৰয়োগৰ পথ লোৱাৰ অভিযোগ কৰে। আনহাতে, আন্দোলনকাৰীসকলৰ দাবীৰ প্ৰতি সমৰ্থন জনাই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদেও মঙলবাৰে পুৰণি বিধানসভাৰ পৰা নতুন বিধানসভালৈ সমদল উলিয়াব।

অৱশ্যে, বিজেপিৰ এই সক্ৰিয়তাক লৈ ৰাজনৈতিক প্ৰশ্নও উত্থাপিত হৈছে। ঝাৰখণ্ডত ছাত্ৰ আন্দোলন তীব্ৰ হোৱাৰ পিছত বিজেপিয়ে বিষয়টোক ৰাজ্য চৰকাৰবিৰোধী ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। বিশেষকৈ যুৱ আৰু চাকৰিপ্ৰাৰ্থীৰ আন্দোলনক লৈ দলটোৰ আক্ৰমণাত্মক ভূমিকা ৰাজ্যখনৰ ৰাজনৈতিক সমীকৰণৰ সৈতে জড়িত হয় নে নহয়, সেই প্ৰশ্নও এতিয়া আলোচনালৈ আহিছে।

ইফালে, কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েও ছাত্ৰৰ ওপৰত বলপ্ৰয়োগক সমালোচনা কৰে। শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ ছাত্ৰসকলৰ আছে আৰু আলোচনাৰ জৰিয়তেহে সমস্যাৰ সমাধান সম্ভৱ বুলি গান্ধীয়ে উল্লেখ কৰে।

আনহাতে, মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে আন্দোলনকাৰীসকলক শান্তি বজাই ৰাখি আলোচনাৰ মাধ্যমেৰে দাবী উত্থাপন কৰিবলৈ আহ্বান জনায়। ছাত্ৰসকলৰ গণতান্ত্ৰিক অধিকাৰক চৰকাৰে স্বীকৃতি দিয়ে আৰু নিযুক্তি পৰীক্ষা ব্যৱস্থাক অধিক স্বচ্ছ, সুৰক্ষিত আৰু দায়বদ্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি ছোৰেনে কয়।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us