Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Paromita

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

যোৰহাটত যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত মূল অভিযুক্ত অংকিত দাসক গ্ৰেপ্তাৰ; ধৃতৰ সংখ্যা ৪জনলৈ বৃদ্ধি

যোৰহাট চহৰৰ এটা ফ্লেটত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চাঞ্চল্যৰ মাজতে আৰক্ষীয়ে জালত পেলালে আন এজন মূল অভিযুক্তক। বৃহস্পতিবাৰে যোৰহাট সদৰ আৰক্ষী থানাৰ এটা দলে মিলন নগৰৰ পৰা আটক কৰে ঘটনাৰ পিছৰে পৰা আত্মগোপন কৰি থকা মচৰহাট নিবাসী অংকিত দাস নামৰ যুৱকজনক। এই গ্ৰেপ্তাৰৰ লগে লগে চাঞ্চল্যকৰ ঘটনাটোত আৰক্ষীৰ জিম্মাত থকা অভিযুক্তৰ...

ঘৰত চুৰি কৰিবলৈ গৈ ধৰা পৰাত শিক্ষয়িত্ৰীক ২৭ বাৰ ছুৰীকাঘাত কৰি হত্যা! দশম শ্ৰেণীৰ দুই ছাত্ৰক আটক

ঘৰত চুৰি কৰিবলৈ গৈ ধৰা পৰি নিজৰে শিক্ষয়িত্ৰীক নৃশংসভাৱে ছুৰীৰে হানি হত্যা কৰিলে দুই ছাত্ৰই! তেলেংগানাৰ নালগোন্দা জিলাত সংঘটিত হৈছে এই গাৰ নোম শিয়ৰি উঠা চাঞ্চল্যকৰ ঘটনা। যোৱা ১১ আগষ্টত সংঘটিত ৰূপা ৰেড্ডী নামৰ এগৰাকী ব্যক্তিগত বিদ্যালয়ৰ অধ্যক্ষাৰ এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্ত চলাই অৱশেষত আৰক্ষীয়ে একেখন বিদ্যালয়ৰে দশম শ্ৰেণীৰ দুই ছাত্ৰক আটক কৰিবলৈ সক্ষম হৈছে।...

দিল্লী বিমান বন্দৰত উত্তৰ-পূবমুখী দুই যাত্ৰীৰ পৰা জব্দ প্ৰায় ৬৯ লাখ টকা

দেশৰ ব্যস্ততম বিমান বন্দৰত তালাচী চলাই উদ্ধাৰ কৰা হ’ল বিপুল পৰিমাণৰ নগদ ধন। নিয়মীয়া নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে চলোৱা এক অভিযানত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ৬৮ লাখ ৫৩ হাজাৰ ৫০০ টকা নগদ ধনসহ দুজন যাত্ৰীক আটক কৰে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী চমুকৈ চিআইএছএফৰ এটা দলে। বিমান বন্দৰৰ ‘ৰেণ্ডম এক্স-বিআইএছ’ ইউনিটত নিয়োজিত জোৱানসকলে...

শিৱসাগৰত অবৈধ কয়লা খননৰ প্ৰমাণ দাখিলৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শিৱসাগৰত যদি কোনোবাই অবৈধ কয়লা খনন হোৱা বুলি দাবী কৰে, তেন্তে মোক ভৌগোলিক অৱস্থানসহ আলোকচিত্ৰ প্ৰেৰণ কৰক, মই তৎকালীনভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিম। – বিৰোধীৰ অভিযোগৰ প্ৰত্যুত্তৰত সংবাদ মাধ্যমৰ সন্মুখত এই পোনপটীয়া প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰে এই বিষয়টোৰ ওপৰত খনি আৰু ভূতত্ত্ব বিভাগৰ পৰা বাৰে বাৰে তথ্য বিচাৰিছে যদিও বিভাগটোৱে...

দৰা-কইনাসহ একেটা মণ্ডপতে উপস্থিত চাৰিজোৰ যমজ! ব্যতিক্ৰমী বিবাহৰ সাক্ষী হৈ ৰ’ল কেৰালা

একেখন বিবাহ মণ্ডপত একেলগে চাৰিযোৰ যমজৰ উপস্থিতিৰে সৃষ্টি হ’ল এক বিৰল আৰু আশ্চৰ্যকৰ দৃশ্য। দৰা-কইনাৰ পৰা ধৰি বিবাহৰ ধৰ্মীয় বিধি সম্পন্ন কৰা পাদ্ৰী আৰু সহযোগী সকলোৱেই যমজ হোৱা এই অভিনৱ বিবাহখন সম্পন্ন হ’ল দক্ষিণ ভাৰতৰ কেৰালাত। ৩২ বছৰীয়া অখিল থমাছ আৰু নিখিল থমাছ নামৰ দুই যমজ ভাতৃয়ে বিবাহপাশত আৱদ্ধ হয় ৩১ বছৰীয়া মেগী আৰু মাৰিয়া...

ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’ মুকলিৰ পূৰ্বে বাধ্যতামূলক ট্ৰায়েল ৰাণঃ কেবিনেটৰ নতুন নীতি

নতুনকৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’সমূহ আনুষ্ঠানিক উদ্বোধনৰ পাছতেই খহি পৰা, গাঁতৰ সৃষ্টি হোৱা আৰু কৃত্ৰিম বানৰ সমস্যা সমাধানৰ উদ্দেশ্যে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে। নিৰ্ধাৰিত সময়ৰ পূৰ্বেই পথৰ মান অৱনমিত হোৱাৰ দিশটো লক্ষ্য ৰাখি এতিয়াৰে পৰা যিকোনো নতুন ঘাইপথ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বে ২ৰ পৰা ৩ মাহৰ...

মেঘালয়ত প্ৰত্যাহাৰ ‘ষ্টিং এনাৰ্জী ড্ৰিংক’ৰ ওপৰত আৰোপ কৰা সাময়িক নিষেধাজ্ঞা

তিনিদিন পূৰ্বে জাৰি কৰা অন্তৱৰ্তীকালীন নিৰ্দেশনা প্ৰত্যাহাৰ কৰি জনপ্ৰিয় ‘ষ্টিং এনাৰ্জী ড্ৰিংক’ৰ বিক্ৰী আৰু বিতৰণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা তৎকালীনভাৱে উঠাই লৈছে মেঘালয়ৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ে। এজন ছাত্ৰৰ মৃত্যুক লৈ এই কেফেইনযুক্ত পানীয়টোৰ সৈতে সন্দেহজনক সম্পৰ্ক থকাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে যোৱা ১৪ আগষ্টত সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰাজ্যজুৰি ইয়াৰ মজুতকৰণ আৰু বিক্ৰী বন্ধৰ নিৰ্দেশ দিয়া...

ৰে’লপথত হাতীৰ জাক! সতৰ্কতাৰ বাবে সুৰক্ষিতভাৱে ৰখাই দিয়া হ’ল ৰাজধানী এক্সপ্ৰেছ

এক সম্ভাৱ্য ৰে’ল দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এটা বিশাল বন্যহস্তীৰ জাক। ৰে’ল কৰ্তৃপক্ষ আৰু বন বিভাগৰ সতৰ্কতামূলক পদক্ষেপৰ বাবে দ্ৰুতবেগী ৰে’লৰ খুন্দাত হতাহত হোৱাৰ পৰা ৰক্ষা পৰে হাতীৰ জাকটো। হোজাই জিলাৰ হাৱাইপুৰত ৰে’লপথ পাৰ হৈ থকা অৱস্থাত এটি হাতীৰ জাকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছখন কিছু সময়ৰ বাবে স্তব্ধ কৰি ৰখা হয়। নগাঁও দক্ষিণ...

চাৰি মাহত ১০টা গোচৰৰ বিচাৰ; ২২ জনক ফাঁচীৰ নিৰ্দেশ দি চৰ্চাত উত্তৰ প্ৰদেশৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ

আইন আৰু ন্যায় ব্যৱস্থাত এক নজিৰবিহীন ক্ষিপ্ৰতা প্ৰদৰ্শন কৰি সৰ্বভাৰতীয় পৰ্যায়ত শিৰোনাম দখল কৰিছে উত্তৰ প্ৰদেশৰ এখন ফাষ্ট ট্ৰেক আদালতে। মুজাফ্ফৰনগৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰৰ আদালতে বিগত মাত্ৰ চাৰিটা মাহত ১০টা জটিল অপৰাধজনিত গোচৰৰ ৰায়দান সম্পূৰ্ণ কৰি ২২ গৰাকী অভিযুক্তক মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে ২০২২ চনত বাৰাণসীৰ জ্ঞানবাপী চৌহদৰ ভিডিঅ’গ্ৰাফী...

মই প্ৰথমবাৰ বিধায়ক হোৱাৰ সময়ত শিশু হৈ আছিল অমিত শ্বাহঃ মল্লিকাৰ্জুন খাৰ্গে

মই যেতিয়া প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিলো, সেই সময়ত অমিত শ্বাহ শিশু আছিল। অথচ আজি তেওঁ আমাক দেশভক্তিৰ শিক্ষা দিয়ে। – সোমবাৰে গোৱাত অনুষ্ঠিত এক বিশাল জনসভাত এইদৰেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে সৰৱ হৈ পৰিল কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ‘বন্দে মাতৰম’ক লৈ কংগ্ৰেছ নেতৃত্বক অমিত শ্বাহে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দি ৮৪...
1 9 10 11 12 13 22

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us