Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

জ্ঞানপীঠ বিজয়ী মামণি ৰয়চম গোস্বামীৰ সাহিত্য গৱেষণা কেন্দ্ৰত চুৰিৰ চেষ্টা! খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ চোৰৰ

Table of Content

জ্ঞানপীঠ বঁটা বিজয়ী প্ৰসিদ্ধ সাহিত্যিক প্ৰয়াত মামণি ৰয়চম গোস্বামীৰ গৱেষণা কেন্দ্ৰত নিশা সংঘটিত হয় চুৰিৰ চেষ্টা। সাহিত্যিকগৰাকীৰ ৰামায়ণী সাহিত্য গৱেষণা প্ৰতিষ্ঠানত খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ কৰাৰ লগতে কেইবাটাও সামগ্ৰী লণ্ডভণ্ড কৰে চোৰে।

গুৱাহাটীৰ গান্ধী বস্তিৰ নতুন শৰণীয়াৰ মামণি ৰয়চম গোস্বামী পথৰ ৬ নম্বৰ উপপথৰ ২৩ নম্বৰ ঘৰত অৱস্থিত প্ৰতিষ্ঠানটোতে সংঘটিত হয় এই ঘটনা। প্ৰাথমিক তথ্য অনুসৰি, খিৰিকি ভাঙি প্ৰতিষ্ঠানটোৰ ভিতৰত প্ৰৱেশ কৰা লোকজনে ভিতৰৰ সামগ্ৰীসমূহ লণ্ডভণ্ড কৰে।

এজন কৰ্মচাৰীয়ে লোকজনক প্ৰত্যক্ষ কৰাৰ পিছতে পোহৰলৈ আহে চুৰিৰ চেষ্টাৰ ঘটনাটো। কৰ্মচাৰীজনক দেখা পোৱাৰ লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে লোকজনে।

মামণি ৰয়চম গোস্বামীৰ সাহিত্যিক জীৱন আৰু কৰ্মৰ সৈতে জড়িত বহু মূল্যৱান সমল প্ৰতিষ্ঠানটোত সংৰক্ষিত হৈ আছে। সেয়ে চুৰিৰ চেষ্টাৰ ঘটনাত কোনো নথি-পত্ৰ বা মূল্যৱান সামগ্ৰী ক্ষতিগ্ৰস্ত বা নোহোৱা হৈছে নেকি, সেই বিষয়টোও গুৰুত্বপূৰ্ণ হৈ পৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us