Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বিয়াৰ প্ৰলোভন দি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ! আইপিএলৰ সফল ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

Table of Content

ক্ৰিকেটৰ পথাৰত সফলতাৰ পৰিচয় দিয়া এগৰাকী যুৱ ক্ৰিকেটাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ যৌন নিৰ্যাতনৰ অভিযোগ। বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপনৰ লগতে অপৰাধমূলক ভাবুকি আৰু ব্যক্তিগত মুহূৰ্তৰ দৃশ্যাংশ সংৰক্ষণ কৰাৰ অভিযোগত মঙলবাৰে পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিল্লী কেপিটেলছৰ উইকেটকীপাৰ-বেটছমেনগৰাকীক।

গ্ৰেপ্তাৰ হোৱা ক্ৰিকেটাৰগৰাকী হৈছে বংগৰ উইকেটকীপাৰ-বেটছমেন অভিষেক পোৰেল। আৰক্ষীয়ে জনোৱা অনুসৰি, জেৰা কৰাৰ পিছত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ দেখুওৱা হয় ২৩ বছৰীয়া পোৰেলক। চিকিৎসা পৰীক্ষাৰ পিছত চুঁচুৰা আদালতত হাজিৰ কৰোৱা হয় অভিযুক্তক।

মোগৰা থানাত দাখিল কৰা অভিযোগ অনুসৰি, ২০২৩ চনত মহিলাগৰাকীৰ সৈতে পৰিচয় গঢ়ি উঠাৰ পিছত বিবাহৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল পোৰেলে। পৰৱৰ্তী সময়ত দুয়োৰে বিবাহক লৈ পৰিয়ালৰ মাজতো আলোচনা হৈছিল বুলি অভিযোগত উল্লেখ কৰা হৈছে।

ইয়াৰ পিছতে মহিলাগৰাকীয়ে পোৰেলৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ লগতে অপৰাধমূলক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে। ব্যক্তিগত মুহূৰ্তৰ দৃশ্যাংশ সংৰক্ষণ কৰি সেইবোৰ ৰাজহুৱা কৰাৰ ভাবুকি দিয়াৰ অভিযোগো গোচৰটোত সন্নিৱিষ্ট হৈছে।

অভিযোগ অনুসৰি, ২০২৬ চনৰ ২ এপ্ৰিলত দিল্লীত মহিলাগৰাকীক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ লগতে আৱদ্ধ কৰি ৰখা হৈছিল। খাদ্য গ্ৰহণৰ পৰা বঞ্চিত কৰাৰ ফলত পিছত চিকিৎসাৰ প্ৰয়োজন হোৱা বুলিও অভিযোগত উল্লেখ কৰা হৈছে। অৱশ্যে অভিযোগসমূহ এতিয়াও আদালতত প্ৰমাণিত হোৱা নাই।

গোচৰটোৰ তদন্তত আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ অভিযোগ তুলি মহিলাগৰাকী কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। ব্যক্তিগত দৃশ্যাংশ ৰাজহুৱা কৰাৰ ভাবুকি দিয়া হৈছিল বুলিও আদালতত অভিযোগ উত্থাপন কৰে অভিযোগকাৰীয়ে।

এই আবেদনৰ শুনানিৰ সময়তে ১৪ জুলাইত কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌগত ভট্টাচাৰ্যই পোৰেল আৰু আন এজন অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীক অভিযান অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে। অভিযোগকাৰীৰ সৈতে সম্পৰ্কিত ব্যক্তিগত দৃশ্যাংশৰ প্ৰচাৰ ৰোধৰ বাবে ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰাৰো নিৰ্দেশ দিয়ে আদালতে।

আৰক্ষীয়ে ইতিমধ্যে এটা পেনড্ৰাইভ জব্দ কৰি ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। গোচৰটোৰ সৈতে জড়িত আন তথ্য আৰু অভিযোগসমূহৰো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখ্য যে, অভিষেক পোৰেল বংগ ক্ৰিকেটৰ পৰিচিত মুখ। ২০২১-২২ ছিজনত বংগৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটোৱা পোৰেলে পৰৱৰ্তী সময়ত ভাৰত ‘এ’ দলতো সুযোগ লাভ কৰে। ২০২৩ চনৰ পৰা দিল্লী কেপিটেলছৰ সৈতে জড়িত হৈ আইপিএলত অংশ লৈ আহিছে ক্ৰিকেটাৰগৰাকীয়ে।

ইফালে, পোৰেলে পূৰ্বে অভিযোগসমূহ অস্বীকাৰ কৰিছিল। গোচৰটোৰ তদন্ত আৰু পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ জৰিয়তেহে অভিযোগসমূহৰ সত্যতা নিৰ্ধাৰিত হ’ব।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us