অসমৰ বান আৰু প্ৰকৃতিৰ সংকট সমাধানৰ বাবে ব্যাপক বৈজ্ঞানিক পদক্ষেপৰ দাবীঃ বিশেষ কনভেনচনৰ আহ্বান নাগৰিক সন্মিলনৰ
জলবায়ু পৰিৱৰ্তন আৰু বৰ্তমানৰ তথাকথিত উন্নয়নৰ আৰ্হিয়ে অসমৰ বান পৰিস্থিতিক অধিক ভয়াৱহ আৰু বিধ্বংসী কৰি তুলিছে। এই উদ্বেগ প্ৰকাশ কৰিছে অসম নাগৰিক সন্মিলনে। কেৱল সাময়িক সকাহ আৰু মথাউৰি মেৰামতিৰ পৰিৱৰ্তে সমগ্ৰ নদী আৰু প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰক লৈ এক সৰ্বাংগীন তথা বৈজ্ঞানিক পদক্ষেপ গ্ৰহণৰ দাবী তুলি শুকুৰবাৰে এক বিবৃতিযোগে স্পষ্ট কৰি দিয়ে নাগৰিক সমাজে। সংগঠনটোৰ তৰফৰ...








