Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

শ্বিলঙত প্ৰতিবাদকাৰীৰ শিলগুটি নিক্ষেপৰ মাজতো যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ! ই-বাছৰ চালক-পৰিচালকক নগদ ধনসহ বিশেষ সম্বৰ্ধনা

Table of Content

উত্তপ্ত পৰিস্থিতি আৰু আক্ৰমণৰ মুখামুখি হৈও অসীম সাহস আৰু উপস্থিত বুদ্ধিৰে বহু যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিলে এখন চৰকাৰী বাছৰ চালক আৰু পৰিচালকে। শ্বিলং চহৰত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ সময়ত শিলগুটি নিক্ষেপকাৰী দুৰ্বৃত্তৰ পৰা যাত্ৰীসকলক অক্ষত অৱস্থাত উদ্ধাৰ কৰা এই নিদৰ্শনমূলক কাৰ্যৰ বাবে ‘কা বচ জং ঙী’ (এমএল ০৫ এএইচ ৫০৪৫) নামৰ বৈদ্যুতিক বাছখনৰ চালক ফুলমুনৱেল লিংডো আৰু পৰিচালক বানমানভা মাৰৱিনক শুকুৰবাৰে নগৰ পৰিক্ৰমা বিভাগে বিশেষভাৱে সম্বৰ্ধনা জনায়। বিভাগে দুয়োগৰাকী কৰ্মচাৰীক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰাৰ লগতে নগদ ১০ হাজাৰকৈ টকাৰ পুৰস্কাৰ আগবঢ়ায়।

উল্লেখ্য যে, যোৱা ১৯ আগষ্টৰ বিয়লি প্ৰায় ৬ বজাত এয়াৰ ফৰ্চৰ পৰা আইআইএম অভিমুখে যাত্ৰী লৈ গৈ থকা অৱস্থাত বাছখনে ৱাহকদিয়াত অঞ্চলত কেএছইউৰ ক’লা পতাকা বাইক ৰেলীৰ সন্মুখীন হৈছিল। সেই সময়তে একাংশ দুৰ্বৃত্তই অতৰ্কিতে বাছখনলৈ লক্ষ্য কৰি উপৰ্যুপৰি শিলগুটি নিক্ষেপ কৰাত সন্মুখৰ গ্লাছ ভাঙি চূৰমাৰ হয় আৰু যাত্ৰীসকলৰ জীৱন সংকটত পৰে। এনে ভয়ংকৰ মুহূৰ্ততো কোনো ধৰণৰ ভয় বা আতংকত ভোগাৰ পৰিৱৰ্তে পৰিচালক মাৰৱিনে লগে লগে যাত্ৰীসকলক তললৈ চাপি মূৰ ঢাকিবলৈ নিৰ্দেশ দিয়ে আৰু চালক লিংডোৱে ধৈৰ্য্যসহকাৰে বাছখন চলাই বিপদজনক স্থানৰ পৰা নিৰাপদ স্থানলৈ লৈ যায়। ফলত বাছখনত থকা এগৰাকীও যাত্ৰী আঘাতপ্ৰাপ্ত নোহোৱাকৈ ৰক্ষা পৰে।

নগৰ পৰিক্ৰমা বিভাগৰ সচিব ৱানৰিলিন এ এম বুথে দুয়োগৰাকী কৰ্মচাৰীক প্ৰশংসা কৰি কয়, “বিপদজনক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়ত তেওঁলোকে নিজৰ সুৰক্ষাৰ কথা নাভাবি প্ৰথমে যাত্ৰীসকলৰ জীৱন ৰক্ষাৰ কথাহে ভাবিছিল। যাত্ৰীসকলক আশ্ৰয় ল’বলৈ দিয়া নিৰ্দেশ আৰু সকলোকে নিৰাপদে উদ্ধাৰ কৰাৰ সংকল্পই ৰাজহুৱা পৰিবহণ সেৱাৰ প্ৰকৃত কৰ্তব্যবোধক প্ৰতিফলিত কৰিছে।” ৰাজহুৱা পৰিবহণৰ ওপৰত চলোৱা এনে হিংসাত্মক কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি চৰকাৰ পৰিবহণ কৰ্মীসকলৰ কাষত দৃঢ়তাৰে থিয় দিছে বুলিও তেওঁ স্পষ্ট কৰে।

অনুষ্ঠানত বিভাগৰ উপ-সচিব চালোনি বাৰ্মা, মুডাৰ সচিব চাইনপিনিয়াৰ এছ চিয়েমলিহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সঞ্চালক পি কে বাৰো উপস্থিত থাকি দুয়োগৰাকী কৰ্মীক উৎসাহিত কৰে। ভৱিষ্যতে এনে জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত বাছ চালক আৰু পৰিচালকসকলক বিশেষ প্ৰশিক্ষণ প্ৰদানৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।

ঘটনাৰ স্মৃতি ৰোমন্থন কৰি চালক লিংডো আৰু পৰিচালক মাৰৱিনে কয় যে শিলৰ আঘাতত গ্লাছ ভাঙি যোৱাৰ পিছতো তেওঁলোকে নিজৰ মন শান্ত ৰাখিছিল আৰু যাত্ৰীসকলক নিৰাপদে নমাই নিদিয়ালৈকে কৰ্তব্যৰ পৰা পিছুৱাই যোৱা নাছিল।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us