Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

জাতিৰ পিতা মহাত্মা গান্ধীৰ হস্তলিখিত পাণ্ডুলিপিৰ বিশ্ব অভিলেখ! নিলামত ১৬.২ কোটি টকাত বিক্ৰী ৬৮৮ টা চিন্তা-দৰ্শন

Table of Content

মহাত্মা গান্ধীৰ আদৰ্শ, সত্য আৰু অহিংসাৰ বাৰ্তাবাহী এক অমূল্য ঐতিহাসিক নথিয়ে নিলামৰ ইতিহাসত সৃষ্টি কৰিলে এক নজিৰবিহীন বিশ্ব অভিলেখ! মুম্বাইস্থিত প্ৰতিষ্ঠিত নিলাম সংস্থা ‘চেফ্ৰনআৰ্ট’ৰ উদ্যোগত অনুষ্ঠিত এক বিশেষ নিলামত জাতিৰ পিতা মহাত্মা গান্ধীৰ হস্তাক্ষৰ সম্বলিত ৬৮৮ টা চিন্তাধাৰাৰ সংকলন অভিলেখসংখ্যক ১৬.২ কোটি টকাত বিক্ৰী হয়। কোনো ভাৰতীয় ঐতিহাসিক নথিৰ নিলামৰ ক্ষেত্ৰত এয়া সৰ্বকালৰ সৰ্বাধিক মূল্য বুলি চিহ্নিত হৈছে।

স্বাধীনতা সংগ্ৰামী তথা গান্ধীজীৰ ঘনিষ্ঠ সহযোগী আনন্দ টি হিংগোৰাণীলৈ লিখা এই দৈনন্দিন টোকাসমূহ তেওঁৰ পত্নী বিদ্যাৰ বিয়োগৰ পাছত প্ৰায় দুবছৰ ধৰি প্ৰস্তুত কৰা হৈছিল। পৰৱৰ্তী সময়ত “এ থট ফৰ দ্য ডে’” নামৰ গ্ৰন্থৰূপে সংকলিত হোৱা এই পাণ্ডুলিপিত সত্য, অহিংসা, ব্ৰহ্মচৰ্য, অপৰিগ্ৰহ, নিৰ্ভীকতা, সৰ্বধৰ্ম সমন্বয়, অস্পৃশ্যতা বৰ্জন, প্ৰাৰ্থনা, ৰামনাম, সেৱা, শ্ৰম আৰু স্বৰাজকে ধৰি গান্ধীজীৰ জীৱন-দৰ্শনৰ প্ৰায় প্ৰতিটো মৌলিক বিষয় সন্নিৱিষ্ট হৈ আছে।

ক্ৰেতাৰ পৰিচয় ৰাজহুৱা কৰা হোৱা নাই যদিও সংকলনটো ভাৰতৰ ভিতৰৰে এজন ক্ৰেতাই ক্ৰয় কৰিছে আৰু ই দেশতেই থাকিব বুলি নিলাম সংস্থাটোৱে নিশ্চিত কৰে।

উল্লেখ্য যে, “গান্ধী: ফ্ৰম দ্য কালেকচন অৱ আনন্দ টি হিংগোৰাণী” শীৰ্ষক এই নিলামত মুঠ ৮৬ টা শ্ৰেণীত পত্ৰ, পাণ্ডুলিপি, আলোকচিত্ৰ আৰু ব্যক্তিগত সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ ভিতৰত ভগৱদ্গীতা আৰু ভগৱান সম্পৰ্কীয় চিন্তা প্ৰতিফলিত হোৱা তিনিটা পাণ্ডুলিপিৰ সংকলন ‘মেছেজ অন গড’ ১.৬৮ কোটি টকাত বিক্ৰী হয়। আনহাতে, গান্ধীজীৰ ব্যক্তিগত ‘পেটী চৰ্খা’ আৰু চৰ্খা কটাৰ আধ্যাত্মিক শৃংখলা সম্পৰ্কীয় দুখন চিঠি ১.০২ কোটি টকাত নিলাম হয়। ইয়াৰ উপৰি গান্ধীজীৰ স্বহস্তাক্ষৰ সম্বলিত এখন আলোকচিত্ৰ ৭৮ লাখ টকাত আৰু অৰ্থনৈতিক স্বনিৰ্ভৰশীলতা বিষয়ক পত্ৰ-টেলিগ্ৰামৰ সংকলনটো ৫৭.৬০ লাখ টকাত বিক্ৰী হয়।

চেফ্ৰনআৰ্টৰ সহ-প্ৰতিষ্ঠাপক দীনেশ ৱাজিৰাণীয়ে প্ৰকাশ কৰা মতে, এই সংগ্ৰহটোৱে গান্ধীজীৰ ৰাজহুৱা নেতৃত্বৰ উপৰিও ব্যক্তিগত সম্পৰ্ক, নিৰ্দেশনা আৰু সান্নিধ্যৰ এক গভীৰ ছবি দাঙি ধৰে। হিংগোৰাণী পৰিয়ালৰ দ্বাৰা প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সংৰক্ষিত ২০ বছৰৰো অধিক সময়ৰ এই ঐতিহাসিক সমলে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বহু গুৰুত্বপূৰ্ণ মুহূৰ্তক সজীৱ কৰি ৰাখিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us