মেঘালয়ৰ ৰাজধানী শ্বিলঙত অসমৰ বাহনসমূহক লক্ষ্য কৰি চলোৱা বৰ্বৰ আক্ৰমণ আৰু ধ্বংসযজ্ঞৰ প্ৰতিবাদত অসম-মেঘালয় সীমান্তৰ যোৰাবাটত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসমৰ টেক্সি সন্থা, চালক তথা মালিকসকলে। বুধবাৰে সন্ধিয়া শ্বিলঙত খাছী ষ্টুডেণ্টছ ইউনিয়নে উলিওৱা মটৰচাইকেল ৰেলীৰ সময়ত অসমৰ কেইবাখনো ব্যক্তিগত আৰু বাণিজ্যিক পৰ্যটক বাহন ভাঙি চূৰমাৰ কৰাৰ পিছতে বৃহস্পতিবাৰে অসমত এই ক্ষোভৰ উদগীৰণ ঘটে।
প্ৰতিবাদৰ অংশ হিচাপে আন্দোলনকাৰীসকলে যোৰাবাট সীমান্তত মেঘালয়ৰ পঞ্জীয়ন থকা বাহনসমূহ অসমত প্ৰৱেশ কৰাত সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰে। অসমৰ ক্ষতিগ্ৰস্ত বাহনসমূহৰ উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে বাহন আক্ৰমণত জড়িত সকলো দুৰ্বৃত্তৰ বিৰুদ্ধে তৎকালীন কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ মেঘালয় চৰকাৰৰ ওচৰত দাবী জনায় প্ৰতিবাদকাৰী সন্থাসমূহে। সীমান্তত সৃষ্টি হোৱা এই তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰু মেঘালয় দুয়োফালেই নিৰাপত্তা ব্যৱস্থা অভূতপূৰ্বভাৱে কটকটীয়া কৰি তোলা হৈছে।
উল্লেখ্য যে বুধবাৰে শ্বিলং চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত কেএছইউৰ ৰেলীৰ সময়ত মুখত কাপোৰ আৰু মাস্ক পৰিধান কৰি অহা একাংশ বাইক আৰোহীয়ে অসমৰ নম্বৰ প্লেটযুক্ত বাহনসমূহ বাছি বাছি আক্ৰমণ কৰাৰ দৃশ্য পোহৰলৈ আহে। দুৰ্বৃত্তৰ দলটোৱে গাড়ীসমূহত লোৰ ৰড আৰু শিলগুটিৰে উপৰ্যুপৰি আঘাত কৰি গ্লাছ ভাঙি দিয়াৰ উপৰি এখন চৰকাৰী বাহনতো অগ্নিসংযোগ কৰে। এই আক্ৰমণৰ সময়ত গাড়ীত থকা মহিলা আৰু কন-কন শিশুসকলো তীব্ৰ আতংকৰ সন্মুখীন হয়।
ইফালে, মহানগৰীত সংঘটিত এনে ভয়ংকৰ হিংসাত্মক ঘটনাৰ পিছতে মেঘালয় আৰক্ষীয়ে তৎকালীন পদক্ষেপ গ্ৰহণ কৰি খাছী ষ্টুডেণ্টছ ইউনিয়নৰ শীৰ্ষ তিনি নেতাক গ্ৰেপ্তাৰ কৰে। ধৃত নেতাসকল হৈছে সংগঠনটোৰ সভাপতি ৰেইমণ্ড খাৰজানা, সাধাৰণ সম্পাদক ৰুবেন নাঝিয়াৰ আৰু উপ-সভাপতি পিনকমেনলাং চানমিয়েট। বৰ্তমান ঘটনাৰ প্ৰেক্ষাপটত দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত প্ৰশাসনে চোকা দৃষ্টি ৰাখিছে।








