আকৌ বিমান দুৰ্ঘটনা! প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত মৃত্যু ২ পাইলটৰ
আকৌ আকাশত মৃত্যুৰ কিৰিলি! এইবাৰ উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত এক প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজন অভিজ্ঞ বৈমানে। বৃহস্পতিবাৰে পুৱা প্ৰায় ১১:৫০ বজাত গোৱালটোলি থানাৰ অন্তৰ্গত নাথাপুৰৱা গাঁৱৰ সমীপত গংগা নদীৰ পাৰৰ এখন পথাৰত আচাৰ খাই পৰে চাৰিখন আসনযুক্ত ‘টেকনাম’ নামৰ দুই ইঞ্জিনবিশিষ্ট প্ৰশিক্ষণ বিমানখন। গাৰ্গ এভিয়েচন ট্ৰেইনিং চেণ্টাৰৰ পৰা উৰা মৰাৰ কিছু সময় পিছতে...








