Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

নিৰাপত্তাহীনতাৰ অচিলা লৈ মেঘালয়লৈ পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছ সৰবৰাহ বন্ধ এনইপিএমইউৰ; ৰাজধানী শ্বিলঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

Table of Content

মেঘালয়ত অসমৰ বাহন আৰু চালকসকলৰ ওপৰত চলি থকা নিৰ্যাতনৰ প্ৰতিবাদত চুবুৰীয়া ৰাজ্যখনলৈ পেট্ৰ’ল, ডিজেল আৰু এলপিজি কঢ়িওৱা সকলো ধৰণৰ বাহনৰ চলাচল অনিৰ্দিষ্টকালৰ বাবে বন্ধ ঘোষণা কৰিছে উত্তৰ-পূব পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে। মেঘালয় চৰকাৰে অসমৰ পঞ্জীয়নভুক্ত বাণিজ্যিক তথা পৰ্যটন বাহনসমূহৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত নকৰালৈকে এই সিদ্ধান্ত বাহাল থাকিব বুলি শুকুৰবাৰে স্পষ্ট কৰি দিয়ে শ্ৰমিক সংগঠনটোৱে।

সংগঠনটোৰ সাধাৰণ সম্পাদক ৰমেন ডেকাই জনোৱা অনুসৰি, মেঘালয়ৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত পেট্ৰ’লিয়ামজাত সামগ্ৰী উঠোৱা আৰু নমাোৱা কাৰ্যও সম্পূৰ্ণৰূপে স্থগিত ৰখা হৈছে। এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰি সাধাৰণ সম্পাদকগৰাকীয়ে কয়, “যিহেতু পেট্ৰ’লিয়ামজাত সামগ্ৰীসমূহ অত্যন্ত দাহ্য পদাৰ্থ, গতিকে বাহন আৰু চালকসকলৰ নিৰাপত্তাৰ স্বাৰ্থতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰিস্থিতি উন্নত নহ’লে আমাৰ সদস্যসকলে মেঘালয়লৈ কোনো ধৰণৰ ইন্ধন সৰবৰাহ নকৰে; অহৰহ ভয় আৰু ভাবুকিৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাটো সম্ভৱ নহয়।”

ইফালে, দুয়োখন ৰাজ্যৰ মাজত সৃষ্টি হোৱা এই অচলাৱস্থাৰ ফলত বাণিজ্যিক টেক্সি সেৱাও ব্যাপকভাৱে ব্যাহত হৈ পৰিছে। পৰিস্থিতি অধিক জটিল হোৱাৰ পৰিপ্ৰেক্ষিতত অসম আৰু মেঘালয় উভয় প্ৰশাসনেই এজনে আনজনৰ ৰাজ্যৰ পঞ্জীয়নভুক্ত বাণিজ্যিক বাহনৰ প্ৰৱেশত বাধা আৰোপ কৰা বুলি জানিব পৰা গৈছে।

আন্তঃৰাজ্যিক সীমান্তৰ উত্তেজনাই এতিয়া সমগ্ৰ মেঘালয়ৰ লগতে ৰাজধানী শ্বিলং চহৰতো প্ৰভাৱ পেলাইছে। যিকোনো অনাকাংক্ষিত পৰিস্থিতি ৰোধ কৰিবলৈ শ্বিলঙৰ স্পৰ্শকাতৰ স্থানসমূহত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ তহল বৃদ্ধি কৰা হৈছে। দুয়োখন ৰাজ্যৰ প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ চেষ্টা চলাই থকাৰ মাজতে এই ইন্ধন অৱৰোধে মেঘালয়ত গভীৰ সংকট সৃষ্টি কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us