ৰাণীত ১৭৫ বেটেলিয়ান মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱস গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ নং চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত আজি দিনজোৰা কাৰ্য্যসূচীৰে অতি উলহ-মালহেৰে উদ্যাপন কৰা হয়। উল্লেখ্য যে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী সম্পর্কীয় ইতিহাস হ’ল ১৯৩৯ চনৰ ২৭ জুলাইত ক্রাউন প্রতিনিধি আৰক্ষী নামেৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী...








