Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

দুৰ্নীতিৰ অভিযোগত নাম সাঙোৰ খোৱা আইএএছ বিষয়াক শিক্ষা সচিব! কেন্দ্ৰৰ সিদ্ধান্তক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

Table of Content

যেন উদক ভেটা ৰখীয়া পাতিলে চৰকাৰে! দুৰ্নীতিৰ অভিযোগত নাম সাঙোৰ খাই পৰা আইএএছ বিষয়া নৰেশ পাল গাংৱাৰক দেশৰ নতুন উচ্চ শিক্ষা সচিব হিচাপে নিযুক্তি দিয়াৰ পিছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিষয়াগৰাকীৰ বিৰুদ্ধে পূৰ্বে নিজৰ পৰিয়ালৰ সদস্যক চৰকাৰী ৰাজসাহায্য আদায় দিয়াত স্বাৰ্থৰ সংঘাতৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগসমূহ এতিয়াও প্ৰমাণিত হোৱা নাই যদিও এনে অভিযোগত নাম সাঙোৰ খোৱা এজন জ্যেষ্ঠ বিষয়াক শিক্ষা মন্ত্ৰালয়ৰ অন্যতম গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াক লৈ আৰম্ভ হৈছে ব্যাপক বিতৰ্ক।

বৃহস্পতিবাৰে নিশা কেন্দ্ৰীয় চৰকাৰে শিক্ষা মন্ত্ৰালয়ৰ আমোলাতান্ত্ৰিক পুনৰ্গঠনৰ অংশ হিচাপে নৰেশ পাল গাংৱাৰক উচ্চ শিক্ষা বিভাগৰ সচিব হিচাপে নিযুক্তি দিয়ে। পূৰ্বৰ সচিব বিনীত যোশীক পঞ্চায়তীৰাজ মন্ত্ৰালয়লৈ বদলি কৰা হৈছে।

যোৱা প্ৰায় দুমাহ ধৰি নিট-ইউজি প্ৰশ্নকাকত ফাদিল, চিবিএছই মূল্যায়নক লৈ সৃষ্টি হোৱা বিতৰ্ক আৰু ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ)-ৰ কাৰ্যপদ্ধতিক কেন্দ্ৰ কৰি শিক্ষা মন্ত্ৰালয় তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টিৰ নেতৃত্বত অব্যাহত আছে শিক্ষাৰ্থীৰ প্ৰতিবাদ।

এনে পৰিস্থিতিত শিক্ষা মন্ত্ৰালয়ৰ শীৰ্ষ আমোলাক সলনি কৰাৰ সিদ্ধান্তক কেন্দ্ৰীয় চৰকাৰৰ এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক পদক্ষেপ হিচাপে ধৰা হৈছিল। কিন্তু নিযুক্তিৰ ঘোষণা হোৱাৰ কিছু সময়ৰ ভিতৰতে গাংৱাৰৰ পূৰ্বৰ বিতৰ্কক লৈ পুনৰ সৰৱ হৈ উঠে সামাজিক মাধ্যম।

সংবাদ প্ৰতিষ্ঠান ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’-এ চলিত বৰ্ষৰ জুন মাহত প্ৰকাশ কৰা এক অনুসন্ধানমূলক প্ৰতিবেদনত অভিযোগ কৰা হৈছিল যে, ৰাষ্ট্ৰীয় উদ্যান শস্য ব’ৰ্ডৰ সৈতে জড়িত হৈ থকা সময়ত গাংৱাৰৰ মাতৃ, পত্নী আৰু পুত্ৰই ‘প্ৰ’টেক্টেড কাল্টিভেচন স্কীম’ৰ অধীনত প্ৰায় ১.১৬ কোটি টকাৰ ৰাজসাহায্য লাভ কৰিছিল। সেই সময়তে এই অনুমোদনসমূহ স্বাৰ্থৰ সংঘাত সৃষ্টি কৰা বুলিও প্ৰশ্ন উত্থাপন হৈছিল।

শিক্ষা মন্ত্ৰালয়লৈ গাংৱাৰৰ নিযুক্তিৰ পিছতে সেই অভিযোগ পুনৰ উত্থাপন কৰি সামাজিক মাধ্যমত ব্যাপক আলোচনা আৰম্ভ হয়। নিট আন্দোলনত জড়িত বহু প্ৰতিবাদকাৰীয়েও চৰকাৰৰ এই সিদ্ধান্তক প্ৰশ্নবিদ্ধ কৰে।

অৱশ্যে নৰেশ পাল গাংৱাৰে সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে। ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ক দিয়া সাক্ষাৎকাৰত বিষয়াগৰাকীয়ে কয় যে, তেওঁৰ মাতৃ আৰু পুত্ৰ ‘অল ইণ্ডিয়া ছাৰ্ভিছেছ (কণ্ডাক্ট) ৰুলছ’ অনুসৰি নিৰ্ভৰশীল পৰিয়ালৰ সদস্য নহয়। পত্নীৰ সম্পত্তি সম্পৰ্কীয় সকলো তথ্যও বিধি অনুসৰি ঘোষণা কৰা হৈছিল বুলি তেওঁ দাবী কৰে।

উল্লেখযোগ্য যে, কোনো চৰকাৰী তদন্ত বা অনুসন্ধানত এতিয়ালৈকে গাংৱাৰে আইন বা সেৱা-আচৰণবিধি উলংঘা কৰাৰ প্ৰমাণ পোৱা হোৱা নাই। কিন্তু শিক্ষা ব্যৱস্থাৰ ওপৰত জনবিশ্বাস পুনৰ প্ৰতিষ্ঠাৰ চেষ্টা চলি থকা সময়তে এনে বিতৰ্কিত অতীত থকা বিষয়াক দায়িত্ব দিয়াক লৈ ৰাজনৈতিক আৰু সামাজিক মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us