অসমৰ বৈজ্ঞানিক সমাজৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। মানস ৰাষ্ট্ৰীয় উদ্যানত Osbeckia Assamensis নামৰ উদ্ভিদ প্ৰজাতিৰ আৱিষ্কাৰ। এই কথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত সদৰী কৰিছে। তেওঁ উল্লেখ কৰিছে এই আৱিষ্কাৰে ৰাজ্যখনৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্যৰ বিষয়ে আমাৰ জ্ঞান অধিক সমৃদ্ধ কৰাৰ লগতে গৱেষণা আৰু সংৰক্ষণৰ ক্ষেত্ৰত অব্যাহত থকা প্ৰচেষ্টাৰ গুৰুত্বকো প্ৰতিফলিত কৰিছে।
এই গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ সৈতে জড়িত সমগ্ৰ দলটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।”








