Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

চান্দেল-টেংনৌপালত অসম ৰাইফেলছৰ সফল অভিযান, ৭ বিদ্ৰোহী আটকৰ লগতে AK-47 জব্দ

Table of Content

ধাৰাবাহিক চোৰাংচোৱা তথ্যভিত্তিক অভিযান চলাই অসম ৰাইফেলছৰ জোৱানে মণিপুৰত নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনৰ সাতজন কেডাৰক আটক কৰে।
ভাৰত-ম্যানমাৰ সীমান্তৰ লগতে চান্দেল, টেংনৌপাল আৰু কাকচিং জিলাত চলোৱা এই অভিযানত এটা এ কে-৪৭ ৰাইফল, দুটা ম’ল’টভ ককটেইল আৰু পাঁচ জাই .২২ এমুনিচনৰ জীৱন্ত গুলি উদ্ধাৰ কৰা হয়। আটক কৰা আটাইকেইজন কেডাৰ আৰু উদ্ধাৰ হোৱা সামগ্ৰীসমূহ পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে সংশ্লিষ্ট আৰক্ষী থানাত হস্তান্তৰ কৰা হয়। এই সফল অভিযানে মণিপুৰত নিৰাপত্তা আৰু শান্তি বজায় ৰখাৰ ক্ষেত্ৰত অসম ৰাইফেলছৰ প্ৰতিশ্ৰুতিক পুনৰ প্ৰমাণ কৰিলে।
আন এক অভিযানত আবকাৰী আৰু মাদক দ্ৰব্য নিয়ন্ত্ৰণ বিভাগৰ সৈতে যুটীয়াভাৱে চলোৱা অভিযানত অসম ৰাইফেলছৰ জোৱানে দেওবাৰে মিজোৰামৰ ছিয়াহা জিলাৰ ছিয়াছি গাঁৱৰ পৰা প্ৰায় ৩.০১ কোটি টকা মূল্যের ৪০১ গ্ৰাম ওজনৰ ৩৩ পেকেট হেৰোইন উদ্ধাৰ কৰে।
অভিযানত দুজন ম্যানমাৰৰ নাগৰিকক আটক কৰাৰ লগতে দুটা ম’বাইল ফোনো জব্দ কৰা হয়। আটক কৰা ব্যক্তি দুজন, উদ্ধাৰ হোৱা নিচাযুক্ত দ্ৰব্য আৰু জব্দ কৰা ম’বাইল ফোনসমূহ পৰৱৰ্তী তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ বাবে ছিয়াহাৰ আবকাৰী আৰু মাদক দ্ৰব্য নিয়ন্ত্ৰণ বিভাগক গতাই দিয়া হয়।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us