Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি

Table of Content

অসমৰ উদ্যোগ খণ্ডত আত্মনিৰ্ভৰশীলতা, দক্ষতা বিকাশ, গৱেষণা, প্রশিক্ষণ, উদ্ভাৱনক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসমৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ প্রতিষ্ঠানৰ অধীনস্থ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্রশাসন বিভাগৰ মাজত   এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়।

উল্লেখযোগ্য যে উক্ত চুক্তিৰ অধীনত উদ্যোগ স্থাপনৰ বাবে প্রয়োজনীয় জ্ঞান আৰু দক্ষতা প্রদান, প্রশিক্ষণ, মেণ্টৰশ্বিপ, গৱেষণা, পৰামৰ্শমূলক কাৰ্যসূচী, কর্মশালা, আলোচনাচক্র আৰু অন্যান্য সহযোগিতামূলক কার্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত ‘বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ’ব। 

অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শর্মা, ব্যৱসায় প্রশাসন বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মনশ্ৰী মহন্ত, অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটীয়া সঞ্চালক শান্তনু দেউৰী, উপাচাৰ্যৰ সচিব তথা জনসম্পৰ্কৰক্ষী বিষয়া ডঃ মৃণালজ্যোতি ডেকা, ডঃ সমীৰ সৰকাৰ, আইন বিষয়া দীপক তালুকদাৰ ,  কোষাধ্যক্ষকে ধৰি কেবাজনো বিষয়া উপস্থিত আছিল ।

Sonakshi Sarkar

https://khabarprabah.in/

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us