হিংসাজৰ্জৰ মণিপুৰক লৈ এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াইছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ৰাজ্যখনৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ সংঘাতক কেন্দ্ৰ কৰি ২০২৩ চনত সূত্ৰপাত ঘটা হিংসাত্মক ঘটনাসমূহৰ সৈতে জড়িত ফৌজদাৰী গোচৰৰ দৈনিক শুনানিৰ বাবে বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায় উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে গোচৰটোৰ শুনানি গ্ৰহণ কৰি আদালতে বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰগতিত সম্পন্ন কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।
মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহানাক লৈ গঠিত বিচাৰপীঠে লক্ষ্য কৰে যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই) আৰু মণিপুৰ বিশেষ তদন্তকাৰী দলে (এছআইটি) দাখিল কৰা একাধিক অভিযোগপত্ৰ এতিয়াও ভুক্তভোগী বা তেওঁলোকৰ পৰিয়ালৰ হাতত উপনীত হোৱা নাই।
এই পৰিপ্ৰেক্ষিতত ভুক্তভোগীৰ হৈ নিযুক্ত আইনী সাহায্যৰ অধিবক্তাসকলক গুৱাহাটী উচ্চ ন্যায়ালয় আৰু মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ৰ জৰিয়তে অভিযোগপত্ৰ সংগ্ৰহ কৰাৰ অনুমতি দিয়ে বিচাৰপীঠে। লগতে চিবিআই আৰু এছআইটিক এসপ্তাহৰ ভিতৰত অভিযোগপত্ৰৰ অনুলিপি প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে।
আদালতে মণিপুৰ চৰকাৰ, এছআইটি আৰু চিবিআইৰ হৈ উপস্থিত অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটীক তদন্ত সম্পূৰ্ণ হোৱা আৰু অভিযোগপত্ৰ দাখিল কৰা গোচৰৰ লগতে এতিয়াও তদন্ত অব্যাহত থকা গোচৰৰ পূৰ্ণাংগ বিৱৰণী দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে।
বিচাৰপীঠে কয় যে এই তথ্যৰ ভিত্তিত কিমানসংখ্যক বিশেষ আদালতৰ প্ৰয়োজন হ’ব, সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা সম্ভৱ হ’ব।
ইয়াৰ উপৰিও ২০২৩ চনৰ হিংসাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা ৩০ গৰাকী লোকৰ গোচৰসমূহ পুনৰ পৰীক্ষা কৰিবলৈ মণিপুৰ উচ্চ ন্যায়ালয়ক নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।
চিবিআই, ৰাজ্যিক এছআইটি আৰু উচ্চতম ন্যায়ালয়ে নিযুক্ত কৰা প্ৰাক্তন মহাৰাষ্ট্ৰ আৰক্ষী সঞ্চালক প্ৰধান দত্তাত্ৰেয় পাডছালগীকাৰৰ নেতৃত্বাধীন পৰ্যৱেক্ষণ সমিতিকো তদন্তৰ অগ্ৰগতি সন্দৰ্ভত নতুন স্থিতি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
উল্লেখযোগ্য যে, ২০২৩ চনৰ ৩ মে’ত অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীৰ বিৰুদ্ধে পাহাৰীয়া জিলাসমূহত আয়োজন কৰা ‘ট্ৰাইবেল ছলিডেৰিটি মাৰ্চ’ৰ পিছতে মণিপুৰত ব্যাপক জাতিগত সংঘাতৰ সূত্ৰপাত হৈছিল। এই সংঘাতত এতিয়ালৈকে ২০০ৰো অধিক লোকৰ মৃত্যু হৈছে, শতাধিক লোক আহত হৈছে আৰু হাজাৰ হাজাৰ লোকে ঘৰ-বাৰী এৰি স্থানচ্যুত হ’বলগীয়া হৈছে।








