বিদ্যালয়ৰ দুৰৱস্থা পৰিদৰ্শন কৰিবলৈ গৈ ৰাজস্থানত আক্ৰমণৰ সন্মুখীন চিজেপি কৰ্মী! শিক্ষামন্ত্ৰীক ৪৮ ঘণ্টাৰ আল্টিমেটাম
ৰাজহুৱা বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা পৰিদৰ্শন কৰিবলৈ গৈ ৰাজস্থানৰ জয়পুৰত দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণৰ সন্মুখীন হ’ল ‘ককৰোচ জনতা পাৰ্টী’ৰ কৰ্মী-সমৰ্থক। জয়পুৰৰ বগৰু অঞ্চলৰ অন্তৰ্গত ৰামপুৰা কঁৱৰপুৰাত দলটোৰ প্ৰতিনিধি দলটোক স্থানীয় লোক আৰু একাংশ দুৰ্বৃত্তই খেদি খেদি প্ৰহাৰ কৰাৰ লগতে বাহনসমূহত ব্যাপক আক্ৰমণ চলায়। আনহাতে, শাসকীয় দল বিজেপিৰ আশীৰ্বাদপুষ্ট দুৰ্বৃত্তইহে এই আক্ৰমণ সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে...








